প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু জৰ্ডানৰ মাজত সন্ত্ৰাসবাদ, উগ্ৰবাদৰ বিৰুদ্ধে এক উমৈহতীয়া আৰু স্পষ্ট স্থিতি আছে । তেওঁ গাজা বিষয়ত জৰ্ডানৰ সক্ৰিয় আৰু ইতিবাচক ভূমিকাক শলাগ লয় ।
সোমবাৰে জৰ্ডানৰ ৰাজধানী আম্মানত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ভাৰত-জৰ্ডান সম্পৰ্কৰ বাবে এই ভ্ৰমণ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে, কিয়নো ৩৭ বছৰৰ ভিতৰত এয়া ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথমটো পূৰ্ণাংগ দ্বিপাক্ষিক ভ্ৰমণ । ভাৰত আৰু জৰ্ডানৰ কূটনৈতিক সম্পৰ্ক ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ সময়তে এই ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীৰ চাৰিদিনীয়া তিনিখন দেশ ভ্ৰমণৰ প্ৰথম ষ্টপেজ জৰ্ডান । ইয়াৰ পিছত তেওঁ ইথিওপিয়া আৰু ওমানলৈ যাত্ৰা কৰিব ।
প্ৰধানমন্ত্ৰীয়ে জৰ্ডানৰ নেতৃত্ব আৰু জনসাধাৰণক উষ্ম আদৰণি জনোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে তেওঁ ১৪০ কোটি ভাৰতীয়ৰ হৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে ।
আম্মান বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক বিশেষ আৰু উষ্ম আদৰণি জনোৱা হয় । জৰ্ডানৰ প্ৰধানমন্ত্ৰী জাফৰ হাছানে ব্যক্তিগতভাৱে বিমানবন্দৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্ভাষণ জনায় । ইয়াৰ পিছত তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় । হোটেলত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক জৰ্ডানত বাস কৰা ভাৰতীয় সম্প্ৰদায়ে আদৰণি জনায় ।
ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে জৰ্ডানৰ ৰজা দ্বিতীয় আব্দুল্লাহ ইবনে আল হুছেইনক হুছেইনিয়া প্ৰাসাদত সাক্ষাৎ কৰে । বৈঠকত দুয়োগৰাকী নেতাই ভাৰত-জৰ্ডানৰ দ্বিপাক্ষিক সম্পৰ্কৰ লগতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰে ।
প্ৰধানমন্ত্ৰীয়ে কয় যে এইবাৰ ভাৰত আৰু জৰ্ডানে কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰিছে । ইয়াক দুয়োখন দেশৰ সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আখ্যা দি এই উপলক্ষে আগন্তুক বছৰবোৰত সহযোগিতাৰ বাবে নতুন শক্তি আৰু দিশ প্ৰদান কৰিব বুলি কয় তেওঁ ।
প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে বৰ্তমানৰ বৈঠকে দ্বিপাক্ষিক সম্পৰ্কত গতি আৰু গভীৰতা দুয়োটা যোগ কৰিব । ভাৰত আৰু জৰ্ডানে বাণিজ্য, সাৰ, ডিজিটেল প্ৰযুক্তি, আন্তঃগাঁথনি আৰু মানুহৰ মাজত যোগাযোগ আদি ক্ষেত্ৰত সহযোগিতা আগবঢ়াই নিব ।
এই ভ্ৰমণৰ সময়ত স্বাক্ষৰিত চুক্তি আৰু বুজাবুজি চুক্তিয়ে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত এক নতুন দিশ প্ৰদান কৰিব বুলিও তেওঁ কয় । তেওঁ ব্যৱসায়ৰ পৰা ব্যৱসায়লৈ অংশীদাৰিত্ব আৰু যৌথ বিনিয়োগৰ সম্ভাৱনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।
ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে গাজা বিষয়ত জৰ্ডানৰ সক্ৰিয় আৰু ইতিবাচক ভূমিকাক শলাগ লয় । তেওঁ কয় যে ভাৰতে অঞ্চলটোত অবিৰত শান্তি আৰু স্থিতিশীলতাৰ আশা কৰিছে ।
আহাতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু জৰ্ডানৰ মাজত সন্ত্ৰাসবাদ, উগ্ৰবাদৰ বিৰুদ্ধে এক উমৈহতীয়া আৰু স্পষ্ট স্থিতি আছে । তেওঁ লগতে কয় যে জৰ্ডানে এই ভাবুকিৰ বিৰুদ্ধে মানৱতালৈ এক শক্তিশালী আৰু কৌশলগত বাৰ্তা প্ৰেৰণ কৰিছে । প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিবন্ধিত অধিৱেশনৰ সময়ত এই গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ সন্দৰ্ভত বিতং আলোচনা কৰা হয় ।
লগতে পঢ়ক : অম্মানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, ৰজা আব্দুল্লাৰ নিমন্ত্ৰণত দুদিনীয়া কাৰ্যসূচীৰে জৰ্ডান ভ্ৰমণ









