সাগৰত হাহাকাৰঃ এখন নাৱে কাঢ়িলে ১৫ গৰাকীৰ প্ৰাণ, কথমপি প্ৰাণ ৰক্ষা ২১ জনৰ

সাগৰত হাহাকাৰঃ এখন নাৱে কাঢ়িলে ১৫ গৰাকীৰ প্ৰাণ, কথমপি প্ৰাণ ৰক্ষা ২১ জনৰ

সাগৰত এখন পৰ্যটক ভৰ্তি নাও ডুব গৈ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । ১৫ গৰাকীকৈ ভাৰতীয় পৰ্যটকৰ সৈতে সংঘটিত হৈছে শোকাৱহ ঘটনা । পৰ্যটকেৰে ভৰা এখন নাও সাগৰত ডুব গৈ সংঘটিত হৈছে এক ভয়ংকৰ অঘটন । এই ঘটনাত ১৫ গৰীকা পৰ্যটকৰ মৃত্যু হোৱাৰ বিপৰীতে আন

সাগৰত এখন পৰ্যটক ভৰ্তি নাও ডুব গৈ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । ১৫ গৰাকীকৈ ভাৰতীয় পৰ্যটকৰ সৈতে সংঘটিত হৈছে শোকাৱহ ঘটনা ।


পৰ্যটকেৰে ভৰা এখন নাও সাগৰত ডুব গৈ সংঘটিত হৈছে এক ভয়ংকৰ অঘটন । এই ঘটনাত ১৫ গৰীকা পৰ্যটকৰ মৃত্যু হোৱাৰ বিপৰীতে আন ২১ গৰাকীক জীৱন্তে উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে । মৃত্যু হোৱা আটাইকেইগৰাকী পৰ্যটকেই ভাৰতীয় বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে । শনিবাৰে ভিয়েটনামৰ ফু কুৱক দ্বীপৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা । সাগৰত পৰ্যটক ভৰ্তি নাওখন ওলটি যোৱাৰ ফলতে সংঘটিত হয় এই কৰুণ ঘটনা ।

ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় প্ৰশাসনে সাহাৰ্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । বৰ্তমান ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে সংগ্ৰ ঘটনাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে স্থানীয় প্ৰশাসনৰ সৈতে ধাৰাবাহিক যোগাযোগ অব্যাহত ৰাখিছে । এই কৰুণ ঘটনাত প্ৰভাৱিত পৰিয়ালসমূহক সহায় কৰিবলৈ হো চি মিন চিটী আৰু হানয়ত জৰুৰীকালীন সঁহাৰি কেন্দ্ৰও স্থাপন কৰা হৈছে ।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, স্থানীয় প্ৰশাসনৰ মতে নাওখনত মুঠ ৩৬ গৰাকী যাত্ৰী আছিল । ইয়াৰ ভিতৰত ৩২ গৰাকী ভাৰতীয় পৰ্যটক, ৩ গৰাকী ক্ৰু মেম্বৰ (নাৱিক) আৰু ১ গৰাকী এটেণ্ডেণ্ট আছিল । দুৰ্ঘটনাটোত ১৫ গৰাকী ভাৰতীয় পৰ্যটকে প্ৰাণ হেৰুৱায় আৰু বাকী ২১ গৰাকী লোকক উদ্ধাৰ কৰা হয় ।

ভাৰতীয় দূতাৱাসৰ পোষ্ট

এই শোকাৱহ ঘটনাৰ পিছতে ভিয়েটনামস্থিত বাৰতীয় দূতাবাসে এক্স-ত এটা পোষ্ট শ্বেয়াৰ কৰি এই কথা নিশ্চিত কৰে । দূতাৱাসে নিজৰ টুইটত লিখিছে-

“এক অত্যন্ত বেদনাদায়ক ঘটনাত, কেইঘণ্টামান পূৰ্বে ভিয়েটনামৰ ফু কুৱক দ্বীপৰ ওচৰত কেইবাগৰাকীও ভাৰতীয় পৰ্যটকক কঢ়িয়াই নিয়া এখন নাও ডুব গৈছে । দুৰ্ঘটনাটোৰ সঠিক সবিশেষ জানিবলৈ চেষ্টা চলাই থকা হৈছে আৰু স্থানীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা বৰ্তমান সন্ধান তথা উদ্ধাৰ অভিযান অব্যাহত আছে ।”

প্ৰকাশিত বাতৰি অনুসৰি নাওখন হোন মে ৰুট দ্বীপৰ পৰা আন থোই বন্দৰলৈ ঘূৰি আহিছিল । এই সময়ছোৱাতে উপকূলৰ পৰা প্ৰায় ৪০০ মিটাৰ দূৰত সাগৰত নাওখন ওলটি পৰে । প্ৰাথমিক তথ্য অনুসৰি, সেই সময়ত সাগৰ যথেষ্ট অশান্ত আছিল, যাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হয় । অৱশ্যে ঘটনাৰ প্ৰকৃত কাৰণ সম্পৰ্কে এতিয়াও তদন্ত চলি আছে ।

সহায়ৰ বাবে নিয়ন্ত্ৰণ কক্ষ আৰু হেল্পলাইন নম্বৰ

ইতিমধ্যে প্ৰভাৱিত পৰিয়ালসমূহক সহায় আৰু তথ্য প্ৰদান কৰিবলৈ হো চি মিন চিটীত থকা ভাৰতীয় দূতাৱাসত এটা নিয়ন্ত্ৰণ কক্ষ প্ৰস্তুত কৰা হৈছে । সহায়ৰ বাবে তেওঁলোকে কেইটামান নম্বৰ মুকলি কৰিছে- +84 36 281 7930, +84 91 552 37 14, +84 33 452 0414 ।

ইয়াৰ উপৰিও হানয়তো এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে, যাৰ হেল্পলাইন নম্বৰ হৈছে +84 91 308 9165 । দূতাৱাসে, তেওঁলোকে এই ঘটনা সম্পৰ্কীয় যিকোনো ধৰণৰ তথ্য আৰু সহায়ৰ বাবে ২৪ ঘণ্টাই সাজু আছে বুলি উল্লেখ কৰিছে ।

লগতে পঢ়ক : প্ৰকৃতিৰ কোপদৃষ্টিত ‘দেৱভূমি’: হাহাকাৰ পৰিস্থিতি, ১০ জুলাইলৈ ৰেড এলাৰ্ট জাৰি

শেহতীয়া প্ৰৱন্ধসমূহ