উচ্চ শিক্ষা আয়োগ গঠনৰ বাবে লোকসভাত উত্থাপন বিধেয়ক, যুটীয়া সমিতিলৈ প্ৰেৰণৰ প্ৰস্তুতি

উচ্চ শিক্ষা আয়োগ গঠনৰ বাবে লোকসভাত উত্থাপন বিধেয়ক, যুটীয়া সমিতিলৈ প্ৰেৰণৰ প্ৰস্তুতি

সোমবাৰে লোকসভাত উত্থাপন কৰা হয় উচ্চ শিক্ষা আয়োগ আৰু তিনিখন পৰিষদ গঠনৰ লক্ষ্যৰে “বিকশিত ভাৰত শিক্ষা প্ৰতিষ্ঠান”। উচ্চ শিক্ষা ব্যৱস্থাৰ বৃহৎ সংস্কাৰৰ দিশত এক পদক্ষেপ হিচাপে সোমবাৰে লোকসভাত উত্থাপন কৰা হয় উচ্চ শিক্ষা আয়োগ আৰু তিনিখন পৰিষদ গঠনৰ লক্ষ্যৰে “বিকশিত ভাৰত শিক্ষা প্ৰতিষ্ঠান”। লগতে চৰকাৰে

সোমবাৰে লোকসভাত উত্থাপন কৰা হয় উচ্চ শিক্ষা আয়োগ আৰু তিনিখন পৰিষদ গঠনৰ লক্ষ্যৰে “বিকশিত ভাৰত শিক্ষা প্ৰতিষ্ঠান”।

উচ্চ শিক্ষা ব্যৱস্থাৰ বৃহৎ সংস্কাৰৰ দিশত এক পদক্ষেপ হিচাপে সোমবাৰে লোকসভাত উত্থাপন কৰা হয় উচ্চ শিক্ষা আয়োগ আৰু তিনিখন পৰিষদ গঠনৰ লক্ষ্যৰে “বিকশিত ভাৰত শিক্ষা প্ৰতিষ্ঠান”। লগতে চৰকাৰে বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰি সকলো অংশীদাৰৰ পৰা মতামত বিচৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ।

দেওবাৰে কংগ্ৰেছৰ এখন সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ভাবুকিমূলক শ্লোগানৰ দিয়াৰ বিষয়টোক লৈ সংসদত হোৱা হূলস্থূলীয়া পৰিৱেশৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বিধেয়কখন উত্থাপন কৰে ।

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়া এজন অধ্যক্ষৰ নেতৃত্বত গঠিত উচ্চ শিক্ষা আয়োগত আই আই টি, এন আই টি, আই আই এছ চি, আই আই এছ ই আৰ, আই আই এম আৰু আই আই আই টিকে ধৰি শিক্ষা মন্ত্ৰালয়ৰ প্ৰশাসনিক পৰিসৰৰ অধীনত কাম কৰা সকলো কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনস্থ মহাবিদ্যালয়, ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহ অন্তৰ্ভুক্ত হ’ব ।

বৰ্তমান আই আই টি আৰু আই আই এম বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি)ৰ দ্বাৰা নিয়ন্ত্ৰিত নহয় ।

বিধেয়কখনত কোৱা হৈছে যে, “বিকশিত ভাৰত শিক্ষা প্ৰতিষ্ঠান উচ্চ শিক্ষাৰ ব্যাপক আৰু সামগ্ৰিক উন্নয়নৰ বাবে নিৰ্দেশনা প্ৰদান আৰু পৰিষদসমূহৰ মাজত সমন্বয় নিশ্চিত কৰাৰ বাবে এক শীৰ্ষ সংস্থা হ’ব ।”

ইয়াত আৰু কোৱা হৈছে যে, “মানক পৰিষদে উচ্চ শিক্ষানুষ্ঠানসমূহত শৈক্ষিক মানদণ্ডৰ সমন্বয় আৰু নিৰ্ণয় নিশ্চিত কৰিব, নিয়ন্ত্ৰণ পৰিষদে উচ্চ শিক্ষানুষ্ঠানসমূহত মানদণ্ডৰ সমন্বয় আৰু ৰক্ষণাবেক্ষণ নিশ্চিত কৰিব, আনহাতে স্বীকৃতি পৰিষদে স্বীকৃতি প্ৰদানৰ এক স্বতন্ত্ৰ ব্যৱস্থা নিৰীক্ষণ আৰু তদাৰক কৰা স্বীকৃতি প্ৰদান সংস্থা হ’ব ।”

লগতে পঢ়ক : ২০২৬ চনত AIৰ সৈতে কাম কৰিবলৈ আপুনি হ’ব লাগিব আৰু স্মাৰ্ট; প্ৰয়োজনীয় হ’ব এই সমূহ দক্ষতা

শেহতীয়া প্ৰৱন্ধসমূহ