শান্তি আলোচনা বিপথে গ’লে দখল কৰা হ’ব ইউক্ৰেইন… পুটিনৰ হংকাৰ

শান্তি আলোচনা বিপথে গ’লে দখল কৰা হ’ব ইউক্ৰেইন… পুটিনৰ হংকাৰ

কিয়েভ আৰু ইয়াৰ পশ্চিমীয়া সমৰ্থকসকলে আমেৰিকা সমৰ্থিত শান্তি আলোচনা বিপথে গ’লে মস্কোৱে ইউক্ৰেইনৰ অধিক ভূখণ্ড বলপূৰ্বকভাৱে দখল কৰিব বুলি সকীয়াই দিয়ে পুটিনে । বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউৰোপীয় নেতাসকলক “গাহৰিৰ পোৱালি” বুলি উপহাস কৰি সকীয়াই দিয়ে যে কিয়েভ আৰু ইয়াৰ পশ্চিমীয়া সমৰ্থকসকলে আমেৰিকা সমৰ্থিত

কিয়েভ আৰু ইয়াৰ পশ্চিমীয়া সমৰ্থকসকলে আমেৰিকা সমৰ্থিত শান্তি আলোচনা বিপথে গ’লে মস্কোৱে ইউক্ৰেইনৰ অধিক ভূখণ্ড বলপূৰ্বকভাৱে দখল কৰিব বুলি সকীয়াই দিয়ে পুটিনে ।

বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউৰোপীয় নেতাসকলক “গাহৰিৰ পোৱালি” বুলি উপহাস কৰি সকীয়াই দিয়ে যে কিয়েভ আৰু ইয়াৰ পশ্চিমীয়া সমৰ্থকসকলে আমেৰিকা সমৰ্থিত শান্তি প্ৰস্তাৱৰ ওপৰত আলোচনা নকৰিলে মস্কোৱে ইউক্ৰেইনৰ অধিক ভূখণ্ড বলপূৰ্বকভাৱে দখল কৰিব । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বাৰ্ষিক বৈঠকত তেওঁ এই মন্তব্য কৰে ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বাৰ্ষিক বৈঠকত ভাষণ দি ভ্লাদিমিৰ পুটিনে ইউৰোপীয় নেতাসকলক তীব্ৰ সমালোচনা কৰি তেওঁলোকক “গাহৰিৰ পোৱালি” বুলি অভিহিত কৰে । তেওঁ পশ্চিমীয়া দেশসমূহে ইচ্ছাকৃতভাৱে ৰাছিয়াৰ বিৰুদ্ধে ভয়ৰ পৰিৱেশ জগাই তোলাৰ অভিযোগ উত্থাপন কৰে ।

ভুৱা উৰাবাতৰি বিয়পাইছে নাটোৰ দেশসমূহে-

পুটিনে কয় যে, “এয়া মিছা, আজে বাজে কথা । তেওঁলোকে নাটো দেশত আক্ৰমণৰ ভুৱা উৰাবাতৰি বিয়পাইছে । ইউৰোপীয় দেশসমূহক আক্ৰমণ কৰাৰ কোনো উদ্দেশ্য ৰাছিয়াৰ নাই, কিন্তু ইচ্ছাকৃতভাৱে এই কাম কৰা হৈছে ।”

সামৰিক ব্যৱস্থা লোৱাৰ হুংকাৰ-

তেওঁ স্পষ্ট কৰি দিয়ে যে যদি আলোচনাৰ দ্বাৰা সুনিৰ্দিষ্ট সমাধান পোৱা নাযায় তেন্তে সামৰিক ব্যৱস্থাই একমাত্ৰ বিকল্প হ’ব । ৰাছিয়াৰ বাহিনীয়ে সকলো ফ্ৰণ্টতে আগবাঢ়িছে আৰু ৰাছিয়াই কূটনীতি বা সামৰিক মাধ্যমেৰে নিজৰ ঐতিহাসিক ভূমিসমূহৰ মুক্ত কৰিব, কিয়নো আমেৰিকাৰ নেতৃত্বত যুদ্ধৰ অন্ত পেলোৱাৰ প্ৰচেষ্টা স্থবিৰ হৈ পৰিছে ।

আমেৰিকাই ৰাছিয়া, ইউক্ৰেইন আৰু ইউৰোপৰ নেতাৰ সৈতে সংঘাতৰ অন্ত পেলোৱাৰ প্ৰস্তাৱৰ ওপৰত পৃথক পৃথক আলোচনাত মিলিত হৈছে যদিও কোনো সুনিৰ্দিষ্ট সফলতা লাভ কৰা নাই । ইউক্ৰেইনক ভূখণ্ড ৰেহাই দিবলগীয়া হোৱা যিকোনো চুক্তিক লৈ কিয়েভ আৰু ইউৰোপীয় মিত্ৰ দেশসমূহ গভীৰভাৱে চিন্তিত, আনহাতে ইউক্ৰেইনে সুনিৰ্দিষ্ট নিৰাপত্তাৰ নিশ্চয়তাৰ ওপৰত জোৰ দিছে । পশ্চিমীয়া হেঁচা নিৰ্বিশেষে ৰাছিয়া আগবাঢ়ি যাবলৈ সাজু বুলি পুটিনে স্পষ্ট কৰি দিয়ে ।

ইউক্ৰেইনৰ ১৯% ভূখণ্ড দখল-

ৰয়টাৰৰ মতে, বৰ্তমান ৰাছিয়াই ইউক্ৰেইনৰ প্ৰায় ১৯% ভূখণ্ড দখল কৰিছে, য’ত ২০১৪ চনত ক্ৰিমিয়াকে ধৰি ডনবাছৰ বেছিভাগ অঞ্চল, খেৰচন আৰু জাপ’ৰিজিয়াৰ বৃহৎ অঞ্চল আৰু অন্যান্য অঞ্চলৰ সৰু সৰু অংশও আছে ।

মস্কোৱে দাবী কৰিছে যে এই অঞ্চলসমূহ এতিয়া ৰাছিয়াৰ অংশ, কিন্তু ইউক্ৰেইনে এই দাবীক তীব্ৰভাৱে নাকচ কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ বেছিভাগেই ইয়াক স্বীকৃতি নিদিয়ে ।

২০২৬ চনত তীব্ৰতৰ হ’ব আক্ৰমণ-

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছভে যুদ্ধৰ বাবে তেওঁৰ ভৱিষ্যতৰ কৌশলগত পৰিকল্পনাৰ বিষয়ে প্ৰকাশ কৰে । তেওঁ কয় যে ২০২৬ চনত ৰাছিয়াই সামৰিক আক্ৰমণৰ গতি আৰু অধিক বৃদ্ধি কৰাৰ বাবে সাজু হৈছে । ২০২৫ চনত ৰাছিয়াই মুঠ জিডিপিৰ ৫.১ শতাংশ এই সামৰিক অভিযানত ব্যয় কৰিছে ।

ইউৰোপীয় দেশসমূহে শান্তিৰ প্ৰচেষ্টাক পথৰ পৰা নমাই আনিবলৈ চেষ্টা কৰা আৰু নাটোৰ সৈতে সম্ভাৱ্য যুদ্ধৰ বিষয়ে আলোচনা কৰা বুলিও বেলুছভে অভিযোগ কৰে ।

লগতে পঢ়ক : ওমানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হ’ব মুক্ত বাণিজ্য চুক্তি

শেহতীয়া প্ৰৱন্ধসমূহ