মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে উদীয়মান ক্ৰিকেটাৰসকলৰ বাবে এক মঞ্চ প্ৰদান আৰু ৰাজ্যৰ ক্ৰীড়া পৰিৱেশক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্যিক পৰ্যায়ৰ নতুন ক্ৰিকেট প্ৰতিযোগিতা অসম প্ৰিমিয়াৰ লীগৰ উদ্ধোধন কৰে।
অসম ক্ৰিকেট সংস্থাই (ACA) দেওবাৰে বৰ্ষাপাৰাৰ ACA ষ্টেডিয়ামৰ ৯১ য়াৰ্ডছ ক্লাব প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে অসম প্ৰিমিয়াৰ লীগ (APL) মুকলি কৰি ৰাজ্যখনৰ ক্ৰীড়া জগতত এক ঐতিহাসিক মাইলৰখুঁটি স্থাপন কৰে।
এই ঐতিহাসিক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। তেওঁ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (BCCI) সন্মানীয় যুটীয়া সম্পাদক দেৱজিত শইকীয়া, অসম ক্ৰিকেট সংস্থাৰ সভাপতি তৰংগ গগৈ, সম্পাদক সনাতন দাস, অন্যান্য বিষয়ববীয়া, ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰী আৰু ক্ৰীড়াপ্ৰেমীসকলৰ উপস্থিতিত লীগৰ অফিচিয়েল ল’গ’, ট্ৰফী আৰু অংশগ্ৰহণকাৰী দলসমূহৰ পৰিচয় উন্মোচন কৰে। এই অসম প্ৰিমিয়াৰ লীগক ৰাজ্যখনৰ ক্ৰিকেটাৰসকলৰ বাবে এক সুসংগঠিত, থলুৱা প্ৰতিযোগিতাৰ আৰম্ভণি বুলি অভিহিত কৰিছে।
অসম প্ৰিমিয়াৰ লীগৰ অধ্যক্ষ ৰাজদীপ ওজাই আদৰণি ভাষণেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে। তেওঁ লীগটোৰ আঁৰৰ দৃষ্টিভংগী আৰু ই উদীয়মান ক্ৰিকেটাৰসকলৰ বাবে কেনেকৈ এক বৃত্তিগত আৰু বহনক্ষম মঞ্চ গঢ়ি তুলিব, সেই বিষয়ে আলোকপাত কৰে। এপিএল (APL) মুকলি কৰাৰ মূল উদ্দেশ্য হৈছে ৰাজ্যৰ ঘৰুৱা খেলুৱৈসকলক নিজা মাটিত এক নিয়মীয়া প্ৰতিযোগিতামূলক মঞ্চ প্ৰদান কৰা আৰু অসমৰ ক্ৰিকেটৰ প্ৰতিভাক বিকাশ কৰা।
এই অসম প্ৰিমিয়াৰ লীগক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, “অসমৰ ৰাইজৰ হৃদয়ত ক্ৰিকেটৰ এক বিশেষ স্থান আছে আৰু অসম প্ৰিমিয়াৰ লীগৰ শুভাৰম্ভই আমাৰ ৰাজ্যত ক্ৰীড়াৰ ক্ষেত্ৰত এক যুগান্তকাৰী ক্ষণক প্ৰতিনিধিত্ব কৰিছে। মই নিশ্চিত যে এই লীগ অনাগত বছৰবোৰত আটাইতকৈ প্ৰভাৱশালী ৰাজ্যিক লীগসমূহৰ ভিতৰত অন্যতম হৈ পৰিব।”
বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই কয় যে, “বিচিচিআয়ে সদায় শক্তিশালী ঘৰুৱা ক্ৰিকেটৰ বিকাশক উদগনি দি আহিছে। অসম প্ৰিমিয়াৰ লীগৰ দৰে এক বৃত্তিগতভাৱে পৰিচালিত ৰাজ্যিক লীগে ক্ৰিকেট গাঁথনিটোলৈ উল্লেখনীয় গভীৰতা কঢ়িয়াই আনিব।”
উদ্বোধনী সংস্কৰণত প্ৰতিদ্বন্দিতা কৰিবলগীয়া আঠটা দল হ’ল-
যোৰহাট ষ্টেলিয়নছ (Jorhat Stallions)
তেজপুৰ টাইটানছ (Tezpur Titans)
ডিব্ৰুগড় ৱাৰিয়ৰ্ছ (Dibrugarh Warriors)
বৰাক লেজেণ্ডছ (Barak Legends)
নগাঁও ৰেঞ্জাৰ্ছ (Nagaon Rangers)
বৰপেটা ব্ৰেভছ (Barpeta Braves)
গুৱাহাটী ৰয়েলছ (Guwahati Royals)
চৰাইদেউ ছানৰাইজীৰ্ছ (Charaideo Sunrisers)
খেলুৱৈৰ নিলাম (Auction), খেলৰ সূচী আৰু অন্যান্য সবিশেষ তথ্য অনাগত সপ্তাহবোৰত ঘোষণা কৰা হ’ব।
লগতে পঢ়ক: শ্ৰীলংকাক পৰাস্ত কৰি ট্ৰাই ছিৰিজত জয়লাভ টিম ইণ্ডিয়াৰ…









