হিজাব বিতৰ্কৰ মাজতে নিৰাপত্তা বৃদ্ধি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নিৰাপত্তা সন্দৰ্ভত এক বৃহৎ সিদ্ধান্ত লোৱা হৈছে। হিজাব বিতৰ্কৰ পিছত লাভ কৰা চোৰাংচোৱাৰ তথ্যৰ পোহৰত মুখ্যমন্ত্ৰীৰ নিৰাপত্তা আৰু অধিক কটকটীয়া কৰা হৈছে।
সূত্ৰ অনুসৰি, চোৰাংচোৱা সংস্থাসমূহে আশংকা প্ৰকাশ কৰিছে যে কিছুমান অসামাজিক আৰু অপৰাধমূলক উপাদানে নীতিশ কুমাৰৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে,ইয়াৰ পিছত প্ৰশাসন সম্পূৰ্ণ সতৰ্কতা মোডলৈ গৈছে।
সূত্ৰই জনোৱা মতে, মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ ব্যৱস্থা ডিজিপি বিহাৰ আৰু এডিজি (এছএছজি ছিকিউৰিটি) পৰ্যায়ত পুনৰীক্ষণ হৈছে।
এই পৰ্যালোচনাৰ পিছত বিশেষ নিৰাপত্তা গোটৰ (এছ এছ জি) নিৰাপত্তা কৰ্ডন পূৰ্বতকৈ আৰু অধিক কঠোৰ কৰাৰ নিৰ্দেশনা দিয়া হৈছে।
এতিয়া মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ অতি ঘনিষ্ঠ কেৱল হাই-প্ৰফাইল আৰু নিৰ্বাচিত ব্যক্তিয়েহে লগ কৰিব পাৰিব।তেওঁৰ কাৰ্যসূচী, বাসস্থান আৰু চলাচলৰ সময়ত নিৰাপত্তাৰ প্ৰট’কল আৰু অধিক শক্তিশালী কৰা হৈছে।
উল্লেখ্য যে, যোৱা কিছুদিনত ছ’চিয়েল মিডিয়াৰ জৰিয়তে মুখ্যমন্ত্রীক ভাবুকি দিয়াৰ তথ্যও পোহৰলৈ আহিছে৷এই ইনপুটসমূহক গুৰুত্বসহকাৰে লৈ নিৰাপত্তা সংস্থাসমূহে বিপদৰ আশংকা প্ৰকাশ কৰিছে আৰু সেই অনুসৰি নিৰাপত্তাৰ ব্যৱস্থাও উন্নীত কৰা হৈছে।
লগতে পঢ়ক: ‘এইটো ব্যক্তিগত সম্পত্তি নহয়…’; ছোনিয়া গান্ধীক নেহৰুৰ পত্ৰ ঘূৰাই দিবলৈ নিৰ্দেশ চৰকাৰৰ









