প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে বিহাৰত প্ৰধানমন্ত্ৰী মোদী
বিহাৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে আৰৰিয়াত এক সভাত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই সময়চোৱাত তেওঁ মহাগঠবন্ধনক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে কংগ্ৰেছ-আৰজেডিৰ মিত্ৰজোঁটৰ কেৱল দেশৰ নিৰাপত্তাই নহয়, বিশ্বাসৰ প্ৰতিও কোনো চিন্তা নাই । তেওঁলোকে আমাৰ সংস্কৃতি আৰু বিশ্বাসক অসন্মান কৰে ।
ৰাহুল গান্ধীৰ নাম নোলোৱাকৈয়ে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছৰ নেতাসকলে বিহাৰলৈ আহি ছঠী মাইয়া পূজাক নাটক বুলি কয় । এয়া ছঠি মাইয়াৰ অপমান নহয় নেকি ? এয়া আমাৰ বিশ্বাসৰ অপমান । যেতিয়া এনেবোৰ কথা কোৱা হয় তেতিয়া নিমাত হৈ পৰে আৰজেডি ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই একেখিনি কংগ্ৰেছ নেতাই কুম্ভৰ সময়ত স্নান কৰাক উপহাস কৰিছিল । তেওঁলোকে ৰাম মন্দিৰৰ বিৰোধিতা কৰে । তেওঁলোকে ৰামক বিশ্বাস নকৰে । তেওঁলোকৰ বিশ্বাস নাই । প্ৰাণ প্ৰতিষ্ঠাত তেওঁলোক উপস্থিত নাছিল । ভোট বেংকৰ ৰাজনীতিৰ বাবে তেওঁলোকে ভগৱান ৰামক ঘৃণা কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মোৰ আৰু এটা প্ৰশ্ন আছে । য’ত ভগৱান ৰামৰ মন্দিৰ নিৰ্মাণ হৈছে তাত নিশাদ ৰাজ জীৰ মন্দিৰো আছে । বাল্মিকীৰ বাবেও মন্দিৰ আছে । মাতা সবৰীৰ মন্দিৰো আছে । ভগৱান ৰামৰ ওপৰত তেওঁলোকৰ খং আছে । তেওঁৰ ওচৰলৈ নাযাব, কিন্তু অন্ততঃ আন ঠাইলৈটো যাওক ।”
“আকৌ এবাৰ এন ডি এ চৰকাৰ”
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱা সভাত ভাষণ দি কয়, “আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে । সমগ্ৰ বিহাৰৰ পৰা ছ’চিয়েল মিডিয়াত আচৰিত ধৰণৰ ছবি দেখিবলৈ পোৱা গৈছে, পুৱাৰে পৰা ভোটকেন্দ্ৰত শাৰী পাতিছে । বিহাৰৰ যুৱক-যুৱতীসকলৰ মাজত অভূতপূৰ্ব উৎসাহ । যিসকলে এতিয়াও ভোট দিয়া নাই, যিসকলে ঘৰৰ পৰা ওলাই যোৱা নাই, তেওঁলোকক অতি সোনকালে ভোটদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো । আজি সমগ্ৰ বিহাৰত এটা কণ্ঠই গুঞ্জৰিত হৈছে- আকৌ এবাৰ এন ডি এ চৰকাৰ ।”
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “জংগল ৰাজে ১৫ বছৰ বিহাৰত শাসন কৰিছিল, ১৯৯০ চনৰ পৰা ২০০৫ চনলৈকে । জংগল ৰাজে বিহাৰ ধ্বংস কৰিছিল । চৰকাৰ চলোৱাৰ নামত কেৱল লুটপাত কৰা হৈছিল । জংগলৰাজৰ সেই ১৫ বছৰত বিহাৰত কিমান এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হৈছিল ? শূন্য ।”
তেওঁ কয়, “কিছুদিন পূৰ্বে মই কংগ্ৰেছ-আৰাজেডিৰ কাজিয়া উদঙাই দিছিলো । বিবাদ তীব্ৰতৰ হৈ পৰিছে । কংগ্ৰেছে আৰজেডিৰ বিৰুদ্ধে নিজৰ উপ-মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক থিয় কৰাইছে । সংবাদ মাধ্যমৰ সাক্ষাৎকাৰ দি আৰজেডিৰ জংগলৰাজ উদঙাই দিছে । তেওঁলোকে কৈছে যে এই জংগলৰাজত দলিত, মহাদলিত আৰু অত্যন্ত পিছপৰা শ্ৰেণীয়ে সৰ্বাধিক অত্যাচাৰ ভোগ কৰিছে । এতিয়া কেৱল নিৰ্বাচন, যেতিয়া ফলাফল ওলাব, তেতিয়া তেওঁলোকে ইজনে সিজনৰ চুলি ছিঙিবলৈ আৰম্ভ কৰিব ।”
লগতে পঢ়ক : পূৰণ হ’ব নে জনপ্ৰতিনিধি হোৱাৰ সপোন ? আজি ই ভি এমত বন্দী হ’ব আনন্দ মিশ্ৰৰ ভাগ্য









