শ্বেখ হাছিনাক মৃত্যুদণ্ড; মানৱতাৰ বিৰুদ্ধে অপৰাধত দোষী সাব্যস্ত

শ্বেখ হাছিনাক মৃত্যুদণ্ড; মানৱতাৰ বিৰুদ্ধে অপৰাধত দোষী সাব্যস্ত

শ্বেখ হাছিনাক মৃত্যুদণ্ড বাংলাদেশৰ প্ৰাক্তন তথা নিৰ্বাসিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মানৱতাৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ দোষী সাব্যস্ত কৰিছে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে । এই গোচৰত তিনিজনীয়া ন্যায়াধিকৰণে শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে । শ্বেখ হাছিনাৰ লগতে প্ৰাক্তন গৃহমন্ত্ৰী আৰু প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শককো মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা

শ্বেখ হাছিনাক মৃত্যুদণ্ড

বাংলাদেশৰ প্ৰাক্তন তথা নিৰ্বাসিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মানৱতাৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ দোষী সাব্যস্ত কৰিছে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে । এই গোচৰত তিনিজনীয়া ন্যায়াধিকৰণে শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে । শ্বেখ হাছিনাৰ লগতে প্ৰাক্তন গৃহমন্ত্ৰী আৰু প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শককো মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয় । ন্যায়াধীশ গুলাম মুৰ্তাজাৰ নেতৃত্বত তিনিজনীয়া ন্যায়াধীশে ছটা ভাগত ৰায়দান কৰে যি ৪০০ পৃষ্ঠাৰ আছিল ।

ন্যায়াধীশ মুৰ্তাজাৰ নেতৃত্বত গঠিত এই ন্যায়াধিকৰণত ন্যায়াধীশ মহম্মদ ছাফিউল আলম মাহমুদ আৰু মহম্মদ মহিতুল হক এনাম চৌধুৰী আছে । ট্ৰিবিউনেলে এটা গোচৰত ৰায় দিয়ে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনাক মৃত্যুৰ আগলৈকে কাৰাগাৰত বন্দী কৰি ৰাখিব লাগে । এই ৰায়দানৰ বাবে মানৱ অধিকাৰ সংগঠন আৰু অন্যান্য সংগঠনৰ অসংখ্য প্ৰতিবেদন বিবেচনা কৰা বুলি ন্যায়াধিকৰণে উল্লেখ কৰে । ইয়াত অত্যাচাৰৰ বিষয়েও বিতংভাৱে উল্লেখ কৰা হৈছে । শ্বেখ হাছিনাই মানৱতাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰিছিল বুলি কৈছে ন্যায়াধিকৰণে ।

ন্যায়াধিকৰণৰ ৰায়দানত বহু সংখ্যক প্ৰতিবাদকাৰীৰ মৃত্যু হোৱা বুলিও উল্লেখ কৰা হৈছে । শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীৰ ওপৰত হেলিকপ্টাৰ পৰা বোমা পেলোৱাৰ নিৰ্দেশ দিছিল হাছিনাই । ন্যায়াধিকৰণে লগতে কয় যে আৱামী লীগৰ কৰ্মীসকলে দলীয় নেতৃত্বৰ সম্পূৰ্ণ জ্ঞাতসাৰে ৰাজপথলৈ ওলাই আহি পূৰ্ব পৰিকল্পিত আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

ন্যায়াধিকৰণৰ এই সিদ্ধান্তৰ পিছতে বাংলাদেশৰ ৰাজধানী ঢাকাৰ পৰিস্থিতি অধিক অৱনতি ঘটিছে । শ্বেখ হাছিনাৰ সমৰ্থকসকল ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে । ইফালে হাছিনাই ন্যায়াধিকৰণৰ এই সিদ্ধান্তক পক্ষপাতদুষ্ট আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰে । বাংলাদেশৰ প্রাক্তন গৃহমন্ত্রী আছাদুজ্জামান খান কমলে আই চি টিৰ এই সিদ্ধান্তক অবৈধ আদালত আখ্যা দি আৱামী লীগৰ নেতৃত্ব নির্মূলৰ প্রয়াস বুলি অভিহিত কৰে ৷

ন্যায়াধিকৰণে উল্লেখ কৰিছে যে ১৮ জুলাইত গুলীত আঘাতপ্ৰাপ্ত হৈ ২০০ৰো অধিক চিকিৎসালয়ত উপস্থিত হৈছিল । ১৯ জুলাইতো একেধৰণৰ সংখ্যা আহিছিল । এই ক্ষেত্ৰতো শ্বেখ হাছিনাই প্ৰতিবাদকাৰীক হত্যাৰ নিৰ্দেশ দিয়া বুলিও উল্লেখ কৰিছে ন্যায়াধিকৰণে । ন্যায়াধিকৰণে কয় যে হাছিনা সৰ্বোচ্চ শাস্তিৰ যোগ্য ।

লগতে পঢ়ক : মেক্সিকোত তীব্ৰতৰ হৈ উঠিছে জেন-জি আন্দোলন; ব্যাপক সংঘৰ্ষ-আটক