দ্বিতীয় বিবাহ কৰিলেই হ’ব জে’ল; বিধানসভাত উত্থাপন বহুবিবাহ বিৰোধী বিধেয়ক

দ্বিতীয় বিবাহ কৰিলেই হ’ব জে’ল; বিধানসভাত উত্থাপন বহুবিবাহ বিৰোধী বিধেয়ক

বিধানসভাত উত্থাপন বহুবিবাহ বিৰোধী বিধেয়ক মঙলবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন । অধিৱেশনৰ প্ৰথম দিনটোতে অসম বহুবিবাহ নিষেধাজ্ঞা বিধেয়ক ২০২৫ উত্থাপন কৰা হয় । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰে এই বিধেয়ক । আজি উত্থাপন কৰা এই বিধেয়কত প্ৰথম বিবাহ বৈধ হৈ

বিধানসভাত উত্থাপন বহুবিবাহ বিৰোধী বিধেয়ক

মঙলবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন । অধিৱেশনৰ প্ৰথম দিনটোতে অসম বহুবিবাহ নিষেধাজ্ঞা বিধেয়ক ২০২৫ উত্থাপন কৰা হয় । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰে এই বিধেয়ক । আজি উত্থাপন কৰা এই বিধেয়কত প্ৰথম বিবাহ বৈধ হৈ থকাৰ সময়তে দ্বিতীয় বিবাহ কৰা বা লুকুৱাই ৰখাৰ বাবে কঠোৰ শাস্তিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে ।

এই খচৰা আইনখন ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলসমূহৰ বাহিৰে সমগ্ৰ ৰাজ্যৰ বাবে প্ৰযোজ্য হ’ব আৰু সংবিধানৰ ৩৪২ অনুচ্ছেদৰ অধীনত নিৰ্দিষ্ট কৰা অনুসূচিত জনজাতিৰ লোকসকল এই আইনৰ আওঁতালৈ নাহে ।

এই বিধেয়কখনে বহুবিবাহক অপৰাধ হিচাপে গণ্য কৰি সাত বছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তি প্ৰদানৰ বিধান দিছে আৰু যদি কোনো ব্যক্তিয়ে নিজৰ বৰ্তমানৰ বিবাহ লুকুৱাই ৰাখে তেন্তে তেনে ব্যক্তিক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ বিধান এই বিধেয়কত উল্লেখ আছে ।

ইয়াৰ ভিতৰত গাঁওবুঢ়া, কাজী, পিতৃ-মাতৃ, আইনী অভিভাৱক আদিও অন্তৰ্ভুক্ত আছে । যি কোনো ব্যক্তিয়ে এনে বিবাহৰ বিষয়ে তথ্য “ইচ্ছাকৃতভাৱে লুকুৱাই ৰাখে, আওকাণ কৰে বা অযুক্তিকৰভাৱে পলম কৰে” তেওঁক মূল অপৰাধীসকলৰ দৰে একে ধাৰাত শাস্তিৰ বিধান উল্লেখ আছে । পুনৰাবৃত্তিকাৰী অপৰাধী আৰু সহায়কাৰীসকলেও শাস্তিৰ সন্মুখীন হ’ব লাগিব ।

বিধেয়কখনত এক ব্যাপক ব্যৱস্থাও আছে যিয়ে ইয়াৰ অধিকাৰক্ষেত্ৰ ৰাজ্যখনৰ বাসিন্দাসকলৰ বাহিৰলৈও সম্প্ৰসাৰিত কৰে । এটা নিৰ্দিষ্ট দফাত কোৱা হৈছে, “যিজন ব্যক্তি এই আইন আৰম্ভ হোৱাৰ আগতে সাধাৰণতে অসম ৰাজ্যৰ বাসিন্দা আছিল আৰু যিয়ে জানি-বুজি অসম ৰাজ্যৰ বাহিৰত এটাতকৈ অধিক বিবাহ কৰিব, তেওঁৱো এই আইনৰ বিধানৰ অধীনত শাস্তি লাভ কৰিব ।”

অসমৰ বাহিৰত বাস কৰা কিন্তু ৰাজ্যত স্থাৱৰ সম্পত্তিৰ মালিক বা ৰাজ্যৰ পৰা সুবিধা, ৰাজসাহায্য, বা কল্যাণমূলক সহায় লাভ কৰা লোকৰ ক্ষেত্ৰতো এই বিধেয়ক প্ৰযোজ্য । এই আইনখনে আৰক্ষী বিষয়াসকলক বিবাহ বন্ধ হোৱাৰ পূৰ্বে হস্তক্ষেপ কৰাৰ ক্ষমতা প্ৰদান কৰিছে ।

আৰক্ষীয়ে বহু বিবাহ অনুষ্ঠান চলি থকাৰ তথ্য লাভ কৰাৰ লগে লগে ভাৰপ্ৰাপ্ত বিষয়া বা উপ-পৰিদৰ্শকৰ পদবীৰ তলৰ যিকোনো বিষয়াই সেই স্থানত উপস্থিত হৈ অনুষ্ঠানটোক অবৈধ বুলি ঘোষণা কৰিব, সমাৱেশক ছত্ৰভংগ দিয়াব আৰু বিয়াখন বন্ধ কৰাৰ চেষ্টা কৰিব পাৰিব ।

বহুবিবাহৰ ফলত ক্ষতিগ্ৰস্ত মহিলাসকলক ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থাও বিধেয়কখনৰ জৰিয়তে প্ৰদান কৰা হৈছে । আবেদন প্ৰক্ৰিয়াকৰণ আৰু ক্ষতিপূৰণ প্ৰদানৰ বাবে এটা নিৰ্দিষ্ট কৰ্তৃপক্ষ নিৰ্ধাৰণ কৰা হ’ব ।

আইনখন বলবৎ হোৱাৰ আগতে কৰা বিবাহসমূহৰ ওপৰত কোনো প্ৰভাৱ নপৰে, যেতিয়ালৈকে ইয়াৰ দ্বাৰা বৰ্তমানৰ ব্যক্তিগত বা প্ৰথাগত আইনসমূহ মানি চলিব আৰু ইয়াৰ বৈধ প্ৰমাণ থাকিব ।

উদ্দেশ্য আৰু কাৰণৰ বিবৃতি অনুসৰি এই বিধেয়কখনৰ লক্ষ্য হৈছে “বহুবিবাহৰ প্ৰথা নিষিদ্ধ আৰু নিৰ্মূল কৰা”, নাৰীক কষ্টৰ পৰা ৰক্ষা কৰা আৰু “সমাজ শুদ্ধ কৰা” ।

লগতে পঢ়ক : জুবিন গাৰ্গক এজনে মাৰিছে বাকীসকলে সহযোগ কৰিছেঃ বিধানসভাত মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ