আমেৰিকাৰ পাছত এতিয়া এইখন দেশৰ শুল্ক আক্ৰমণ, ভাৰতকে ধৰি বহু দেশৰ ওপৰত ৫০% শুল্ক !

আমেৰিকাৰ পাছত এতিয়া এইখন দেশৰ শুল্ক আক্ৰমণ, ভাৰতকে ধৰি বহু দেশৰ ওপৰত ৫০% শুল্ক !

আমেৰিকাৰ পাছত এইবাৰ মেক্সিকোৱে আৰম্ভ কৰিছে শুল্ক আক্ৰমণ । ভাৰতকে ধৰি এছিয়াৰ কেইবাখনো দেশৰ পৰা অহা সামগ্ৰীৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছে দেশখনে । সমগ্ৰ বিশ্বতে যেন আকৌ এবাৰ শুল্ক যুদ্ধৰ সূচনা হৈছে । আমেৰিকাই শুল্ক বৃদ্ধি কৰি বহু দেশত আঘাত হনাৰ পিছতে

আমেৰিকাৰ পাছত এইবাৰ মেক্সিকোৱে আৰম্ভ কৰিছে শুল্ক আক্ৰমণ । ভাৰতকে ধৰি এছিয়াৰ কেইবাখনো দেশৰ পৰা অহা সামগ্ৰীৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছে দেশখনে ।

সমগ্ৰ বিশ্বতে যেন আকৌ এবাৰ শুল্ক যুদ্ধৰ সূচনা হৈছে । আমেৰিকাই শুল্ক বৃদ্ধি কৰি বহু দেশত আঘাত হনাৰ পিছতে এতিয়া মেক্সিকোৱে আৰম্ভ কৰিছে শুল্ক আক্ৰমণ । মেক্সিকোৱে এটা ডাঙৰ পদক্ষেপ লৈছে আৰু চীনকে ধৰি এছিয়াৰ কেইবাখনো দেশৰ পৰা অহা সামগ্ৰীৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছে, যিটো আমেৰিকাৰ দৰেই ৫০% পৰ্যন্ত হ’ব । ছিনেটে এই প্ৰস্তাৱত অনুমোদন জনাইছে আৰু এই নতুন শুল্কসমূহ অহা বছৰ ২০২৬ চনত কাৰ্যকৰী হ’ব । এয়া এক ডাঙৰ আঘাত হ’ব, বিশেষকৈ যিবোৰ দেশৰ মেক্সিকোৰ সৈতে বাণিজ্যিক চুক্তি নাই ।

জানিব পৰা মতে মেক্সিকোৰ এই শুল্ক বৃদ্ধি ২০২৬ চনৰ পৰা কাৰ্যকৰী হ’ব । এই সিদ্ধান্তৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হোৱা দেশসমূহৰ ভিতৰত আছে চীন, ভাৰত, দক্ষিণ কোৰিয়া, থাইলেণ্ড আৰু ইণ্ডোনেছিয়া । অহা বছৰৰ পৰা মেক্সিকোৱে এই সকলো দেশৰ পৰা অহা অটো পাৰ্টছ, টেক্সটাইল, ষ্টীল আৰু অন্যান্য সামগ্ৰীৰ ওপৰত ৫০% পৰ্যন্ত শুল্ক আৰোপ কৰিব । ছিনেটত গৃহীত প্ৰস্তাৱ অনুসৰি বহু সামগ্ৰীৰ শুল্ক ৩৫% লৈ বৃদ্ধি কৰা হৈছে । মেক্সিকান চেনেটে এই শুল্ক বৃদ্ধি বিধেয়কৰ সপক্ষে ৭৬টা ভোট দিয়াৰ বিপৰীতে ইয়াৰ বিৰোধিতাত ৫টা ভোট লাভ কৰে । ইয়াৰ বাহিৰেও ৩৫টা অনুপস্থিত ভোটেৰে গৃহীত হয় ।

দৰাচলতে আমেৰিকাৰ আদৰ্শ অনুসৰণ কৰি মেক্সিকোৱেও নিজৰ স্থানীয় উদ্যোগসমূহক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে শুল্ক বৃদ্ধিৰ এই পদক্ষেপ গ্ৰহণ কৰিছে । অৱশ্যে ইয়াৰ প্ৰভাৱৰ পৰিসৰ সময়েহে ক’ব।  ইফালে ব্যৱসায়িক গোষ্ঠীসমূহে এই শুল্ক বৃদ্ধিৰ তীব্ৰ বিৰোধিতা কৰিছে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মাইক্ৰ’ছফ্টৰ অধ্যক্ষ সত্য নাডেলাৰ, ভাৰতত ১৭.৫ বিলিয়ন ডলাৰৰ বিনিয়োগ ঘোষণা