‘মই নাস্তিক, মোৰ সম্প্ৰদায় ভাৰতীয়’; জাভেদ আখতাৰৰ প্ৰত্যুত্তৰ

‘মই নাস্তিক, মোৰ সম্প্ৰদায় ভাৰতীয়’; জাভেদ আখতাৰৰ প্ৰত্যুত্তৰ

জাভেদ আখতাৰৰ এটা পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। এটা পোষ্টৰ বাবে তেওঁক বহুলোকে ট্ৰ’ল কৰি আছে। এতিয়া জাভেদ আখতাৰে তাৰ প্ৰত্যুত্তৰ দিছে। জাভেদ আখতাৰ ভাৰতীয় চিনেমাৰ এজন প্ৰসিদ্ধ লেখক, কবি আৰু গীতিকাৰ। তেওঁ প্ৰায়েই সামাজিক, ৰাজনৈতিক আৰু ধৰ্মীয় বিষয়ত মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰে।গীতিকাৰ

জাভেদ আখতাৰৰ এটা পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। এটা পোষ্টৰ বাবে তেওঁক বহুলোকে ট্ৰ’ল কৰি আছে। এতিয়া জাভেদ আখতাৰে তাৰ প্ৰত্যুত্তৰ দিছে।

জাভেদ আখতাৰ ভাৰতীয় চিনেমাৰ এজন প্ৰসিদ্ধ লেখক, কবি আৰু গীতিকাৰ। তেওঁ প্ৰায়েই সামাজিক, ৰাজনৈতিক আৰু ধৰ্মীয় বিষয়ত মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰে।গীতিকাৰ জাভেদ আখতাৰ স্পষ্টবাদী আৰু নিৰ্ভয়ে নিজৰ মতামত প্ৰকাশ কৰাৰ বাবে পৰিচিত। ট্ৰ’ল কৰা লোকসকলক উত্তৰ দিবলৈকো তেওঁ কেতিয়াও পিছহুহকি নাযায়। এতিয়া তেওঁ আকৌ এবাৰ নিজৰ উত্তৰেৰে সমালোচক সকলৰ মুখ বন্ধ কৰি দিছে।

জাভেদ আখতাৰে বিগত বহু বছৰ ধৰি মুকলিকৈ কৈ আহিছে যে তেওঁ এজন নাস্তিক। কিন্তু তথাপিও বহু সময়ত ধৰ্মক লৈ তেওঁক লক্ষ্য কৰি লোৱা হয়। শেহতীয়াকৈ এজন ব্যৱহাৰকাৰীয়ে ধৰ্মক লৈ তেওঁক কটাক্ষ কৰিছিল, যাৰ তেওঁ এক উচিত প্ৰত্যুত্তৰ দিয়ে।

শেহতীয়াকৈ জাভেদ আখতাৰে নিজৰ এটা পোষ্টত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এটা ৰাজনৈতিক মন্তব্য কৰিছিল। কিন্তু তেওঁৰ এই মন্তব্যৰ মাজতে এজন ব্যৱহাৰকাৰীয়ে জোৰকৈ ইছলাম ধৰ্মক টানি আনি তেওঁক আক্ৰমণ কৰাৰ চেষ্টা কৰে।

এজন এক্স ব্যৱহাৰকাৰীয়ে ড’নাল্ড ট্ৰাম্পৰ ওপৰত কৰা জাভেদ আখতাৰৰ টুইটটোত মন্তব্য কৰি ধৰ্মৰ নামত তেওঁক লক্ষ্য কৰি লয়। ব্যৱহাৰকাৰীজনে জাভেদ আখতাৰৰ পোষ্টটোত লিখিছিল— “ছাৰ, এটা শ্বেৰ আপোনাৰ সম্প্ৰদায়ৰ মিছাৰ বাবেও আছে… আমি জানো স্বৰ্গৰ প্ৰকৃত সত্য কি, কিন্তু মনক বুজাবলৈ এই ভাবটোৱেই ভাল।”

ব্যৱহাৰকাৰীজনৰ এই কটাক্ষৰ জাভেদ আখতাৰে অতি সুন্দৰ উত্তৰ দিয়ে। জাভেদ আখতাৰে ব্যৱহাৰকাৰীজনক এইটোও মনত পেলাই দিয়ে যে তেওঁ এজন নাস্তিক। তেওঁ নিজক কোনো ধৰ্মৰ সৈতে সাঙুৰি নলয়। জাভেদ আখতাৰে উত্তৰত লিখিছিল:

“যদি তোমাৰ সৰু আৰু কম বিকশিত মগজুটোৱে এই সত্যটো বুজি পালেহেঁতেন যে মই এজন নাস্তিক সম্ভৱতঃ তুমি এই শব্দটোৰ সৈতে পৰিচিত নহয়। ইয়াৰ অৰ্থ হ’ল সেইজন ব্যক্তি যিয়ে কোনো ধৰ্মকে বিশ্বাস নকৰে। মোক মোৰ সম্প্ৰদায়ৰ বিষয়ে নকবা। মোৰ সম্প্ৰদায় হ’ল সকলো ভাৰতীয়, য’ত তুমিও অন্তৰ্ভুক্ত।” জাভেদ আখতাৰৰ এই উত্তৰে তেওঁৰ অনুৰাগীসকলক আপ্লুত কৰি তুলিছে।

লগতে পঢ়ক: শেষ হ’ল ধনুশ আৰু মৃণাল ঠাকুৰৰ গোপন প্ৰেমৰ সম্পৰ্ক!