ঘৰলৈ মনত পৰিছে শ্বেখ হাছিনাৰ!
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা নিৰ্বাসিত আৱামী লীগৰ মুৰব্বী শ্বেখ হাছিনাই বাংলাদেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত এক উল্লেখযোগ্য বক্তব্য আগবঢ়ায় । দিল্লীৰ গোপন স্থানত থকা হাছিনাই নিজৰ দেশত চলি থকা অস্থিৰতা, আৱামি লীগ নিষেধাজ্ঞা আৰু “অনিৰ্বাচিত, উগ্ৰপন্থী সমৰ্থিত শাসন ব্যৱস্থা”ৰ উত্থানৰ বিষয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে । চাৰিবাৰৰ প্ৰধানমন্ত্ৰী হাছিনাই বিদেশত বলপূৰ্বক আশ্ৰয়, গণতন্ত্ৰৰ সংকট, দেশৰ ভৱিষ্যতক লৈ উদ্বেগ প্ৰকাশ কৰে ।
শ্বেখ হাছিনাই কয় যে আৱামী লীগক নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা বাদ দিয়াটো গণতান্ত্ৰিক নীতিৰ স্পষ্ট উলংঘা । আৱামি লীগ অবিহনে কোনো নিৰ্বাচন বৈধ হ’ব নোৱাৰে । অনিৰ্বাচিত চৰকাৰে ৰচনা কৰা অসাংবিধানিক কাঠামোৰ অধীনত এই নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে । জনসাধাৰণে ৯ বাৰ নিৰ্বাচন কৰা আৱামি লীগক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা দিয়া চৰকাৰখনে লাখ লাখ ভোটাৰক গণতান্ত্ৰিক অধিকাৰৰ পৰা বঞ্চিত কৰিছে ।
বাংলাদেশলৈ উভতি যোৱা সন্দৰ্ভত তেওঁ কয়, “বাংলাদেশৰ প্ৰতি মোৰ দায়বদ্ধতা অদম্য । মই মোৰ দেশৰ উন্নতিৰ বাবে মোৰ জীৱন উৎসৰ্গা কৰিছো আৰু সেই প্ৰতিশ্ৰুতি আজিও একেই শক্তিশালী হৈ আছে । মোৰ উভতি যোৱাৰ একমাত্ৰ চৰ্ত হ’ল বাংলাদেশত গণতন্ত্ৰ পুনৰুদ্ধাৰ, মুক্ত, নিকা আৰু সৰ্বাংগীন নিৰ্বাচনৰ জৰিয়তে, য’ত আৱামি লীগ পুনৰ গঠন কৰা হ’ব ।”
শ্বেখ হাছিনাই কয়, “মই ব্যক্তিগত ক্ষমতা বিচৰা নাই । এয়া কেতিয়াও মোৰ বা মোৰ পৰিয়ালৰ বিষয়ে হোৱা নাই । ই হৈছে বাংলাদেশৰ জনসাধাৰণে নিজৰ প্ৰতিনিধি নিৰ্বাচনৰ মৌলিক অধিকাৰ ব্যৱহাৰ কৰাটো নিশ্চিত কৰা । ই অৰ্থনৈতিক প্ৰগতি আৰু বহুত্ববাদী ৰাজনৈতিক সংস্কৃতি নিশ্চিত কৰা আৰু সাধাৰণ নাগৰিকৰ ৰাজনৈতিক বা ধৰ্মীয় পৰিচয় যিয়েই নহওক কিয়, তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰা ।”
লগতে পঢ়ক : ট্ৰাম্পৰ ইউ-টাৰ্ণ; চাহ-কফিকে ধৰি কেইবাবিধো সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস!









