পুটিনৰ চৰকাৰী বাসগৃহত ইউক্ৰেইনৰ আক্ৰমণ… ৰাছিয়াৰ দাবী অস্বীকাৰ জেলেনস্কিৰ

পুটিনৰ চৰকাৰী বাসগৃহত ইউক্ৰেইনৰ আক্ৰমণ… ৰাছিয়াৰ দাবী অস্বীকাৰ জেলেনস্কিৰ

শান্তি চুক্তিৰ ওপৰত চলি থকা আলোচনাৰ সময়তে পুটিনৰ চৰকাৰী বাসগৃহত ইউক্ৰেইনৰ আক্ৰমণ । অৱশ্যে ৰাছিয়াৰ এই দাবীক জেলেনস্কিয়ে নাকচ কৰিছে… ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে দাবী কৰে যে ইউক্ৰেইনে ৰাছিয়াৰ নভগ’ৰড প্ৰদেশত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ চৰকাৰী বাসগৃহত আক্ৰমণৰ চেষ্টা চলাইছিল । লাভৰভে ইয়াক ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ

শান্তি চুক্তিৰ ওপৰত চলি থকা আলোচনাৰ সময়তে পুটিনৰ চৰকাৰী বাসগৃহত ইউক্ৰেইনৰ আক্ৰমণ । অৱশ্যে ৰাছিয়াৰ এই দাবীক জেলেনস্কিয়ে নাকচ কৰিছে…

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে দাবী কৰে যে ইউক্ৰেইনে ৰাছিয়াৰ নভগ’ৰড প্ৰদেশত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ চৰকাৰী বাসগৃহত আক্ৰমণৰ চেষ্টা চলাইছিল । লাভৰভে ইয়াক ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ কাৰ্য্য বুলি অভিহিত কৰি কয় যে ইয়াৰ ফলত শান্তি আলোচনাত প্ৰভাৱ পৰিব । লাভৰভৰ মতে, ইউক্ৰেইনে ২৮ৰ পৰা ২৯ ডিচেম্বৰৰ ভিতৰত পুটিনৰ বাসগৃহত ৯১টা দীৰ্ঘ দূৰত্বৰ ড্ৰ’ন নিক্ষেপ কৰিছিল । কিন্তু তেওঁ কোনো প্ৰমাণ শ্বেয়াৰ কৰা নাছিল ।

লাভৰভে কয় যে সম্ভাৱ্য শান্তি চুক্তিৰ ওপৰত চলি থকা আলোচনাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছে । তেওঁ কয় যে ৰাছিয়াই আলোচনাত জড়িত হৈ থাকিব যদিও নিজৰ স্থিতি পুনৰ মূল্যায়ন কৰিব । ইফালে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে ৰাছিয়াৰ এই অভিযোগক মিছা বুলি খাৰিজ কৰে । জেলেনস্কিয়ে কয় যে ৰাছিয়াই এনে অভিযোগ উত্থাপন কৰি আমাৰ চৰকাৰী ভৱনসমূহত আক্ৰমণ কৰিবলৈ সাজু হৈছে । এতিয়া সকলোৱে সজাগ হোৱাৰ প্ৰয়োজন ।

আক্ৰমণৰ সময়ত পুটিন বাসগৃহত উপস্থিত আছিল নে নাই সেয়া স্পষ্ট নহয় । লাভৰভে কয় যে ৰাছিয়াই এই আক্ৰমণৰ প্ৰত্যুত্তৰ জনাব আৰু পলম নকৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । তেওঁ লগতে কয় যে ৰাছিয়াই ইতিমধ্যে প্ৰতিশোধমূলক আক্ৰমণৰ লক্ষ্য চিনাক্ত কৰিছে । ৰাছিয়াৰ ভাবুকিৰ প্ৰতি সঁহাৰি জনাই শান্তি আলোচনাক ৰক্ষা কৰিবলৈ জেলেনস্কিয়ে আমেৰিকাক আহ্বান জনায় । জেলেনস্কিয়ে কয় যে ৰাজধানী কিয়েভ আক্ৰমণ কৰা হ’ব পাৰে, কিয়নো পুটিনে উপযুক্ত লক্ষ্যত আক্ৰমণৰ আহ্বান জনাইছিল ।

সোমবাৰে পুটিনে ৰাছিয়াৰ জ্যেষ্ঠ সামৰিক বিষয়াৰ সৈতে বৈঠকত মিলিত হয় । তেওঁ কয় যে তেওঁৰ সেনাই ২০২২ চনত দখল কৰা ইউক্ৰেইনৰ ভূখণ্ডৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ বৃদ্ধি কৰিছে । তেওঁ কয় যে ডনবাছ, খেৰচন আৰু জাপ’ৰিজিয়াত সৈন্য আগবাঢ়িছে । এতিয়া ৰাছিয়াই জাপ’ৰিজিয়াৰ প্ৰায় তিনি চতুৰ্থাংশ নিয়ন্ত্ৰণ কৰিছে ।

২০২২ চনত ৰাছিয়াই ডনেস্ক, খেৰচন, লুহানস্ক, আৰু জাপ’ৰিজিয়া দখল কৰে । দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ সৰ্ববৃহৎ বলপূৰ্বক ভূখণ্ড সংলগ্নকৰণ বুলি গণ্য কৰা হৈছিল । ইয়াৰ পিছত ইউক্ৰেইনে নাটোক নিজৰ সদস্যপদ ক্ষিপ্ৰতাৰে আহ্বান জনায় যদিও সেয়া হৈ নুঠিল ।

লগতে পঢ়ক : বাংলাদেশত পুনৰ হিন্দু যুৱকক হত্যা… মুছলমান বন্ধুৱে চলালে গুলী

শেহতীয়া প্ৰৱন্ধসমূহ