মেক্সিকোত তীব্ৰতৰ হৈ উঠিছে জেন-জি আন্দোলন; ব্যাপক সংঘৰ্ষ-আটক

মেক্সিকোত তীব্ৰতৰ হৈ উঠিছে জেন-জি আন্দোলন; ব্যাপক সংঘৰ্ষ-আটক

মেক্সিকোত তীব্ৰতৰ হৈ উঠিছে জেন-জি আন্দোলন মেক্সিকো চহৰত জেন-জি আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছে । শনিবাৰে মেক্সিকো চহৰৰ ৰাজপথলৈ ওলাই আহি অপৰাধ আৰু দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে হাজাৰ হাজাৰ যুৱ প্ৰতিবাদকাৰীয়ে । এই সময়ছোৱাত আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ হয় । প্ৰতিবাদকাৰীয়ে আৰক্ষীক শিলগুটি নিক্ষেপ

মেক্সিকোত তীব্ৰতৰ হৈ উঠিছে জেন-জি আন্দোলন

মেক্সিকো চহৰত জেন-জি আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছে । শনিবাৰে মেক্সিকো চহৰৰ ৰাজপথলৈ ওলাই আহি অপৰাধ আৰু দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে হাজাৰ হাজাৰ যুৱ প্ৰতিবাদকাৰীয়ে । এই সময়ছোৱাত আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ হয় । প্ৰতিবাদকাৰীয়ে আৰক্ষীক শিলগুটি নিক্ষেপ কৰে । লগতে আৰক্ষীৰ ঢাল আৰু অন্যান্য সামগ্ৰীও কাঢ়ি লয় প্ৰতিবাদকাৰীয়ে ।

এই জেন-জি আন্দোলনে বিৰোধী দলৰ জেষ্ঠ সমৰ্থকৰ পৰাও যথেষ্ট সমৰ্থন লাভ কৰিছে । চহৰৰ নিৰাপত্তা সচিব পাবলো ভাস্কেজে কয় যে হিংসাত্মক পৰিস্থিতিৰ সময়ত ১২০ জন লোক আহত হৈছে, ইয়াৰে ১০০ জন আৰক্ষী বিষয়া । গ্ৰেপ্তাৰ হৈছে ২০ জন লোক ।

শেহতীয়াকৈ পশ্চিমীয়া ৰাজ্য মিচ’আকানৰ এগৰাকী জনপ্ৰিয় মেয়ৰৰ হত্যাকাণ্ডকে ধৰি কেইবাটাও হাই-প্ৰফাইল হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতো মেক্সিক’ৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবাম জনপ্ৰিয় হৈয়েই আছে । শ্বেইনবামে সোঁপন্থী দলসমূহে জেন-জি আন্দোলনত প্ৰৱেশ কৰি মানুহক সংগঠিত কৰিবলৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক : ঘৰলৈ মনত পৰিছে শ্বেখ হাছিনাৰ; ক’লে কেতিয়া উভতিব বাংলাদেশলৈ?