শ্বেখ হাছিনাৰ প্ৰথমটো প্ৰতিক্ৰিয়া
বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে প্ৰদান কৰা মৃত্যুদণ্ডক “সম্পূৰ্ণ পক্ষপাতদুষ্ট, ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু অবৈধ” বুলি অভিহিত কৰিছে । শাস্তি ঘোষণাৰ পিছত ৭৮ বছৰীয়া শ্বেখ হাছিনাই কয় যে এই সিদ্ধান্ত “ভুৱা আৰু তথাকথিত আদালত”ত লোৱা হৈছে, যাৰ কোনো জন সমৰ্থন নাই ।
২০২৪ চনৰ ৫ আগষ্টৰ পৰা ভাৰতত আশ্ৰয় লৈ আছে শ্বেখ হাছিনাই । বিগত বছৰত হিংসাত্মক প্ৰতিবাদৰ সময়ত আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণে তেওঁক মানৱতাৰ বিৰুদ্ধে অপৰাধত দোষী সাব্যস্ত কৰিছিল । ৰায়দানৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাছিনাই কয় যে, “মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মই স্পষ্টভাৱে নাকচ কৰো । মোৰ অনুপস্থিতিত বিচাৰ চলোৱা হৈছিল আৰু মোক নিজৰ পক্ষ লোৱাৰ সুযোগ দিয়া হোৱা নাছিল আৰু মোৰ পছন্দৰ অধিবক্তাও ৰখাৰ অনুমতি দিয়া হোৱা নাছিল ।”
তেওঁ কয় যে, আই চি টিৰ কোনো আন্তঃৰাষ্ট্ৰীয় ধৰণৰ কথা নাই । এই ন্যায়াধিকৰণে বিৰোধী দলসমূহে সংঘটিত কৰা হিংসাক সম্পূৰ্ণৰূপে আওকাণ কৰি কেৱল আৱামি লীগৰ সদস্যসকলক লক্ষ্য কৰি লৈছে । হাছিনাই লগতে কয়, “বিশ্বৰ কোনো সন্মানীয় আৰু পেছাদাৰী আইনী বিশেষজ্ঞই বাংলাদেশৰ এই আই চি টিক স্বীকৃতি নিদিয়ে । ইয়াৰ উদ্দেশ্য হৈছে বাংলাদেশৰ শেষৰজন নিৰ্বাচিত প্ৰধানমন্ত্ৰীক ক্ষমতাৰ পৰা আঁতৰাই ৰাজনৈতিকভাৱে আৱামি লীগ ধ্বংস কৰা ।”
শ্বেখ হাছিনাই বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে, তেওঁ “অসাংবিধানিকভাৱে ক্ষমতা দখল কৰিছে আৰু উগ্ৰপন্থী শক্তিক সমৰ্থন কৰিছে” । ইউনুছৰ শাসনত ছাত্ৰ-ছাত্ৰী, বস্ত্ৰশিল্পৰ শ্ৰমিক, চিকিৎসক, শিক্ষকৰ শান্তিপূৰ্ণ প্ৰতিবাদ দমন কৰা হৈছে, অসংখ্য গুলীচালনা হৈছিল, সাংবাদিকক হাৰাশাস্তি কৰা হৈছিল বুলিও কয় হাছিনাই । তেওঁ দাবী কৰে যে মহম্মদ ইউনুছৰ সমৰ্থকসকলে সমগ্ৰ দেশতে আৱামি লীগৰ নেতা আৰু কৰ্মীসকলৰ শ শ ঘৰ, দোকান, সম্পত্তি ধ্বংস কৰিছে ।
লগতে পঢ়ক : শ্বেখ হাছিনাক মৃত্যুদণ্ড; মানৱতাৰ বিৰুদ্ধে অপৰাধত দোষী সাব্যস্ত









