অসম-ভূটানৰ সম্পৰ্ক হ’ব অধিক সুদৃঢ় : ভ্ৰমণৰ বাবে ভূটানৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসম-ভূটানৰ সম্পৰ্ক হ’ব অধিক সুদৃঢ় : ভ্ৰমণৰ বাবে ভূটানৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰধানমন্ত্ৰীগৰাকীৰ এই গুৰুত্বপূৰ্ণ ভ্ৰমণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে অসম আৰু ভূটানৰ মাজত থকা যুগ যুগ পুৰণি কূটনৈতিক তথা আৰ্থ-সাংস্কৃতিক সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰি অসম ভ্ৰমণলৈ আহে ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই । প্ৰধানমন্ত্ৰীগৰাকীৰ এই গুৰুত্বপূৰ্ণ ভ্ৰমণৰ

প্ৰধানমন্ত্ৰীগৰাকীৰ এই গুৰুত্বপূৰ্ণ ভ্ৰমণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে

অসম আৰু ভূটানৰ মাজত থকা যুগ যুগ পুৰণি কূটনৈতিক তথা আৰ্থ-সাংস্কৃতিক সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰি অসম ভ্ৰমণলৈ আহে ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই । প্ৰধানমন্ত্ৰীগৰাকীৰ এই গুৰুত্বপূৰ্ণ ভ্ৰমণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে । ইয়াৰ লগতে অনাগত দিনবোৰত দুয়োখন ৰাজ্যৰ বন্ধুত্ব আৰু অংশীদাৰিত্ব অধিক শক্তিশালী হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে গভীৰ আত্মবিশ্বাস প্ৰকাশ কৰে ।

সামাজিক মাধ্যম এক্স (X)-ত ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এটা পোষ্টৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে অসমে হিমালয়ৰ এই ৰাজ্যখনৰ সৈতে থকা ইয়াৰ বহুমুখী আৰু দীৰ্ঘদিনীয়া অংশীদাৰিত্বক সদায় উচ্চ স্থান দি আহিছে । তেওঁ লিখে-

“সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়, আপোনাৰ সুন্দৰ ভ্ৰমণ আৰু অৰ্থপূৰ্ণ আলোচনাৰ বাবে ধন্যবাদ । অসম আৰু ভূটানৰ এই বিশেষ বন্ধনক আমি আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীৰ নিৰ্দেশনাত অনাগত দিনত আৰু অধিক শক্তিশালী কৰি তুলিম ।”

ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰে গুৰুত্বপূৰ্ণ বৈঠক-

ইয়াৰ পূৰ্বে, গুৱাহাটী ভ্ৰমণৰ সময়ত ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ বৈঠকত মিলিত হয় । এই বৈঠকৰ সবিশেষ শ্বেয়াৰ কৰি টবগেই এক্সত লিখিছিল—

“গুৱাহাটীত অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক লগ পাই মই নথৈ আনন্দিত হৈছোঁ । ভূটান আৰু অসমৰ মাজত থকা সুদৃঢ় তথা চিৰন্তন সম্পৰ্কক নতুন গতি প্ৰদান কৰাৰ বাবে আমি আমাৰ যুটীয়া প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰিছোঁ ।”

কইনাধৰাত উষ্ম চৰকাৰী আদৰণি-

সোমবাৰে গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীক বিমান বন্দৰত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে এক ভব্য তথা ৰাজকীয় আদৰণি জনায় । ইয়াৰ পিছতে তেওঁ গুৱাহাটীৰ কইনাধৰাস্থিত এক নম্বৰ ৰাজ্যিক অতিথিশালীত উপস্থিত হয় । তাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই তেওঁক চৰকাৰীভাৱে আনুষ্ঠানিক আদৰণি জনায় ।

এই সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই কয়-

“কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত ভূটানৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই ডাঙৰীয়াক আন্তৰিক আদৰণি জনাবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ । আমাৰ এই চিৰন্তন বন্ধুত্ব যুগ যুগ ধৰি বৰ্তি থকা জনসাধাৰণৰ মাজৰ ঘনিষ্ঠ যোগাযোগ, বিনিময় কৰা পৰম্পৰা আৰু দীৰ্ঘদিনীয়া সহযোগিতাৰ জৰিয়তে গঢ়ি উঠিছে ।”

মন্ত্ৰী বৰাই আশা প্ৰকাশ কৰে যে ভূটানৰ প্ৰধানমন্ত্ৰীৰ এই ঐতিহাসিক ভ্ৰমণে দুয়োখন সীমান্তৱৰ্তী ৰাজ্যৰ মাজত সাংস্কৃতিক বিনিময়, আঞ্চলিক অংশীদাৰিত্ব আৰু অৰ্থনৈতিক বিকাশৰ নতুন নতুন দিগন্তৰ সূচনা কৰিব ।

লগতে পঢ়ক : গুৱাহাটীত ভূটানৰ প্ৰধানমন্ত্ৰী: ৰঙা দলিচা পাৰি ভব্য আদৰণি ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ

শেহতীয়া প্ৰৱন্ধসমূহ