ধেমাজিৰ ভয়াৱহ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্ত আৰু সুশান্ত বৰগোহাঁইৰ

ধেমাজিৰ ভয়াৱহ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্ত আৰু সুশান্ত বৰগোহাঁইৰ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দুয়োগৰাকীয়ে মন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ ল’বলৈ সোমবাৰে বান বিধ্বস্ত ধেমাজিত উপস্থিত হয় ধেমাজিৰ ভয়াৱহ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্ত আৰু সুশান্ত বৰগোহাঁইৰ । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰৰ দুয়োগৰাকীয়ে মন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ ল’বলৈ সোমবাৰে বান বিধ্বস্ত ধেমাজিত উপস্থিত হয়

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দুয়োগৰাকীয়ে মন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ ল’বলৈ সোমবাৰে বান বিধ্বস্ত ধেমাজিত উপস্থিত হয়

ধেমাজিৰ ভয়াৱহ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্ত আৰু সুশান্ত বৰগোহাঁইৰ । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰৰ দুয়োগৰাকীয়ে মন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ ল’বলৈ সোমবাৰে বান বিধ্বস্ত ধেমাজিত উপস্থিত হয় । অসম-অৰুণাচল প্ৰদেশ সীমান্তত ধাৰাবাহিক বৰষুণৰ ফলত সৃষ্টি হোৱা বান আৰু গৰাখহনীয়া পৰিস্থিতি সন্দৰ্ভত জোনাইত জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এক পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে দুয়োগৰাকীয়ে ।

মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু কেশৱ মহন্তৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত প্ৰভাৱিত অঞ্চলসমূহত চলি থকা সাহায্য আৰু পুনৰ্বাসন কাৰ্যসূচীৰ পৰ্যালোচনা কৰা হয় । মন্ত্ৰীদ্বয়ে জিলা প্ৰশাসনৰ বিষয়াসকলক অত্যাৱশ্যকীয় সামগ্ৰী, স্বাস্থ্য সেৱা আৰু আশ্ৰয় শিবিৰত থকা পৰিয়ালসমূহক সময়মতে সহায় আগবঢ়োৱাৰ বাবে নিৰ্দেশ দিয়ে ।

লগতে, তেওঁলোকে বান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ আৰু ফলপ্ৰসূ দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে বিভাগসমূহৰ মাজত সমন্বয় শক্তিশালী কৰিবলৈ বিষয়াসকলক কঠোৰ নিৰ্দেশ দিয়ে ।

এই পৰ্যালোচনা বৈঠকত সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক প্ৰশান্ত ফুকন, ভূৱন পেগু তথা জীৱন গগৈৰ লগতে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া আৰু দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সদস্যসকলে অংশগ্ৰহণ কৰে ।

অব্যাহত থকা ধাৰাষাৰ বৰষুণ আৰু নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ সময়তে এই বৈঠক অনুষ্ঠিত হৈছে, যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সমগ্ৰ অসমৰ বানাক্ৰান্ত অঞ্চলসমূহত সাহায্য আৰু উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ।

লগতে পঢ়ক : শিৱসাগৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰৰ বৃহৎ প্ৰকল্পৰ পৰিকল্পনা

শেহতীয়া প্ৰৱন্ধসমূহ