ইবোলাৰ সন্ত্ৰাস : বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন অৱস্থা ঘোষণা, ভাৰতীয় নাগৰিকলৈ ভ্ৰমণ নিৰ্দেশনা জাৰি

ইবোলাৰ সন্ত্ৰাস : বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন অৱস্থা ঘোষণা, ভাৰতীয় নাগৰিকলৈ ভ্ৰমণ নিৰ্দেশনা জাৰি

মাৰাত্মক ইবোলা ৰোগৰ ব্যাপক প্ৰাদুৰ্ভাৱৰ পিছতেই সমগ্ৰ বিশ্বতে তীব্ৰ সতৰ্কতা অৱলম্বন কৰা হৈছে ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ দ্য কঙ্গো আৰু উগাণ্ডাত মাৰাত্মক ইবোলা ৰোগৰ ব্যাপক প্ৰাদুৰ্ভাৱৰ পিছতেই সমগ্ৰ বিশ্বতে তীব্ৰ সতৰ্কতা অৱলম্বন কৰা হৈছে । পৰিস্থিতিৰ গুৰুত্বতাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই ১৭ মে’ত এই

মাৰাত্মক ইবোলা ৰোগৰ ব্যাপক প্ৰাদুৰ্ভাৱৰ পিছতেই সমগ্ৰ বিশ্বতে তীব্ৰ সতৰ্কতা অৱলম্বন কৰা হৈছে

ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ দ্য কঙ্গো আৰু উগাণ্ডাত মাৰাত্মক ইবোলা ৰোগৰ ব্যাপক প্ৰাদুৰ্ভাৱৰ পিছতেই সমগ্ৰ বিশ্বতে তীব্ৰ সতৰ্কতা অৱলম্বন কৰা হৈছে । পৰিস্থিতিৰ গুৰুত্বতাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই ১৭ মে’ত এই সংকটক ‘আন্তঃৰাষ্ট্ৰীয় চিন্তাৰ জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা’ (PHEIC) বুলি ঘোষণা কৰিছে ।

আনহাতে, আফ্ৰিকা চেন্টাৰছ ফৰ ডিজিজ কন্ট্ৰ’ল এণ্ড প্ৰিভেনচন (Africa CDC)-এও ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ দ্য কঙ্গো আৰু উগাণ্ডাত সংহাৰ চলোৱা বুণ্ডিবুগিয়ো প্ৰকাৰৰ (Bundibugyo strain) ইবোলা ভাইৰাছক আনুষ্ঠানিকভাৱে ‘মহাদেশীয় সুৰক্ষাৰ জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা’ বুলি ঘোষণা কৰিছে ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কঠোৰ পদক্ষেপ-

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, ২২ মে’ত বিশ্ব স্বাস্থ্য সংস্থাৰ আই.এইচ.আৰ. জৰুৰীকালীন সমিতিয়ে দেশসমূহৰ প্ৰৱেশদ্বাৰ সমূহত কঠোৰ দৃষ্টি ৰাখিবলৈ কেতবোৰ অস্থায়ী পৰামৰ্শ দিছে । বুণ্ডিবুগিয়ো ভাইৰাছ আক্ৰান্ত অঞ্চলৰ পৰা অহা যাত্ৰীসকলৰ মাজত কোনো অজ্ঞাত জ্বৰৰ লক্ষণ দেখা গ’লে, তেওঁলোকক ততালিকে চিনাক্ত কৰি প্ৰয়োজনীয় স্বাস্থ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে । ইয়াৰ উপৰিও বৰ্তমান সময়ত এই প্ৰভাৱিত অঞ্চলসমূহলৈ যাত্ৰা নকৰিবলৈও বিশ্ব সংস্থাই আহ্বান জনাইছে ।

বিশেষজ্ঞসকলৰ মতে, কঙ্গো আৰু উগাণ্ডাৰ চুবুৰীয়া দেশসমূহ, বিশেষকৈ দক্ষিণ সুডান বৰ্তমান এই ৰোগ সংক্ৰমণৰ উচ্চ বিপদসীমাত আছে ।

কি এই বুণ্ডিবুগিয়ো ইবোলা ভাইৰাছ ?

ইবোলা হৈছে এবিধ অত্যন্ত বিপজ্জনক ভাইৰাছজনিত ৰক্তক্ষৰণকাৰী জ্বৰ । এই ৰোগত মৃত্যুৰ হাৰ অতি ভয়াৱহ । অতি চিন্তাজনক কথাটো হ’ল যে বৰ্তমান সময়লৈকে বুণ্ডিবুগিয়ো ভাইৰাছ প্ৰকাৰৰ ইবোলা ৰোগ প্ৰতিৰোধ কৰিবলৈ কোনো ভেকচিন বা নিৰ্দিষ্ট চিকিৎসা পদ্ধতি চিকিৎসা বিজ্ঞানে আৱিষ্কাৰ কৰিব পৰা নাই ।

ভাৰত চৰকাৰৰ সতৰ্কবাণী-

ভাৰতীয় নাগৰিকসকলৰ বাবে স্বস্তিসূচক খবৰ এই যে দেশত বৰ্তমানলৈকে এই মাৰাত্মক ভাইৰাছৰ এটাও ঘটনা ধৰা পৰা নাই । তথাপিও, আগতীয়া সাৱধানতা হিচাপে ভাৰত চৰকাৰে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে ।

ভ্ৰমণ নিৰ্দেশনা :

বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শৰ সৈতে সংগতি ৰাখি, ভাৰত চৰকাৰে সকলো ভাৰতীয় নাগৰিকক পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ দ্য কঙ্গো, উগাণ্ডা আৰু দক্ষিণ ছুডানলৈ জৰুৰী নোহোৱা সকলো ধৰণৰ ভ্ৰমণ পৰিহাৰ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে ।

প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা অনুসৰি, বৰ্তমান এই আফ্ৰিকীয় দেশসমূহত বসবাস কৰি থকা বা ভ্ৰমণৰত অৱস্থাত থকা ভাৰতীয় নাগৰিকসকলক স্থানীয় প্ৰশাসনৰ জনস্বাস্থ্য সম্পৰ্কীয় নিয়মসমূহ কঠোৰভাৱে মানি চলিবলৈ আৰু চকু-কাণ খোলা ৰাখি উচ্চ সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা হৈছে ।

লগতে পঢ়ক : হোৱাইট হাউচৰ সমীপত তীব্ৰ গুলীচালনা: বন্দুকধাৰীসহ দুজন আহত