কৰ্ণাটকৰ কাৰৱাৰ বন্দৰৰ পৰা ছাবমেৰিনত সাগৰীয় যাত্ৰা কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ৰাষ্ট্ৰপতি মুৰ্মু হ’ব ছাবমেৰিনত যাত্ৰা কৰা দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ।
২৮ ডিচেম্বৰত কৰ্ণাটকৰ কাৰৱাৰ বন্দৰৰ পৰা ছাবমেৰিনত সাগৰীয় যাত্ৰা কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । শনিবাৰৰ পৰা চাৰিদিনীয়া গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ড ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে । এই ভ্ৰমণৰ সময়তে হ’ব এই যাত্ৰা । শুকুৰবাৰে জাৰি কৰা এক বিবৃতিত ৰাষ্ট্ৰপতি ভৱনে কয় যে ৰাষ্ট্ৰপতি মুৰ্মু ২৭ ডিচেম্বৰৰ সন্ধিয়া গোৱালৈ ৰাওনা হ’ব । তাৰ পিছত ২৮ ডিচেম্বৰত কৰ্ণাটকৰ কাৰৱাৰ বন্দৰৰ পৰা এখন ছাবমেৰিনত ৰাষ্ট্ৰপতিগৰাকীয়ে সাগৰীয় যাত্ৰা কৰিব ।
উল্লেখ্য যে, ৰাষ্ট্ৰপতি মুৰ্মু হ’ব ছাবমেৰিনত যাত্ৰা কৰা দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি । ইয়াৰ পূৰ্বে ২০০৬ চনৰ ১৩ ফেব্ৰুৱাৰীত বিশাখাপট্টনমৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে ছাবমেৰিন যাত্ৰা কৰিছিল । এতিয়া শনিবাৰৰ পৰা আৰম্ভ হ’ব লগা চাৰিদিনীয়া গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ড ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি মুৰ্মুৱে ছাবমেৰিনেৰে সাগৰীয় যাত্ৰাৰ কৰিব ।
ভাৰতীয় বায়ুসেনাৰ দুখনকৈ যুদ্ধ বিমান উৰুওৱা ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি মুৰ্মু । চলিত বৰ্ষৰ ২৯ অক্টোবৰত ৰাফেলত আৰু ২০২৩ চনত চুখয় ৩০ এম কে আইত উৰা মাৰিছিল তেওঁ ।
সোমবাৰে ঝাৰখণ্ডৰ জামছেদপুৰত অল চিকিৰ শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । একেদিনাই এন আই টি জামছেদপুৰৰ ১৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানতো ভাষণ দিব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে । অহা ৩০ ডিচেম্বৰত ঝাৰখণ্ডৰ গুমলাত অনুষ্ঠিত আন্তঃৰাজ্যিক জনসাধাৰণৰ সাংস্কৃতিক সমাৱেশ কাৰ্তিক যাত্ৰাত ভাষণ দিব ৰাষ্ট্ৰপতিগৰাকীয়ে ।
লগতে পঢ়ক : ৩৭০ অনুচ্ছেদৰ দেৱাল ভাঙি গৌৰাৱান্বিত বিজেপিঃ প্ৰধানমন্ত্ৰী মোদী









