ক্ৰমে স্বাভাৱিক হৈছে হিংসাজৰ্জৰ কাৰ্বি আংলঙৰ খেৰণিৰ পৰিস্থিতি, সকলো পক্ষকে শান্তি-শৃংখলা বজাই ৰখাৰ আহ্বান প্ৰশাসনৰ

ক্ৰমে স্বাভাৱিক হৈছে হিংসাজৰ্জৰ কাৰ্বি আংলঙৰ খেৰণিৰ পৰিস্থিতি, সকলো পক্ষকে শান্তি-শৃংখলা বজাই ৰখাৰ আহ্বান প্ৰশাসনৰ

হিংসাজৰ্জৰ কাৰ্বি আংলঙৰ খেৰণিৰ পৰিস্থিতি লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে । পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পিছত এতিয়া লাহে লাহে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে । শেহতীয়াকৈ কোনো নতুন হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই যদিও সতৰ্কতামূলক ব্যৱস্থা হিচাপে অঞ্চলটোত বৃহৎ সংখ্যক

হিংসাজৰ্জৰ কাৰ্বি আংলঙৰ খেৰণিৰ পৰিস্থিতি লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ।

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পিছত এতিয়া লাহে লাহে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে । শেহতীয়াকৈ কোনো নতুন হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই যদিও সতৰ্কতামূলক ব্যৱস্থা হিচাপে অঞ্চলটোত বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে । কাৰ্বি জনগোষ্ঠী আৰু বিহাৰী সম্প্ৰদায়ৰ মাজত সৃষ্টি হৈছিল এই পৰিস্থিতি । ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ (ভি জি আৰ) আৰু প্ৰফেচনেল গ্ৰেজিং ৰিজাৰ্ভ (পি জি আৰ)ৰ মাটিৰ পৰাই এই বিবাদৰ উদ্ভৱ হৈছিল । কাৰ্বি জনগোষ্ঠীৰ অভিযোগ অনুসৰি কাৰ্বি আংলঙৰ জনজাতীয় অঞ্চলত হিন্দীভাষী লোকে অবৈধভাৱে মাটি দখল কৰি আছে ।

অসম আৰক্ষী, আৰ এ এফ, চি আৰ পি এফ আৰু সেনাৰ টহল অব্যাহত-

কাৰ্বি আংলঙৰ অঞ্চলটোত বৰ্তমান পৰিস্থিতি শান্ত আৰু কোনো ধৰণৰ হিংসাৰ খবৰ পোৱা হোৱা নাই ।  অসম আৰক্ষী, ৰেপিড একচন ফৰ্চ, চি আৰ পি এফ আৰু ভাৰতীয় সেনাৰ জোৱানসকলে স্পৰ্শকাতৰ অঞ্চলসমূহত অহৰহ টহল দি আছে ।

মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া-

জানিব পৰা মতে  বুধবাৰে নিশা হিংসাত্মক ঘটনাত নিহত দুয়োজন ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়া নিজ নিজ ৰীতি-নীতি অনুসৰি শান্তিপূৰ্ণভাৱে সম্পন্ন কৰা হয় । সুৰেশ দে নামৰ বিশেষভাৱে সক্ষম ব্যক্তিজনৰ মৃতদেহ তেওঁৰ ঘৰ-দোকানৰ পৰা উদ্ধাৰ কৰা হয় । আৰক্ষীৰ গুলীত মৃত্যু হয় কাৰ্বি জনগোষ্ঠীৰ আতিক টিমুঙৰ । কাৰ্বি জনগোষ্ঠীৰ লগতে বিহাৰী, বাঙালী, নেপালী জনগোষ্ঠীৰ লোকৰ বাসস্থান খেৰণি অঞ্চল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ।

অনশনত কাৰ্বি জনগোষ্ঠীৰ লোক-

উল্লেখযোগ্য যে কাৰ্বি জনগোষ্ঠীৰ একাংশ লোকে ভি জি আৰ আৰু পি জি আৰৰ মাটিৰ পৰা অবৈধ বসতি আঁতৰোৱাৰ দাবীত বিগত ১৫ দিন ধৰি অনশন কৰি আহিছে । সোমবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে তিনিজন প্ৰতিবাদকাৰীক আঁতৰাই নিয়াৰ পিছতে পৰিস্থিতি হিংসাত্মক হৈ পৰে । প্ৰশাসনে তেওঁলোকক চিকিৎসাৰ বাবে লৈ যোৱা বুলি জানিবলৈ দিয়ে । মঙলবাৰে খেৰণি অঞ্চলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়, যাৰ ফলত এজন লোকৰ মৃত্যু হয়, আন এজন লোক জীৱন্তে অগ্নিদগ্ধ হোৱাৰ লগতে ৬০ জনৰো অধিক আৰক্ষীকে ধৰি ৭০ জনতকৈ অধিক লোক আহত হয় ।

হিংসাত্মক অঞ্চলত সেনাৰ ফ্লেগ মাৰ্চ-

অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰে যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ আদেশৰ বাবে বেদখল আঁতৰোৱাৰ দাবী শীঘ্ৰে কৰিব পৰা নাযায় ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় সেনাৰ এটা দল মোতায়েন কৰা হৈছে আৰু লগতে হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত অঞ্চলসমূহত ফ্লেগ মাৰ্চ কৰা হৈছে ।

লগতে পঢ়ক : কাৰ্বি আংলঙৰ খেৰণিত উত্তেজনা… মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ বাসগৃত অগ্নিসংযোগ