প্ৰধানমন্ত্ৰী মোদীৰ ভূটান ভ্ৰমণ
মঙলবাৰে (১১ নৱেম্বৰ, ২০২৫) ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বৈঠকত শক্তি, সামৰ্থ্য বিকাশ, সংযোগ, প্ৰযুক্তি, প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ওপৰত দুয়োজন নেতাৰ মাজত ব্যাপক আলোচনা হয় ।
দুয়োখন দেশৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী মোদী আৰু ভূটানৰ ৰজাই যৌথভাৱে ১০২০ মেগাৱাট শক্তিৰ পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প শুভাৰম্ভ কৰে । উল্লেখ্য যে, পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প ভাৰত আৰু ভূটানে যৌথভাৱে নিৰ্মাণ কৰিছে ।
বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, “ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকৰ সৈতে অতি ভাল বৈঠক হৈছিল । ভাৰত-ভূটানৰ সম্পৰ্কৰ প্ৰতিটো দিশৰ বিষয়ে আলোচনা কৰিলোঁ । শক্তি, সামৰ্থ্য বিকাশ, সংযোগ, প্ৰযুক্তি, প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ দৰে ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰিলোঁ । ভূটানৰ উন্নয়ন যাত্ৰাৰ মূল অংশীদাৰ হিচাপে ভাৰত গৌৰৱান্বিত ।”
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই প্ৰকল্পৰ উদ্বোধন সন্দৰ্ভত ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, “ভগৱান বুদ্ধৰ পবিত্ৰ অৱশেষৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভূটানৰ ৰজা মহামহিম জিগমে খেছাৰ নামগিয়েল ৱাংচুকে যৌথভাৱে ১০২০ মেগাৱাট শক্তিৰ পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প উদ্বোধন কৰে । ভূটানৰ শক্তি উৎপাদন ক্ষমতা ৪০ শতাংশ বৃদ্ধি কৰিব পৰা এই জলবিদ্যুৎ প্ৰকল্পটোৱে ভূটানৰ বিদ্যুৎ উৎপাদন ক্ষমতা ৪০ শতাংশ বৃদ্ধি কৰিব । প্ৰকল্পটোৰ সম্পূৰ্ণতাই ভাৰত-ভূটান শক্তিৰ গতিশীল আৰু পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰিত্বৰ আন এক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে ।”
উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে ভূটানত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । ভাৰত আৰু ভূটানৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিছে । চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ভাৰতে ভূটানৰ সৈতে ৪,০০০ কোটিৰো অধিক ব্যয়ৰে দুটা সীমা অতিক্ৰম কৰা ৰে’ল সংযোগ প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা উদ্বোধন কৰে । ভূটানৰ সৈতে এয়া এনে প্ৰথম ৰেল সংযোগ প্ৰকল্প । এই পদক্ষেপৰ অধীনত ভূটানৰ গেলেফু আৰু সামচে চহৰ, অসমৰ কোকৰাঝাৰ আৰু পশ্চিম বংগৰ বানাৰহাটৰ মাজত নতুন ৰে’ল সংযোগ স্থাপন কৰা হ’ব ।
লগতে পঢ়ক : দুদিনীয় ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী









