'এইটো ব্যক্তিগত সম্পত্তি নহয়...'; ছোনিয়া গান্ধীক নেহৰুৰ পত্ৰ ঘূৰাই দিবলৈ নিৰ্দেশ চৰকাৰৰ

‘এইটো ব্যক্তিগত সম্পত্তি নহয়…’; ছোনিয়া গান্ধীক নেহৰুৰ পত্ৰ ঘূৰাই দিবলৈ নিৰ্দেশ চৰকাৰৰ

ছোনিয়া গান্ধীক নেহৰুৰ পত্ৰ ঘূৰাই দিবলৈ চৰকাৰে দিছে নিৰ্দেশ । সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে কৈছে ‘নিৰুদ্দেশ’ হোৱা নাই নেহৰুৰ নথি-পত্ৰ। চৰকাৰে স্পষ্ট কৰি দিছে যে, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ সৈতে জড়িত নথি-পত্ৰ প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় আৰু পুথিভঁৰাল (পিএমএমএল)ৰ পৰা নোহোৱা হোৱা নাই। কংগ্ৰেছ

ছোনিয়া গান্ধীক নেহৰুৰ পত্ৰ ঘূৰাই দিবলৈ চৰকাৰে দিছে নিৰ্দেশ । সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে কৈছে ‘নিৰুদ্দেশ’ হোৱা নাই নেহৰুৰ নথি-পত্ৰ।

চৰকাৰে স্পষ্ট কৰি দিছে যে, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ সৈতে জড়িত নথি-পত্ৰ প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় আৰু পুথিভঁৰাল (পিএমএমএল)ৰ পৰা নোহোৱা হোৱা নাই।

কংগ্ৰেছ দলে বিষয়টো সন্দৰ্ভত ক্ষমা বিচৰাৰ পিছতে এই বিবৃতি প্ৰকাশ কৰিছে।সাংস্কৃতিক মন্ত্ৰালয়ে বিৰোধীৰ দাবী খাৰিজ কৰি কয় যে চিঠি আৰু নোট নোহোৱা হোৱা নাই।

চৰকাৰৰ মতে, ২০০৮ চনৰ ২৯ এপ্ৰিলত ছোনিয়া গান্ধীৰ প্ৰতিনিধি এম ভি ৰাজনে এখন পত্ৰত নেহৰুৰ ব্যক্তিগত পাৰিবাৰিক পত্ৰ আৰু নোটসমূহ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছিল।তাৰ পিছত ২০০৮ চনত চৰকাৰে ব্যক্তিগত কাগজৰ ৫১ টা কাৰ্টন ছোনিয়া গান্ধীৰ হাতত গতাই দিয়ে।

মন্ত্ৰালয়ে কয় যে এই নথি-পত্ৰসমূহ ঘূৰাই দিয়াৰ বাবে পিএমএমএলে ছোনিয়া গান্ধীৰ কাৰ্যালয়ৰ সৈতে অহৰহ যোগাযোগ অব্যাহত ৰাখিছে,য’ত ২০২৫ চনৰ জানুৱাৰী আৰু জুলাই মাহতো চিঠি প্ৰেৰণ কৰা হৈছিল।

সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে ইনষ্টাগ্ৰামত লিখিছে যে নেহৰুৰ নথি-পত্ৰ ‘নিৰুদ্দেশ’ হোৱা নাই,সেই স্থান জানো।

তেওঁ ছোনিয়া গান্ধীক আহ্বান জনায় যে দেশক স্পষ্ট কৰি দিয়ক কি লুকুৱাই ৰখা হৈছে আৰু ইমান গুৰুত্বপূৰ্ণ ঐতিহাসিক নথি-পত্ৰ ৰাজহুৱা আৰ্কাইভলৈ কিয় ঘূৰাই দিয়া নহ’ল?

তেওঁ কয় যে এইবোৰ ব্যক্তিগত পৰিয়ালৰ কাগজ নহয়,বৰঞ্চ এইবোৰ জাতীয় ঐতিহ্যৰ অংশ আৰু গৱেষকসকলৰ বাবে ইয়াৰ সুবিধা লাভ কৰাটো অতি প্ৰয়োজনীয়।

লগতে পঢ়ক: কাউন্টডাউন আৰম্ভঃ অসম বিধানসভা নিৰ্বাচনৰ প্ৰভাৰী নিযুক্তি বিজেপিৰ