বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে । তেওঁ ভাৰত চৰকাৰ আৰু জনসাধাৰণক প্ৰতিনিধিত্ব কৰিব ।
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ অধ্যক্ষ বেগম খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে । ৩১ ডিচেম্বৰত ঢাকালৈ ৰাওনা হ’ব বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকী । দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত নেত্ৰীগৰাকীৰ বয়স আছিল ৮০ বছৰ ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে অহা ৩১ ডিচেম্বৰত ঢাকালৈ গৈ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টীৰ মুৰব্বী বেগম খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ভাৰত চৰকাৰ আৰু জনসাধাৰণক প্ৰতিনিধিত্ব কৰিব ।
শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ-
খালেদা জিয়াৰ মৃত্যু শোক প্ৰকাশ কৰকি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বি এন পিৰ অধ্যক্ষ বেগম খালেদা জিয়াৰ মৃত্যুৰ খবৰ পাই গভীৰ শোক প্ৰকাশ কৰিছো । তেওঁৰ পৰিয়াল আৰু সমগ্ৰ বাংলাদেশবাসীলৈ আমাৰ আন্তৰিক সমবেদনা । ঈশ্বৰে তেওঁৰ পৰিয়ালক এই কৰুণ মুহূৰ্ত সহ্য কৰাৰ শক্তি প্ৰদান কৰক ।”
২০১৫ত সৌহাৰ্দপূৰ্ণ বৈঠক-
দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কত তেওঁৰ অৱদান সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে বাংলাদেশৰ উন্নয়ন আৰু ভাৰত-বাংলাদেশৰ সম্পৰ্কত তেওঁৰ উল্লেখযোগ্য অৱদান সদায় স্মৰণীয় হৈ থাকিব । ২০১৫ চনত ঢাকাত তেওঁৰ সৈতে আমাৰ আন্তৰিক সাক্ষাৎৰ কথা মই স্মৰণ কৰিছোঁ । আমি আশা কৰিছো যে তেওঁৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰে আমাৰ অংশীদাৰিত্বক পথ প্ৰদৰ্শন কৰি যাব । তেওঁৰ আত্মাই শান্তি লাভ কৰক ।”
লগতে পঢ়ক : খালেদা জিয়াৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ… ২০১৫ৰ সাক্ষাৎ স্মৰণ









