অপেক্ষাৰ অন্ত: অ’টিটি প্লেটফৰ্মত মুক্তি লাভ দিলজিৎ দোচাঞ্জৰ পঞ্জাৱ ৯৫

অপেক্ষাৰ অন্ত: অ’টিটি প্লেটফৰ্মত মুক্তি লাভ দিলজিৎ দোচাঞ্জৰ পঞ্জাৱ ৯৫

দিলজিৎ দোচাঞ্জৰ ‘পাঞ্জাব ৯৫’ ছবিখনে ‘সতলুজ’ নামেৰে অ’টিটি প্লেটফৰ্মত মুক্তি লাভ কৰিছে। হানী ট্ৰেহানৰ পৰিচালনাত নিৰ্মিত এই ছবিখন মানৱ অধিকাৰ কৰ্মী যশৱন্ত সিং খালৰাৰ আধাৰত নিৰ্মিত। ‘পঞ্জাৱ ৯৫’ৰ মুক্তিৰ ক্ষেত্ৰত চেন্সৰশ্বিপৰ বাবে হোৱা পলমে যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছিল। অৱশেষত এই ছবিখন ০৩ জুলাই ২০২৬ ত

দিলজিৎ দোচাঞ্জৰ ‘পাঞ্জাব ৯৫’ ছবিখনে ‘সতলুজ’ নামেৰে অ’টিটি প্লেটফৰ্মত মুক্তি লাভ কৰিছে। হানী ট্ৰেহানৰ পৰিচালনাত নিৰ্মিত এই ছবিখন মানৱ অধিকাৰ কৰ্মী যশৱন্ত সিং খালৰাৰ আধাৰত নিৰ্মিত।

‘পঞ্জাৱ ৯৫’ৰ মুক্তিৰ ক্ষেত্ৰত চেন্সৰশ্বিপৰ বাবে হোৱা পলমে যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছিল। অৱশেষত এই ছবিখন  ০৩ জুলাই ২০২৬ ত অ’টিটি প্লেটফৰ্ম ত মুক্তি লাভ কৰিলে। সন্ধিয়া ৬ বজাত হঠাৎ মুক্তি দিয়াত দিলজিৎ-ৰ এই নতুন ছবিখন পুনৰ চৰ্চালৈ আহি পৰিছে। ‘পঞ্জাৱ ৯৫’ ছবিখনৰ নাম সলনি কৰি এতিয়া সতলুজ কৰা হৈছে। হানী ত্ৰেহানৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত দিলজিৎ দোচাঞ্জ, অৰ্জুন ৰামপাল, কঁৱলজিৎ সিং, সুৱিন্দৰ ৱিক্কী আৰু গীতিকা বিদ্যা ওল্যান মুখ্য ভূমিকাত আছে। ইয়াৰ ট্ৰেইলাৰ চোৱাৰ পিছৰে পৰা দৰ্শকে ছবিখনৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছিল।

মানৱাধিকাৰ কৰ্মী যশৱন্ত সিং খালৰাৰ জীৱনৰ দ্বাৰা অনুপ্ৰাণিত ছবি ‘সতলুজ’ হৈছে এনে এজন ব্যক্তিৰ কাহিনী, যিয়ে ভয়, ক্ষমতা আৰু নীৰৱতাৰ মাজতো সত্যৰ সন্ধানত অটল হৈ আছিল। সংঘাত আৰু অশান্তিৰ সময়ছোৱাৰ ওপৰত আধাৰিত এই ছবিখনে হাজাৰ হাজাৰ লোক ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱাৰ ভয়ংকৰ সত্য আৰু ন্যায়ৰ সন্ধানত থকা পৰিয়ালসমূহে ভৰিবলগীয়া হোৱা বৃহৎ মানৱীয় মূল্যক পোহৰলৈ আনিছে। ২৫,০০০ তকৈও অধিক নিৰুদ্দেশ হোৱা লোকৰ ন্যায় লাভৰ বাবে তেওঁ কৰা দশকজোৰা প্ৰচেষ্টাৰ বাবে তেওঁ এক গধুৰ ব্যক্তিগত মূল্য ভৰিবলগীয়া হৈছিল, যিয়ে তেওঁৰ সাহস, ত্যাগ আৰু ধৈৰ্য্যৰ কঠিন পৰীক্ষা লৈছিল। দিলজিৎ দোচাঞ্জৰ এই ছবিখনৰ প্ৰতিটো দৃশ্যই আপোনাৰ হৃদয় আৰু মনত সাঁচ বহুৱাব।

চলচ্চিত্ৰ নিৰ্মাতা আৰু কলা-কুশলীসকলে ছবিখনৰ অফিচিয়েল ট্ৰেইলাৰো মুকলি কৰিছে, যিটো দুমিনিটতকৈও অধিক দীঘলীয়া আৰু ই ১৯৯৫ চনৰ পঞ্জাৱৰ ৰাজনৈতিক আৰু সামাজিক পৰিৱেশক প্ৰদৰ্শন কৰে। এটা ভইচঅভাৰৰ জৰিয়তে, অৰ্জুন ৰামপালৰ চৰিত্ৰটোৱে কয় যে যেতিয়া আৰক্ষী বাহিনী উগ্ৰবাদৰ বিৰুদ্ধে যুঁজ দিয়াত ব্যস্ত আছিল, তেতিয়া একাংশ বিষয়াই নিজৰ স্বাৰ্থৰ বাবে পৰিস্থিতিৰ সুযোগ লৈছিল। ইয়াৰ পিছত ট্ৰেইলাৰত সুৱিন্দৰ ৱিক্কীৰ চৰিত্ৰটো এজন আৰক্ষী বিষয়া হিচাপে সন্মুখলৈ আহে, যিয়ে দিলজিৎ দোচাঞ্জৰ চৰিত্ৰ যশৱন্ত সিঙক আৰক্ষীৰ বিৰুদ্ধে মাত নামাতিবলৈ সকীয়াই দিয়ে আৰু কয় যে তেনে কৰিলে তেওঁ নিজৰ প্ৰাণ হেৰুৱাব লগা হ’ব পাৰে।

‘সতলুজ’ ছবিখনৰ কাহিনী আৰু নিজৰ চৰিত্ৰটোৰ বিষয়ে ক’বলৈ গৈ দিলজিৎ দোচাঞ্জে কয়: “ভাই যশৱন্ত সিং খালৰা জীৰ শ্বহীদত্ব আৰু মানৱতাৰ প্ৰতি তেওঁৰ অৱদানৰ বাবেই মই এই ছবিখনৰ অংশ হোৱাৰ সিদ্ধান্ত লৈছিলো। যেতিয়া মই প্ৰথমবাৰৰ বাবে ইয়াৰ চিত্ৰনাট্য শুনিছিলো, তেতিয়া মই বৰকৈ প্ৰভাৱিত হৈছিলো, কাৰণ ই বাস্তৱ জীৱনৰ অভিজ্ঞতা, সংগ্ৰাম আৰু ত্যাগৰ ওপৰত আধাৰিত। এজন শিল্পী হিচাপে এনে অৰ্থপূৰ্ণ কাহিনীৰ অংশ হোৱাৰ সুযোগ বৰ কমেইহে পোৱা যায়। চিত্ৰনাট্য শুনাৰ লগে লগেই মই এই ছবিখনৰ প্ৰতি এক ডাঙৰ দায়িত্ব অনুভৱ কৰিলোঁ আৰু সিদ্ধান্ত ল’লোঁ যে মই এনে এটা অনুপ্ৰেৰণাদায়ক চৰিত্ৰক সত্যতা, সততা আৰু সম্পূৰ্ণ সন্মানেৰে ৰূপায়ণ কৰিম।”

লগতে পঢ়ক: ৫ জুলাইত তৃতীয়বাৰৰ বাবে সংসাৰ আৰম্ভ কৰিব আমিৰ খানে; থাকিব ১৫০ জন অতিথি

শেহতীয়া প্ৰৱন্ধসমূহ