কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে ডি এম কে চৰকাৰক দেশৰ ভিতৰতে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰ বুলি অভিহিত কৰিছে
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে ডি এম কে নেতৃত্বাধীন তামিলনাডু চৰকাৰক সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰ বুলি অভিহিত কৰে আৰু এইবাৰ তামিলনাডু আৰু পশ্চিম বংগত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে জয়লাভ কৰিব বুলি আস্থা প্ৰকাশ কৰে।
ইয়াত বিজেপিৰ বৃহৎ সমাৱেশত ভাষণ দি শ্বাহে ২০২৪ চনৰ পৰা বিজেপি-এনডিএৰ জয়ৰ ৰূপৰেখা দাঙি ধৰে,যাৰ ভিতৰত হাৰিয়ানাত একেৰাহে তৃতীয়বাৰৰ বাবে জয়লাভও অন্তৰ্ভুক্ত।
শ্বাহে কয় যে এতিয়া তামিলনাডু আৰু পশ্চিম বংগৰ পাল। শাসকীয় দল দ্ৰাবিদা মুনেত্ৰ কাঝাগম (ডি এম কে)ক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি তেওঁ এই প্ৰশ্ন কৰে যে,‘দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীৰ সেনাবাহিনী’ লৈ ৰাজ্যখন আগবাঢ়ি যাব পাৰিবনে?
শ্বাহে শাসকীয় ডি এম কে চৰকাৰ আৰু মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনক তীব্ৰ আক্ৰমণ কৰে আৰু জনসাধাৰণৰ কল্যাণতকৈ ৰাজনৈতিক উত্তৰাধিকাৰক অগ্ৰাধিকাৰ দিয়াৰ অভিযোগ উত্থাপন কৰে।
শ্বাহে কয় যে, “তামিলনাডুত নেপটিজিম শেষ কৰাৰ সময় আহি পৰিছে।প্ৰথমে কৰুণানিধি, তাৰ পিছত ষ্টেলিন, আৰু এতিয়া উধয়ানিধি, মুখ্যমন্ত্ৰী হোৱাৰ এই সপোন বাস্তৱায়িত নহ’ব।”
তেওঁ আৰু দাবী কৰে যে তামিলনাডু চৰকাৰে ৰাজ্যখনৰ সন্মুখত থকা গুৰুতৰ সমস্যা সমাধানৰ পৰিৱৰ্তে কেৱল উধয়ানিধি ষ্টেলিনক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে গঢ়ি তোলাতহে মনোনিৱেশ কৰিছে।
লগতে পঢ়ক: ‘এইবাৰ জনসাধাৰণে TMC ক…’;পশ্চিম বংগ নিৰ্বাচন সন্দৰ্ভত বিজেপি নেতাৰ বিস্ফোৰণ









