দিল্লী বিস্ফোৰণ: তদন্তকাৰী সংস্থাই লাভ কৰিছে ডাঙৰ সফলতা

দিল্লী বিস্ফোৰণ: তদন্তকাৰী সংস্থাই লাভ কৰিছে ডাঙৰ সফলতা

দিল্লী বিস্ফোৰণৰ তদন্ত অব্যাহত দিল্লীৰ বিস্ফোৰণৰ তদন্ত কৰি থকা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা তথা এন আই এ ডাঙৰ সফলতা লাভ কৰিছে । সংস্থাই আত্মঘাতী বোমাৰুটোৰ সৈতে এই সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ কৰা কাশ্মীৰী বাসিন্দাজনক গ্ৰেপ্তাৰ কৰিছে । উল্লেখ্য যে, এই আক্ৰমণত ১৩ জন নিৰীহ লোক নিহত হোৱাৰ

দিল্লী বিস্ফোৰণৰ তদন্ত অব্যাহত

দিল্লীৰ বিস্ফোৰণৰ তদন্ত কৰি থকা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা তথা এন আই এ ডাঙৰ সফলতা লাভ কৰিছে । সংস্থাই আত্মঘাতী বোমাৰুটোৰ সৈতে এই সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ কৰা কাশ্মীৰী বাসিন্দাজনক গ্ৰেপ্তাৰ কৰিছে । উল্লেখ্য যে, এই আক্ৰমণত ১৩ জন নিৰীহ লোক নিহত হোৱাৰ বিপৰীতে প্ৰায় ৩২ জন লোক আহত হয় । এই গ্ৰেপ্তাৰৰ ফলত গোচৰৰ দিশ সলনি হ’ব পাৰে আৰু সন্ত্ৰাসবাদীৰ নেটৱৰ্ক উন্মোচন হোৱাত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব পাৰে ।

জানিব পৰা মতে ধৃত অভিযুক্ত আমিৰ ৰছিদ আলী হৈছে বিস্ফোৰণত আত্মঘাতী বোমাৰোৱে ব্যৱহাৰ কৰা গাড়ীখনৰ পঞ্জীয়নভুক্ত মালিক । প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে অভিযুক্তই আক্ৰমণকাৰীৰ সৈতে সমগ্ৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল । দিল্লী আৰক্ষীৰ পৰা গোচৰটো লোৱাৰ পিছতে তদন্তকাৰী সংস্থাই অভিযুক্তক বিচাৰি উলিয়াবলৈ ব্যাপক অভিযান আৰম্ভ কৰিছিল । অৱশেষত কেইবাখনো ৰাজ্যত চলোৱা অভিযানৰ অন্তত দিল্লীৰ পৰা গ্ৰেপ্তাৰ হ’ল আমিৰ ৰছিদ আলী ।

লগতে পঢ়ক : জম্মু-কাশ্মীৰৰ নাওগাম থানাত ভয়ংকৰ বিস্ফোৰণ; ৯ জনৰ মৃত্যু