এয়া উন্নয়নৰ মানদণ্ডক পুনৰীক্ষণ কৰাৰ সময়… জি ২০ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ সম্বোধন

এয়া উন্নয়নৰ মানদণ্ডক পুনৰীক্ষণ কৰাৰ সময়… জি ২০ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ সম্বোধন

জি ২০ সন্মিলনত প্ৰধানমন্ত্ৰী মোদী শুকুৰবাৰে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, য’ত ২১ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিছে তেওঁ । গ্ল’বেল চাউথৰ অগ্ৰাধিকাৰ প্ৰচাৰৰ বাবে এই সন্মিলন এক গুৰুত্বপূৰ্ণ সুযোগ হিচাপে বিবেচিত হৈছে । শনিবাৰে তেওঁ সন্মিলনত

জি ২০ সন্মিলনত প্ৰধানমন্ত্ৰী মোদী

শুকুৰবাৰে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, য’ত ২১ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিছে তেওঁ । গ্ল’বেল চাউথৰ অগ্ৰাধিকাৰ প্ৰচাৰৰ বাবে এই সন্মিলন এক গুৰুত্বপূৰ্ণ সুযোগ হিচাপে বিবেচিত হৈছে । শনিবাৰে তেওঁ সন্মিলনত সম্বোধন কৰে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “জি ২০ সন্মিলনৰ প্ৰথম অধিবেশনত ভাষণ প্ৰদান কৰোঁ । এই অধিবেশনত সৰ্বাংগীন আৰু বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল ।”

তেওঁ কয় যে আফ্ৰিকাই প্ৰথমবাৰৰ বাবে জি-২০ শীৰ্ষ সন্মিলন আয়োজন কৰিছে, গতিকে এয়াই আমাৰ উন্নয়নৰ মানদণ্ড পুনৰ পৰীক্ষা কৰাৰ আৰু সৰ্বাংগীন আৰু বহনক্ষম উন্নয়নৰ আৰ্হি গ্ৰহণ কৰাৰ সঠিক সময় ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ প্ৰাচীন মূল্যবোধ, বিশেষকৈ সামগ্ৰিক মানৱতাবাদৰ নীতিয়ে বিশ্বক আগুৱাই যোৱাৰ এক উন্নত পথ দেখুৱাইছে । আনহাতে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত জি ২০ সন্মিলনৰ আঁৰত ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । জোহান্সবাৰ্গত চলি থকা বহুপক্ষীয় বৈঠকৰ মাজতে এই বৈঠক অনুষ্ঠিত হয় । য’ত দুয়োগৰাকী নেতাই একাধিক পাৰস্পৰিক বিষয়ৰ ওপৰত আলোচনা কৰে ।

উল্লেখ্য যে, জি ২০ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ বহু নেতাক সাক্ষাৎ কৰি মত বিনিময় কৰে ।

লগতে পঢ়ক : ভাৰত-আমেৰিকাৰ মাজত ৯৩ মিলিয়ন ডলাৰৰ মেগা চুক্তি সম্পন্ন; লাভ কৰিব বিপদজনক মিছাইল