যোৰহাট-মাজুলী সংযোগী দলঙক লৈ ৰাজ্যসভাৰ মজিয়াত গুৰুত্বপূৰ্ণ বিবৃতি । বহু প্ৰতীক্ষিত এই দলঙখন কেতিয়া সম্পূৰ্ণ হ’ব জনালে নীতিন গাডকাৰীয়ে ।
যোৰহাট– মাজুলী সংযোগী বহু প্রতীক্ষিত দলংখনক লৈ এক গুৰুত্বপূর্ণ বিবৃতি ৰাজ্যসভাৰ মজিয়াত দাঙি ধৰে কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাহপথ মন্ত্রী নীতিন গাডকাৰীয়ে ৷ তেওঁ ইংগিত দিয়া মতে ২০২৮ চনৰ ভিতৰত সম্পূর্ণ হ’ব যোৰহাট–মাজুলী সংযোগী দলংখনৰ নির্মাণকার্য ৷
কেন্দ্রীয় মন্ত্রী গাডকাৰীয়ে প্রকাশ কৰা মতে যোৱা ৬ অক্টোবৰত দলংখনৰ বাবে নতুনকৈ নির্মাণকাৰী সংস্থাক নিযুক্তি দিয়া হৈছে ৷ যেতিয়াৰ পৰা দলঙৰ নির্মাণকার্য আৰম্ভ হ’ব তেতিয়াৰ পৰা দুবছৰ পাছত দলঙৰ নির্মাণকার্য সম্পূর্ণ কৰা হ’ব ৷
ৰাজ্যসভাত প্রশ্নোত্তৰকালত অগপ সাংসদ বীৰেন্দ্র প্রসাদ বৈশ্যই উত্থাপন কৰা এক প্রশ্নৰ উত্তৰত মন্ত্রী গাডকাৰীয়ে কয় যে ২০২১ চনৰ ৯ জুলাইত আৰম্ভ হোৱা যোৰহাট–মাজুলী দলঙৰ নির্মাণকার্য চলিত বছৰৰ ৮ জুলাহত সম্পূর্ণ কৰাৰ কথা আছিল ৷
কিন্তু নির্মাণকার্য ৩০.৬৫ শতাংশ সম্পন্ন হোৱাৰ পিছত পূর্বৰ ঠিকাদাৰে কাম বন্ধ কৰি দিয়া হেতু জৰিমনা বিহা হয়৷ ইয়াৰ পিছত চলিত বছৰৰ ২৯ মার্চত দলঙৰ নির্মাণকার্য পুনৰ আৰম্ভ কৰাৰ বাবে ১,০১৯.১৭ কোটি টকা অনুমোদন জনোৱা হয় ৷
ইয়াৰ পিছত যোৱা ১০ অক্টোবৰত নতুনকৈ নির্মাণকাৰী সংস্থাক নিযুক্তি দিয়া হয় যদিও এতিয়ালৈকে দলংখনৰ নির্মাণকার্য আৰম্ভ হোৱা নাই ৷ বিভাগীয় মন্ত্রী গাডকাৰিয়ে জনাইছে যে যেতিয়াই কাম আৰম্ভ হ’ব তাৰ দুবছৰৰ ভিতৰত দলংখনৰ নির্মাণকার্য সম্পূর্ণ কৰি তোলাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে ৷
লগতে পঢ়ক : “পূৰ্বে চৰকাৰী চাকৰি পাবলৈ টকা লাগিছিল,এতিয়া নালাগে”;মুখ্যমন্ত্ৰী









