কাৰাগাৰৰ ভিতৰত ৰক্তক্ষয়ী সংঘাত, ২৫ জনৰ মৃত্যু, এশৰো অধিক আহত

কাৰাগাৰৰ ভিতৰত ৰক্তক্ষয়ী সংঘাত, ২৫ জনৰ মৃত্যু, এশৰো অধিক আহত

কাৰাগাৰৰ ভিতৰতে কয়দীৰ মাজত ভয়ংকৰ ৰক্তাক্ত সংঘাত । ২৫ জন থিতাতে নিহত! কাৰাগাৰৰ ভিতৰত সংঘটিত হৈছে এক ভয়ংকৰ আৰু ৰক্তাক্ত হিংসাত্মক ঘটনা । কাৰাগাৰৰ ভিতৰত কয়দীসকলৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষৰ ফলত কমেও ২৫ জন লোকৰ মৃত্যু হৈছে । এই ঘটনাত আন প্ৰায় ১০০ জন লোক

কাৰাগাৰৰ ভিতৰতে কয়দীৰ মাজত ভয়ংকৰ ৰক্তাক্ত সংঘাত । ২৫ জন থিতাতে নিহত!

কাৰাগাৰৰ ভিতৰত সংঘটিত হৈছে এক ভয়ংকৰ আৰু ৰক্তাক্ত হিংসাত্মক ঘটনা । কাৰাগাৰৰ ভিতৰত কয়দীসকলৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষৰ ফলত কমেও ২৫ জন লোকৰ মৃত্যু হৈছে । এই ঘটনাত আন প্ৰায় ১০০ জন লোক গুৰুতৰভাৱে আহত হৈছে । মৃতকৰ ভিতৰত কাৰাগাৰৰ কেইবাজনো শীৰ্ষ বিষয়া আৰু সুৰক্ষাকৰ্মী থকাৰো আশংকা কৰা হৈছে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত অৱশেষত সেনাক জৰুৰীকালীনভাৱে তলব কৰা হৈছে ।

কিয় জ্বলিল কাৰাগাৰ?

প্ৰাথমিক তথ্য অনুসৰি, এই জঘন্য হিংসাত্মক ঘটনাটো শ্ৰীলংকাৰ পশ্চিম উপকূলীয় চহৰ নেগোম্বোৰ এখন অত্যধিক ভিৰ থকা কাৰাগাৰত সংঘটিত হৈছে । প্ৰকাশিত খবৰ অনুসৰি, দেওবাৰে নিশা কাৰাগাৰখনৰ ভিতৰত কাৰাদণ্ড পোৱা কয়দী আৰু হাজোতী সকলৰ মাজত এক বিবাদৰ সূত্ৰপাত হৈছিল ।

প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পাইছে যে কাৰাগাৰৰ ভিতৰত সক্ৰিয় থকা এটা ড্ৰাগছ সৰবৰাহকাৰী গোট আৰু তাৰ বিৰোধিতা কৰা আন এটা গোটৰ মাজৰ শত্ৰুতাৰ বাবেই এই সংঘাতৰ আৰম্ভণি ঘটে । সোমবাৰে এই বিবাদে চৰম ৰূপ ধাৰণ কৰে ।

ভয়ংকৰ পৰিস্থিতি-

সোমবাৰে সংঘৰ্ষ চলি থকাৰ সময়তে একাংশ উত্তেজিত কয়দীয়ে কাৰাগাৰৰ অস্ত্ৰভাণ্ডাৰৰ পৰা চোকা সঁজুলি আৰু বন্দুক কাঢ়ি লয় । ইয়াৰ পিছতে পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় আৰু দুয়োপক্ষৰ মাজত মুকলি সংঘাত আৰম্ভ হয় ।

কাৰাগাৰৰ ক্ষমতা ১০ হাজাৰ, বন্দী আছিল ৩৯ হাজাৰ!

শ্ৰীলংকাৰ কাৰাগাৰ বিভাগৰ তথ্য অনুসৰি, দেশখনৰ কাৰাগাৰসমূহত কয়দী ধাৰণ কৰাৰ মুঠ ক্ষমতা মাত্ৰ ১০,০০০ জন । কিন্তু বৰ্তমান এই কাৰাগাৰসমূহত ৩৯,০০০ ৰো অধিক কয়দীক অত্যধিক ভিৰৰ মাজত ৰখা হৈছে । এই নেগোম্বো কাৰাগাৰখনো ইয়াৰ ব্যতিক্ৰম নাছিল, যাৰ বাবে কয়দীসকলৰ মাজত মানসিক ক্ষোভ আৰু সৰু সৰু কথাতে সংঘাত বৃদ্ধি পাই আহিছিল ।

বৰ্তমানৰ পৰিস্থিতি আৰু সেনা মোতায়েন

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি বৰ্তমান কাৰাগাৰখনৰ ভিতৰত সেনা আৰু আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ মোতায়েন কৰা হৈছে । শ্ৰীলংকাৰ সেনাৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ ৱাৰুণা গামাগেই জনোৱা মতে, আৰক্ষীক সহায় কৰিবলৈ আৰু আইন-শৃংখলা ঘূৰাই আনিবলৈ সেনাক হাই এলাৰ্টত ৰখা হৈছে । কাৰাগাৰৰ ভিতৰত এতিয়াও তালাচী আৰু উদ্ধাৰ অভিযান চলি আছে ।

লগতে পঢ়ক : নাটো সন্মিলনৰ পূৰ্বে ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ: মিছাইল আৰু ড্ৰোনৰ আঘাতত কঁপি উঠিল কিয়েভ

শেহতীয়া প্ৰৱন্ধসমূহ