‘লালুৰ শাসনত লুণ্ঠন আৰু হত্যাৰ উদ্যোগ আছিল…’; অমিত শ্বাহ
প্ৰথম পৰ্যায়ৰ বিহাৰ বিধানসভা নিৰ্বাচনত অভিলেখ ভংগকাৰী ভোটাৰৰ হাৰ। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ এতিয়া ১১ নৱেম্বৰত হ’ব।ইয়াৰ ঠিক আগতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গ্ৰেণ্ড এলায়েন্সক সমালোচনা কৰিছিল।
শনিবাৰে (৮ নৱেম্বৰ) পূৰ্ণিয়াৰ বনমনখীত ৰাজহুৱা সভাত ভাষণ দি তেওঁ কয়, শেহতীয়াকৈ ৰাহুল বাবা (ৰাহুল গান্ধী) আৰু লালুৰ পুত্ৰ (তেজস্বী যাদৱ)য়ে ‘অনুপ্ৰৱেশকাৰীক বচাওক’ যাত্ৰা আৰম্ভ কৰিছিল।তেওঁলোকে বিচাৰে সীমাঞ্চল অনুপ্ৰৱেশকাৰীৰ দুৰ্গ হৈ উঠক।
গৃহমন্ত্ৰী গৰাকীয়ে কয় যে, ‘এই নিৰ্বাচনত দুটা শিবিৰ আছে – এফালে সিঁচৰতি হৈ থকা মিত্ৰজোঁট আৰু আনফালে পাঁচ পাণ্ডৱৰ দৰে এন ডি এ’।
‘ আধা বিহাৰে ইতিমধ্যে ভোট দিছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত লালু আৰু ৰাহুলৰ দলটো মচি পেলোৱা হৈছে। বিহাৰত ১৬০ খনতকৈও অধিক আসনৰ সৈতে এন ডি এ চৰকাৰ গঠন হ’বলৈ গৈ আছে’।
‘ মোদীজী আৰু নীতিশ জীৰ নেতৃত্বত বিহাৰ বহুত আগবাঢ়িব আৰু উন্নত ৰাজ্য হ’বলৈ গৈ আছে’।
তেওঁ আৰু কয় যে, ‘লালু-ৰাবৰি শাসনৰ সময়ত ইয়াত দিনৰ পোহৰতে বিধায়কক হত্যা কৰা হৈছিল।লুটপাত, হত্যা, মুক্তিপণ, অপহৰণ… ইয়াৰ উদ্যোগবোৰ চলি আছিল’।
“কিন্তু এতিয়া নীতিশ কুমাৰ জীয়ে জংঘল ৰাজৰ অন্ত পেলাইছে, কিন্তু জংঘল ৰাজে ছদ্মবেশত, কাপোৰ আৰু মুখ সলনি কৰি আকৌ আহিবলৈ চেষ্টা কৰিছে,গতিকে আপোনাৰ প্ৰতিটো বুটামে জংগলৰাজ ঘূৰি অহাৰ পৰা ৰক্ষা কৰিবলৈ কাম কৰিব”।
লগতে পঢ়ক: ‘জংগলৰাজৰ নেতাসকলে ৬৫ ভল্টৰ শ্বক পাইছে’; প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী









