“মই নীতিশ কুমাৰ...”; দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ

“মই নীতিশ কুমাৰ…”; দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ

দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ বিহাৰৰ নিৰ্বাচনত এন ডি এৰ বৃহৎ জয়ৰ পিছত এতিয়া ৰাজ্যখন নতুন চৰকাৰ গঠন কৰা হয়।দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নীতিশ কুমাৰে। নীতিশ কুমাৰৰ লগতে চৰকাৰৰ ২৬জন মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত বিজেপিৰ ১৪জন আৰু জেডিইউৰ

দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ

বিহাৰৰ নিৰ্বাচনত এন ডি এৰ বৃহৎ জয়ৰ পিছত এতিয়া ৰাজ্যখন নতুন চৰকাৰ গঠন কৰা হয়।দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নীতিশ কুমাৰে

নীতিশ কুমাৰৰ লগতে চৰকাৰৰ ২৬জন মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত বিজেপিৰ ১৪জন আৰু জেডিইউৰ কোটাৰ ৮জন মন্ত্ৰী অন্তৰ্ভূক্ত আছে। ২৬গৰাকী নতুন মন্ত্ৰীৰ ভিতৰত এগৰাকী মুছলমান আৰু তিনিগৰাকী মহিলা আছে।

পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত অনুষ্ঠিত এক বিশাল অনুষ্ঠানত ৰাজ্যপাল আৰিফ মহম্মদ খানে নীতিশ কুমাৰক পদৰ শপত আৰু গোপনীয়তাৰ পাঠ কৰায়।

উল্লেখ্য যে ২০০০ চনত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল ৭৪ বছৰীয়া নীতিশ কুমাৰ, অৱশ্যে সেই সময়ত তেওঁৰ চৰকাৰ মাত্ৰ ৮ দিনহে চলিছিল।

ইয়াৰ পিছত ২০০৫ চনৰ পৰা ২০১৪ চনলৈকে তেওঁ অবিৰতভাৱে মুখ্যমন্ত্ৰী হৈ থাকে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত দলৰ দুৰ্বল প্ৰদৰ্শনৰ পিছত নীতিশ কুমাৰে পদত্যাগ কৰিছিল যদিও কেইমাহমানৰ পিছত পুনৰ ক্ষমতালৈ আহে।

এইবাৰ দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি বিহাৰৰ কামাণ্ড নিজৰ হাতত লয় নীতিশ কুমাৰে।

লগতে পঢ়ক: পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ; আজি ল’ব শপত