চৰকাৰে মুকলি কৰিলে নতুন ‘সুৰক্ষা কৱচ’; ঘৰত বহিয়েই সলনি কৰিব পাৰিব আধাৰৰ ঠিকনা

চৰকাৰে মুকলি কৰিলে নতুন ‘সুৰক্ষা কৱচ’; ঘৰত বহিয়েই সলনি কৰিব পাৰিব আধাৰৰ ঠিকনা

ঘৰত বহিয়েই সলনি কৰিব পাৰিব আধাৰৰ ঠিকনা ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটিয়ে নতুন আৰু অতি উন্নতমানৰ ই আধাৰ এপ মুকলি কৰিছে। এই নতুন এপটোৰ উদ্দেশ্য হৈছে মানুহে নিজৰ আধাৰ কাৰ্ডৰ হাৰ্ড কপি সকলোতে কঢ়িয়াই নিয়াৰ প্ৰয়োজনীয়তা সম্পূৰ্ণৰূপে নাইকিয়া কৰা। এই নতুন এপটোৱে কেৱল ডিজিটেল ষ্ট’ৰেজৰ সুবিধা

ঘৰত বহিয়েই সলনি কৰিব পাৰিব আধাৰৰ ঠিকনা

ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটিয়ে নতুন আৰু অতি উন্নতমানৰ ই আধাৰ এপ মুকলি কৰিছে। এই নতুন এপটোৰ উদ্দেশ্য হৈছে মানুহে নিজৰ আধাৰ কাৰ্ডৰ হাৰ্ড কপি সকলোতে কঢ়িয়াই নিয়াৰ প্ৰয়োজনীয়তা সম্পূৰ্ণৰূপে নাইকিয়া কৰা।

এই নতুন এপটোৱে কেৱল ডিজিটেল ষ্ট’ৰেজৰ সুবিধা প্ৰদান কৰাই নহয়,বৰঞ্চ ই পৰিচয় পৰীক্ষণ, ডাটা শ্বেয়াৰিং আৰু সুৰক্ষা বৈশিষ্ট্যসমূহকো পৰৱৰ্তী স্তৰলৈ লৈ যায়।

এতিয়া এণ্ড্ৰইড আৰু আই অ’ এছ দুয়োটা প্লেটফৰ্মতে এই এপটো উপলব্ধ।যিয়ে আধাৰ ব্যৱহাৰৰ ধৰণ চিৰদিনৰ বাবে সলনি কৰিব।

এতিয়া আপোনাৰ আধাৰ কাৰ্ডৰ হাৰ্ড কপিৰ প্ৰয়োজন নাই।নতুন এপটোৱে আপোনাৰ ফোনত আপোনাৰ আধাৰ সুৰক্ষিত কৰি ৰাখিব আৰু লগতে QR ক’ড ব্যৱহাৰ কৰি তৎক্ষণাত পৰীক্ষণৰ সুবিধাও প্ৰদান কৰিব।

এই এপটোৰ আটাইতকৈ বিশেষ কথাটো হ’ল Face ID প্ৰযুক্তি।কেৱল মুখখন স্কেন কৰি আধাৰ ভেৰিফিকেচন কৰিব পাৰিব।

ইয়াৰ সৈতে, আপুনি আৰু প্ৰতিবাৰে OTP বা বায়মেট্ৰিক ডিভাইচৰ প্ৰয়োজন নাপাব, যিয়ে প্ৰক্ৰিয়াটো আৰু দ্ৰুত কৰি তুলিব।

এতিয়া ব্যৱহাৰকাৰীয়ে সিদ্ধান্ত ল’ব পাৰিব যে, তেওঁলোকে আধাৰৰ কোনটো তথ্য কোনো সংগঠন বা ব্যক্তিৰ লগত শ্বেয়াৰ কৰিব বিচাৰে।

উদাহৰণস্বৰূপে, আপুনি আপোনাৰ নাম আৰু ফটো শ্বেয়াৰ কৰিব পাৰে, কিন্তু আপোনাৰ ঠিকনা বা জন্ম তাৰিখ লুকুৱাই ৰাখিব পাৰিব।

সুৰক্ষাৰ দৃষ্টিকোণৰ পৰা এই নতুন এপটোত আছে বিশেষ বায়’মেট্ৰিক লক আৰু আনলক বৈশিষ্ট্য।আপুনি ইয়াক আপোনাৰ ফিংগাৰপ্ৰিণ্ট আৰু ফেচ ডাটাৰ সহায়ত লক কৰিব পাৰে, যাতে আপোনাৰ অনুমতি অবিহনে ইয়াক আন কোনোৱে ব্যৱহাৰ কৰিব নোৱাৰে।

ইয়াৰ জৰিয়তে ঘৰতে আপুনি সলনি কৰিব পাৰিব আপোনাৰ ফোন নম্বৰ আৰু ঠিকনা।

লগতে পঢ়ক: এটা অধ্যায়ৰ অৱসানঃ নোবেল বিজয়ী, ডি এন এৰ পথ প্ৰদৰ্শক জেমছ ৱাটছনৰ দেহাৱসান

শেহতীয়া প্ৰৱন্ধসমূহ