প্ৰকৃতিৰ কোপদৃষ্টিত ‘দেৱভূমি’: হাহাকাৰ পৰিস্থিতি, ১০ জুলাইলৈ ৰেড এলাৰ্ট জাৰি

 প্ৰকৃতিৰ কোপদৃষ্টিত ‘দেৱভূমি’: হাহাকাৰ পৰিস্থিতি, ১০ জুলাইলৈ ৰেড এলাৰ্ট জাৰি  

দেৱভূমি উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ভূমিস্খলনৰ ফলত উত্তৰকাশীৰ গংগোত্ৰী আৰু যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়া হৈছে। ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনে বৰ্তমান দেৱভূমি উত্তৰাখণ্ডৰ জনজীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তুলিছে । ৰাজ্যখনত সক্ৰিয় হৈ পৰা প্ৰবল মৌচুমী বায়ুৰ প্ৰভাৱত বিগত ২৪ ঘণ্টাত কেইবাঠাইতো

দেৱভূমি উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ভূমিস্খলনৰ ফলত উত্তৰকাশীৰ গংগোত্ৰী আৰু যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়া হৈছে।

ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনে বৰ্তমান দেৱভূমি উত্তৰাখণ্ডৰ জনজীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তুলিছে । ৰাজ্যখনত সক্ৰিয় হৈ পৰা প্ৰবল মৌচুমী বায়ুৰ প্ৰভাৱত বিগত ২৪ ঘণ্টাত কেইবাঠাইতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । পৰিস্থিতিৰ গুৰুত্বতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত বতৰ বিজ্ঞান বিভাগ-এ ৰাজ্যখনৰ কেইবাখনো জিলাত অহা ১০ জুলাইলৈকে ‘ৰেড এলাৰ্ট’ জাৰি কৰিছে ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী অনুসাৰ, ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰীয়া অঞ্চলসমূহত ভূমিস্খলন, ভৈয়ামত বানপানী আৰু নৈসমূহৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে যোৱাৰ তীব্ৰ আশংকা বৃদ্ধি পাইছে ।

১০ জুলাইলৈকে কোন কোন জিলাত ৰেড আৰু অৰেঞ্জ এলাৰ্ট?

IMD ডেৰাডুনৰ পূৰ্বানুমান অনুসৰি, ৯ আৰু ১০ জুলাইত ৰাজ্যখনৰ আকাশত ডাৱৰৰ গৰ্জন, বিজুলী-ধেৰেকণিৰ লগতে অতি ধাৰাসাৰ বৰষুণ হ’ব পাৰে । জিলা ভিত্তিত বতৰৰ সতৰ্কবাণীসমূহ এনেধৰণৰ :

ৰেড এলাৰ্ট (অত্যন্ত ধাৰাসাৰ বৰষুণ): উধম সিং নগৰ, নৈনীতাল, চম্পাৱত, ডেৰাডুন, পৌডী ।

অৰেঞ্জ এলাৰ্ট (ধেৰেকণি আৰু ধাৰাসাৰ বৰষুণ): টিহৰী, হৰিদ্বাৰকে ধৰি অন্যান্য পাৰ্শ্বৱৰ্তী জিলাসমূহ ।

প্ৰশাসনে এই দিনকেইটাত স্থানীয় ৰাইজ তথা পৰ্যটকসকলক অতি জৰুৰী কাম নাথাকিলে যাত্ৰা নকৰিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ কঠোৰ নিৰ্দেশনা দিছে ।

প্ৰবল বৰষুণৰ বাবে ডেৰাডুনত শিক্ষানুষ্ঠান বন্ধ

ৰাজধানী ডেৰাডুনত বৰষুণৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ বাবে জিলা প্ৰশাসনে এক জৰুৰী পদক্ষেপ গ্ৰহণ কৰিছে । বৃহস্পতিবাৰ, ৯ জুলাইৰ পৰা জিলাখনৰ সকলো চৰকাৰী-বেচৰকাৰী স্কুল আৰু অংগনবাড়ী কেন্দ্ৰসমূহ বন্ধ ঘোষণা কৰা হৈছে । বতৰ বিজ্ঞান বিভাগৰ মতে, ডেৰাডুনত অনাগত কেইটামান দিনলৈ বৰষুণৰ এই ধাৰা অব্যাহত থাকিব পাৰে, যাৰ বাবে শিক্ষাৰ্থীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে ।

কোটদ্বাৰত প্ৰলয়ংকাৰী বান পৰিস্থিতি: বিপদাপন্ন জনজীৱন

উত্তৰাখণ্ডৰ কোটদ্বাৰ চহৰত যোৱা নিশাৰ পৰা হোৱা ধাৰাসাৰ বৰষুণে এক প্ৰকাৰৰ জলপ্ৰলয়ৰ সৃষ্টি কৰিছে । চহৰখনৰ মুখ্য পথৰ পৰা আৰম্ভ কৰি উপ-পথসমূহ এতিয়া একো একোখন নদীত পৰিণত হৈছে । ঠায়ে ঠায়ে ঘুটমা পানী জমা হোৱাৰ বাবে যান-বাহন চলাচল সম্পূৰ্ণ বন্ধ হৈ পৰিছে ।

কোটদ্বাৰৰ বহু ঠাইত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে নিজৰ জীৱন হাতৰ মুঠিত লৈ ৰাস্তাৰ কাষৰ দেৱালত ধৰি ধৰি স্কুললৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসাৰ, পৌৰসভাৰ পানী নিষ্কাষণৰ সুব্যৱস্থা কেৱল কাগজ-পত্ৰতে সীমাবদ্ধ থকাৰ বাবেই সামান্য বৰষুণতে চহৰখন পুখুৰীলৈ ৰূপান্তৰিত হয় । বৰ্তমান SDRF আৰু উদ্ধাৰকাৰী দলসমূহক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে সষ্টম কৰি ৰখা হৈছে ।

লগতে পঢ়ক: বৰষুণ-কৃত্ৰিম বানত বিপৰ্যস্ত ৰাজধানীৰ জনজীৱন, ‘ৰেড’ আৰু ‘অৰেঞ্জ’ এলাৰ্ট জাৰি