পুনৰ কাৰাগাৰলৈ যাব ৰাজপাল যাদৱ; উচ্চ ন্যায়ালয়ৰ ৰায়দান

পুনৰ কাৰাগাৰলৈ যাব ৰাজপাল যাদৱ; উচ্চ ন্যায়ালয়ৰ ৰায়দান

শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে একাধিক চেক বাউন্স গোচৰত অভিনেতা ৰাজপাল যাদৱক দোষী সাব্যস্ত কৰা ৰায়ক গৃহীত কৰে। বলিউডৰ বিখ্যাত কমেডিয়ান অভিনেতা ৰাজপাল যাদৱক দিল্লী উচ্চ ন্যায়ালয়ে (High Court) এক ডাঙৰ আঘাত দিছে। চেক বাউন্সৰ এক গোচৰত আদালতে পুনৰ তেওঁক ৩ মাহৰ কাৰাদণ্ডৰ শাস্তি বিহিছে। শুকুৰবাৰে

শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে একাধিক চেক বাউন্স গোচৰত অভিনেতা ৰাজপাল যাদৱক দোষী সাব্যস্ত কৰা ৰায়ক গৃহীত কৰে।

বলিউডৰ বিখ্যাত কমেডিয়ান অভিনেতা ৰাজপাল যাদৱক দিল্লী উচ্চ ন্যায়ালয়ে (High Court) এক ডাঙৰ আঘাত দিছে। চেক বাউন্সৰ এক গোচৰত আদালতে পুনৰ তেওঁক ৩ মাহৰ কাৰাদণ্ডৰ শাস্তি বিহিছে। শুকুৰবাৰে এই শুনানী গ্ৰহণ কৰি আদালতে এই ৰায় প্ৰদান কৰে আৰু শাস্তিৰ লগতে অভিনেতাগৰাকীক জৰিমনাও বিহে। ইয়াৰ উপৰিও শাস্তি বাহাল ৰাখি ৰাজপাল যাদৱৰ আচৰণক ‘সন্দেহজনক’ বুলি অভিহিত কৰে আৰু কৰ্তৃপক্ষক তেওঁক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে।

দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ ৰায়দানত ৰাজপাল যাদৱৰ সেই প্ৰত্যাহ্বানক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে, য’ত তেওঁ নিম্ন আদালতৰ ৰায় খাৰিজ কৰাৰ দাবী জনাইছিল। ইয়াৰ লগে লগে চেক বাউন্সৰ গোচৰসমূহত তেওঁৰ দোষী সাব্যস্তকৰণ আৰু শাস্তি অপৰিৱৰ্তিত থাকিব।

এই গোচৰটো কেইবাটাও চেক বাউন্সৰ ঘটনাৰ সৈতে জড়িত, য’ত ট্ৰায়েল কোৰ্টে অভিনেতাগৰাকীক দোষী সাব্যস্ত কৰিছিল। ৰাজপাল যাদৱে এই ৰায়ক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল, কিন্তু শুকুৰবাৰে আদালতে তেওঁৰ আবেদন খাৰিজ কৰে। ২০১৮ চনত ট্ৰায়েল কোৰ্টে ৰাজপাল যাদৱ আৰু তেওঁৰ পত্নীক এই গোচৰসমূহত ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি বিহিছিল, যাক পিছলৈ চেশ্যন কোৰ্টেও বাহাল ৰাখিছিল।

দিল্লী উচ্চ ন্যায়ালয়ে পিছত এই শাস্তিৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিছিল আৰু বাকী থকা ধন পৰিশোধ কৰাৰ বাবে কেইবাটাও সুযোগ দিছিল। কিন্তু আদালতৰ মতে, বাৰে বাৰে আশ্বাস দিয়াৰ পাছতো ধন পৰিশোধ প্ৰক্ৰিয়া সম্পূৰ্ণ নহ’ল। এই কাৰণেই উচ্চ ন্যায়ালয়ে তেওঁৰ অন্তৱৰ্তীকালীন সকাহ প্ৰত্যাহাৰ কৰি তেওঁক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে।

আদালতে এইটোও স্বীকাৰ কৰিছে যে অভিনেতাগৰাকী পলাই যোৱা নাই আৰু তেওঁ ধাৰাবাহিকভাৱে আদালতত হাজিৰ হৈ আছে। ইয়াৰ উপৰিও তেওঁ ইতিমধ্যে কিছু ধন পৰিশোধ কৰিছে, গতিকে বৰ্তমান তেওঁক জে’ললৈ পঠিওৱাৰ প্ৰয়োজন নাই।

লগতে পঢ়ক: প্ৰিয়ংকা চোপ্ৰাই শ্বেয়াৰ কৰিলে ‘দ্য চাইকেল অৱ লাভ’ ৰ ট্ৰেইলাৰ; মুক্তিৰ তাৰিখো ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ