‘আমি সম্পূৰ্ণ চেষ্টা কৰিছিলো’; আইনী বিবাদৰ মাজতে ‘আখণ্ডা ২’ৰ নিৰ্মাতাসকলৰ বিবৃতি প্ৰকাশ

‘আমি সম্পূৰ্ণ চেষ্টা কৰিছিলো’; আইনী বিবাদৰ মাজতে ‘আখণ্ডা ২’ৰ নিৰ্মাতাসকলৰ বিবৃতি প্ৰকাশ

পুনৰ পিছুৱাই দিয়া হ’ল তেলেগু ছুপাৰষ্টাৰ নন্দমুৰি বালকৃষ্ণৰ ছবি ‘আখণ্ডা ২’ । অতি সোনকালে ঘোষণা কৰিব মুক্তিৰ নতুন তাৰিখ। তেলেগু ছুপাৰষ্টাৰ নন্দমুৰি বালকৃষ্ণৰ ছবি ‘আখণ্ডা ২’ ৫ ডিচেম্বৰত ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল।কিন্তু নিৰ্মাতাসকলে শেষ মুহূৰ্তত ছবিখনৰ মুক্তি পিছুৱাই দিয়ে। ইয়াৰ কাৰণ কাৰিকৰী সমস্যা বুলি

পুনৰ পিছুৱাই দিয়া হ’ল তেলেগু ছুপাৰষ্টাৰ নন্দমুৰি বালকৃষ্ণৰ ছবি ‘আখণ্ডা ২’ । অতি সোনকালে ঘোষণা কৰিব মুক্তিৰ নতুন তাৰিখ।

তেলেগু ছুপাৰষ্টাৰ নন্দমুৰি বালকৃষ্ণৰ ছবি ‘আখণ্ডা ২’ ৫ ডিচেম্বৰত ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল।কিন্তু নিৰ্মাতাসকলে শেষ মুহূৰ্তত ছবিখনৰ মুক্তি পিছুৱাই দিয়ে। ইয়াৰ কাৰণ কাৰিকৰী সমস্যা বুলি কোৱা হৈছিল।

একে সময়তে বহু বাতৰিত দাবী কৰা হৈছিল যে প্ৰডাকচন হাউছ ১৪ ৰিলছ এণ্টাৰটেইনমেণ্ট আৰু ইৰ’ছৰ মাজত চলি থকা আদালতৰ গোচৰৰ বাবেই এনে হৈছে।

এতিয়া মেকাৰসকলে ছ’চিয়েল মিডিয়াত আন এক বিবৃতি প্ৰকাশ কৰি কয় যে ছবিখনৰ নতুন মুক্তিৰ তাৰিখ অতি সোনকালে ঘোষণা কৰা হ’ব।

ইয়াৰ সমান্তৰালকৈ মেকাৰসকলে পুনৰবাৰ নন্দমুৰি বালকৃষ্ণৰ অনুৰাগীৰ ওচৰত ক্ষমা বিচাৰিছে।লগতে তেওঁ ছুপাৰষ্টাৰগৰাকী আৰু বয়াপতি শ্ৰীণুৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে যে তেওঁ কঠিন সময়ত দৃঢ়তাৰে থিয় দিছে।

শুকুৰবাৰে নিশা প্ৰযোজকসকলে প্ৰডাকচন হাউছ ১৪ ৰিলছ এণ্টাৰটেইনমেণ্টৰ অফিচিয়েল হেণ্ডেলত এক বিবৃতি প্ৰকাশ কৰে।

মেকাৰসকলে এক বিবৃতিত কয় যে, ‘আমি আখণ্ডা ২ক ডাঙৰ পৰ্দালৈ আনিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলোঁ।কিন্তু আমাৰ অবিৰত প্ৰচেষ্টাৰ পিছতো কেতিয়াবা আটাইতকৈ অপ্ৰত্যাশিত কথাবোৰ ঘটে আৰু দুৰ্ভাগ্যজনকভাৱে এইটোও তেনে এটা সময়’।

‘ আমি বিশ্বৰ সকলো অনুৰাগী আৰু চিনেমাপ্ৰেমীৰ ওচৰত আমি আন্তৰিকতাৰে ক্ষমা বিচাৰিছো,যিসকলে ইমান উৎসাহেৰে ছবিখনৰ বাবে অপেক্ষা কৰি আছিল। ‘

লগতে পঢ়ক: ২ বছৰৰ মূৰত ৰণবীৰ সিঙৰ প্ৰত্যাৱৰ্তন; ‘ধুৰন্ধৰ’ক ব্লকবাষ্টাৰ আখ্যা

শেহতীয়া প্ৰৱন্ধসমূহ