আজি ভাৰত-অষ্ট্ৰেলিয়াৰ পঞ্চমখন T20 মেচ; শৃংখলা দখলৰ লক্ষ্যৰে যুঁজত নামিব সূৰ্য বাহিনী

আজি ভাৰত-অষ্ট্ৰেলিয়াৰ পঞ্চমখন T20 মেচ; শৃংখলা দখলৰ লক্ষ্যৰে যুঁজত নামিব সূৰ্য বাহিনী

আজি ভাৰত-অষ্ট্ৰেলিয়াৰ পঞ্চমখন T20 মেচ ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণে এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। টিম ইণ্ডিয়া আৰু আয়োজক অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈ থকা পাঁচখন খেলৰ T20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ পঞ্চম আৰু অন্তিমখন খেল আজি খেলা যাব। এই মেচখন অষ্ট্ৰেলিয়াৰ ব্রিজবেনৰ দ্য গাবাত অনুষ্ঠিত হ’ব৷ভাৰতীয় টি-২০ দলটোৰ কামান

আজি ভাৰত-অষ্ট্ৰেলিয়াৰ পঞ্চমখন T20 মেচ

ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণে এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। টিম ইণ্ডিয়া আৰু আয়োজক অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈ থকা পাঁচখন খেলৰ T20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ পঞ্চম আৰু অন্তিমখন খেল আজি খেলা যাব।

এই মেচখন অষ্ট্ৰেলিয়াৰ ব্রিজবেনৰ দ্য গাবাত অনুষ্ঠিত হ’ব৷ভাৰতীয় টি-২০ দলটোৰ কামান সূৰ্যকুমাৰ যাদৱৰ হাতত আছে।আনহাতে অষ্ট্ৰেলিয়াৰ T20 দলটোৰ নেতৃত্বত আছে মিচেল মাৰ্ছে।

শৃখংলাখনৰ প্ৰথমখন মেচ বৰষুণৰ বাবে বাতিল কৰা হৈছিল।দ্বিতীয়খন মেচত অষ্ট্ৰেলিয়াই শক্তিশালী প্ৰদৰ্শন কৰি একপক্ষীয়ভাৱে জয়লাভ কৰে। ইয়াৰ পাছতে তৃতীয়খন মেচত জয়লাভ কৰি ভাৰতে ১-১ত সমতা স্থাপন কৰে।

ইয়াৰ পিছতে কেৰাৰা অ’ভেলত চতুৰ্থটো টি-২০ত জয়লাভ কৰি শৃংখলাত ২-১ ত অগ্ৰগতি লাভ কৰে।এতিয়া যদি ভাৰতীয় দলটোৱে আজি পঞ্চম টি-২০ত জয়লাভ কৰে তেন্তে ৩-১ত ছিৰিজ জয় কৰিব।আনহাতে যদি অষ্ট্ৰেলিয়াৰ দলটোৱে জয়লাভ কৰে তেন্তে শৃংখলাখন ২-২ ত ড্র হ’ব৷

ভাৰতীয় ক্ৰিকেট দলটোৱে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ইতিহাসত অষ্ট্ৰেলিয়ান দলৰ বিৰুদ্ধে ৩৬খন খেল খেলিছে। এই মেচসমূহত ভাৰতে ২২ বাৰ অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছে।

লগতে পঢ়ক: আহমেদাবাদত অনুষ্ঠিত হ’ব ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেল…