ধেমাজিৰ বানপানী পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপ গৃহমন্ত্ৰী অমিত শ্বাহৰ

ধেমাজিৰ বানপানী পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপ গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোন কৰি ধেমাজি জিলাৰ বান পৰিস্থিতিৰ সন্দৰ্ভত বুজ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে (২৯ জুন) অসমৰ ধেমাজি জিলাৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে। ৰাজ্যখনত চলি

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোন কৰি ধেমাজি জিলাৰ বান পৰিস্থিতিৰ সন্দৰ্ভত বুজ লয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে (২৯ জুন) অসমৰ ধেমাজি জিলাৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে। ৰাজ্যখনত চলি থকা উদ্ধাৰ আৰু সাহায্য কাৰ্যৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ গৃহমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিছে।

এই সম্পৰ্কে ‘এক্স’ যোগে মুখ্যমন্ত্ৰী ড° শৰ্মাই জানিবলৈ দিয়ে যে তেওঁ গৃহমন্ত্ৰীগৰাকীক ধেমাজিত চলি থকা সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “ধেমাজিৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে মাননীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ জীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁক বৰ্তমান চলি থকা সাহায্য আৰু পুনৰ সংস্থাপনৰ কামৰ বিষয়ে অৱগত কৰিছোঁ। এই জটিল পৰিস্থিতি মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আমাক সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি দিছে।”

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA) তথ্য অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে ধেমাজিৰ বান পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে, য’ত চাৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত ৬৯ খন গাঁৱৰ লোক প্ৰভাৱিত হৈছে।

মুখ্যমন্ত্ৰীয়ে কয় যে বানাক্ৰান্ত লোকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু তেওঁলোকৰ দীৰ্ঘম্যাদী পুনৰ সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে সকলো সম্পদ ব্যৱহাৰ কৰিছে। লগতে, জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তক উদ্ধাৰ আৰু সাহায্য কাৰ্য তদাৰক কৰিবলৈ ধেমাজিত বাহৰ পাতিবলৈ নিৰ্দেশ দিছে।

লগতে পঢ়ক: আহাৰৰ প্ৰথমটো বান; অসমৰ ছয়খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত

শেহতীয়া প্ৰৱন্ধসমূহ