দিল্লী বিস্ফোৰণৰ গোচৰত আন এক সফলতা; শ্ৰীনগৰত গ্ৰেপ্তাৰ ওমৰৰ সহযোগী

দিল্লী বিস্ফোৰণৰ গোচৰত আন এক সফলতা; শ্ৰীনগৰত গ্ৰেপ্তাৰ ওমৰৰ সহযোগী

দিল্লী বিস্ফোৰণৰ ঘটনাত আন এক গ্ৰেপ্তাৰ দিল্লী বিস্ফোৰণৰ ঘটনাৰ আন এটা অভিযুক্ত জাছিৰ বিলাল ৱানী ওৰফে ডেনিছক গ্ৰেপ্তাৰ কৰিছে এন আই এয়ে । জানিব পৰা মতে বিস্ফোৰণ সংঘটিত কৰা সন্ত্ৰাসবাদী উমৰ-উন-নবীৰ মূল সহযোগী আছিল জাছিৰ । দুয়ো মিলি দিল্লীত বৃহৎ বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল ।

দিল্লী বিস্ফোৰণৰ ঘটনাত আন এক গ্ৰেপ্তাৰ

দিল্লী বিস্ফোৰণৰ ঘটনাৰ আন এটা অভিযুক্ত জাছিৰ বিলাল ৱানী ওৰফে ডেনিছক গ্ৰেপ্তাৰ কৰিছে এন আই এয়ে । জানিব পৰা মতে বিস্ফোৰণ সংঘটিত কৰা সন্ত্ৰাসবাদী উমৰ-উন-নবীৰ মূল সহযোগী আছিল জাছিৰ । দুয়ো মিলি দিল্লীত বৃহৎ বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল । তদন্তত এই সন্ত্ৰাসবাদীয়ে হামাছৰ দৰে ড্ৰোন আৰু ৰকেট ব্যৱহাৰ কৰি দিল্লী আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল বুলি জানিব পৰা গৈছে ।

সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে আগবঢ়াইছিল কাৰিকৰী সহায়-

অভিযুক্ত জম্মু-কাশ্মীৰৰ অনন্তনাগৰ কাজিগুণ্ড অঞ্চলৰ আৱাসী আৰু তদন্তকাৰী সংস্থাই অভিযুক্তটোক শ্ৰীনগৰত গ্ৰেপ্তাৰ কৰিছে । প্ৰকাশিত বাতৰি অনুসৰি তদন্তত জাছিৰে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে কাৰিকৰী সহায় আগবঢ়োৱা বুলি জানিব পৰা গৈছে । অভিযুক্তটোৱে ড্ৰোন মডিফাইড কৰিছিল আৰু সন্ত্ৰাসবাদী আক্ৰমণত ব্যৱহাৰ কৰিব পৰা ৰকেট নিৰ্মাণৰ চেষ্টাও কৰিছিল ।

লালকিল্লাৰ গাড়ী বোমা বিস্ফোৰণৰ পূৰ্বে অভিযুক্তই একেধৰণৰ কাৰিকৰী সহায় আগবঢ়াইছিল । এন আই এৰ তথ্য অনুসৰি দিল্লী বিস্ফোৰণ সংঘটিত কৰাত জাছিৰে বিভিন্ন পৰ্যায়ত সহায় কৰিছিল । এন আই এৰ মতে অভিযুক্তটো এই সন্ত্ৰাসবাদী মডিউলৰ সক্ৰিয় সদস্য আৰু সমগ্ৰ ষড়যন্ত্ৰৰ এক মূল উপাদান আছিল ।

হামাছৰ দৰে পৰিকল্পিত আক্ৰমণ-

তদন্তত প্ৰকাশ পাইছে যে সন্ত্ৰাসবাদীয়ে অহৰহ ড্ৰোন নিৰ্মাণ কৰি আছিল যিবোৰ মডিফাইড কৰি অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যায় । অভিযুক্তই ড্ৰোনবোৰত কেমেৰা আৰু বেটাৰীৰ লগতে সৰু সৰু বোমাও সজ্জিত কৰিবলৈ সাজু হৈছিল । পৰিকল্পনা আছিল ভিৰ হোৱা অঞ্চল বা নিৰাপত্তাৰক্ষীৰ স্থানক ড্ৰোনেৰে লক্ষ্য কৰি বিস্ফোৰণ সংঘটিত কৰা । ছিৰিয়া, গাজা, আফগানিস্তানৰ দৰে অঞ্চলত হামাছ আৰু অন্যান্য সংগঠনে একেধৰণৰ ড্ৰোন আক্ৰমণ চলাই আহিছে ।

উল্লেখ্য যে, এই গোচৰত সংস্থাটোৱে অহৰহ নতুন নতুন তথ্য সংগ্ৰহ কৰি আছে । বিস্ফোৰণত যিকোনো ধৰণৰ ভূমিকা লোৱা লোকক আটক কৰিবলৈ বিভিন্ন বেলেগ বেলেগ ৰাজ্যত এন আই এৰ কেইবাটাও দলে অভিযান চলাইছে ।

লগতে পঢ়ক : দিল্লী বিস্ফোৰণ: তদন্তকাৰী সংস্থাই লাভ কৰিছে ডাঙৰ সফলতা