আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে দীৰ্ঘতম কাৰ্যকাল সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে দীৰ্ঘতম কাৰ্যকাল সম্পূৰ্ণ কৰাৰ ক্ষণত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও তেওঁ অভিনন্দন জনায়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীক নিজৰ বন্ধু বুলি অভিহিত কৰাৰ লগতে তেওঁক এজন “মহান” প্ৰধানমন্ত্ৰী বুলি আখ্যা দিয়ে। ট্ৰাম্পে ‘ট্ৰুথ ছচিয়েল’ত লিখিছে— “মোৰ বন্ধু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতৰ আটাইতকৈ দীৰ্ঘকাল সেৱা আগবঢ়োৱা প্ৰধানমন্ত্ৰী হোৱাৰ বাবে অভিনন্দন আৰু তেওঁ এজন মহান প্ৰধানমন্ত্ৰী।তেওঁ এজন শক্তিশালী, সুস্থ আৰু বুদ্ধিমান ব্যক্তি, আৰু আগন্তুক বহু বছৰলৈকে তেওঁ মহত্ত্ব আৰু সফলতা অৰ্জন কৰি থাকিব! ৰাষ্ট্ৰপতি ড’নাল্ড জে. ট্ৰাম্প।”

আনহাতে, বুধবাৰে সন্ধিয়া ভাৰত মণ্ডপমত এনডিএৰ সহযোগী দলসমূহ আৰু মুখ্যমন্ত্ৰীসকলে মোদী চৰকাৰৰ ১২ বছৰীয়া কাৰ্যকালক পৰিৱৰ্তনকামী বুলি অভিহিত কৰে।
প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে ৪৩৯৯ দিনৰ অভিলেখ ভংগ কৰিছে ।২০১৪ চনত প্ৰথম শপতগ্ৰহণৰ পৰা ২০১৯ চনত একেৰাহে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ লাভ কৰাৰ লগতে ২০২৪ চনত একেৰাহে তৃতীয়বাৰৰ বাবে ঐতিহাসিক কাৰ্যকাল লাভ কৰাৰ লগতে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ৰ আধাৰত তেওঁৰ ৰাজনৈতিক যাত্ৰা আজিও অব্যাহত আছে।এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে দেশ আৰু বিশ্বৰ পৰা অভিনন্দন বাৰ্তা লাভ কৰিছে, য’ত বহু দেশৰ ৰাষ্ট্ৰপতিও আছে।
লগতে পঢ়ক: “অতিৰিক্ত আত্মৰক্ষাৰ ধৰ্মঘট আৰম্ভ”; ইৰাণৰ ওপৰত পুনৰ আমেৰিকাৰ বৃহৎ আক্ৰমণ









