ভাৰত-অষ্ট্ৰেলিয়াৰ চতুৰ্থখন টি ২০ মেচ
আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব শৃংখলাৰ চতুৰ্থখন টি ২০ মেচ । গোল্ড কোষ্টৰ কেৰাৰা অ’ভেলত অনুষ্ঠিত হ’ব এই মেচ । দুপৰীয়া ১:৪৫ বজাৰ পৰা আৰম্ভ হ’ব খেলখন । বৰ্তমান এই শৃংখলাটো ১-১ ব্যৱধানত সমতাত আছে । কেনবেৰাৰ প্ৰথমখন টি ২০ মেচ বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হৈছিল । আনহাতে মেলবৰ্ণৰ দ্বিতীয়খন টি-২০ মেচত অষ্ট্ৰেলিয়াই ৪ উইকেটত জয়লাভ কৰে । ইয়াৰ পিছতে হোবাৰ্টৰ তৃতীয়খন টি-২০ মেচত ভাৰতে ৫ উইকেটত জয়লাভ কৰি শৃংখলাত সমতা স্থাপন কৰে ।
আজিৰ মেচত ভাৰতীয় দলটোৱে নিজৰ মূল একাদশত ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন ঘটোৱাৰ সম্ভাৱনা নাই । হোবাৰ্টত খেলা একেটা দলেই গোল্ড কোষ্টত খেলাৰ সম্ভাৱনা আছে । ইফালে, ট্ৰেভিছ হেড আৰু শ্বীন এবট অষ্ট্ৰেলিয়াৰ দলত নাথাকিব । এছেজৰ বাবে হেড ছিৰিজৰ পৰা আঁতৰি আহিছে । এই মেচৰ বাবে গ্লেন মেক্সৱেল দললৈ ঘূৰি আহিব পাৰে ।
অৱশ্যে গোল্ড কোষ্টত ভাৰতীয় দলটোৱে জয়লাভ কৰিলে অধিনায়ক সূৰ্যকুমাৰ যাদৱে বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনীৰ পৰম্পৰা অব্যাহত ৰাখিব পাৰিব । এনে পৰিস্থিতিত টিম ইণ্ডিয়াই এই মেচত সকলো প্ৰচেষ্টা চলাব ।
২০১২ চনৰ পৰা অষ্ট্ৰেলিয়াই নিজৰ দেশত টি-২০ শৃংখলাত ভাৰতক পৰাস্ত কৰিব পৰা নাই । সেয়েহে মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলীৰ পিছত এতিয়া সূৰ্য্যকুমাৰ যাদৱৰ কান্ধত এক উল্লেখযোগ্য দায়িত্ব থাকিব ।
উল্লেখ্য যে, দুয়োখন দেশৰ মাজত হোৱা বিগত পাঁচখন টি-২০ শৃংখলাত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ মাটিত মাত্ৰ এবাৰহে (২০০৮ চনত) পৰাস্ত হৈছে । তেতিয়া ধোনী আছিল ভাৰতৰ অধিনায়ক । সেই সময়ত কেংগাৰুৱে ভাৰতীয় দলটোক ৯ উইকেটত পৰাস্ত কৰিছিল আৰু শৃংখলাত জয়লাভ কৰিছিল । তাৰ পিছত কেংগাৰুৱে ভাৰতৰ বিৰুদ্ধে কেতিয়াও শৃংখলা দখল কৰিব পৰা নাই ।
২০১২ চনত অনুষ্ঠিত পৰৱৰ্তী ছিৰিজখন ধোনীৰ নেতৃত্বত ১-১ ব্যৱধানত সমতা স্থাপন হৈছিল । ছিডনীত অনুষ্ঠিত প্ৰথমখন মেচত ভাৰত ৩১ ৰাণত পৰাস্ত হয় যদিও দ্বিতীয় টি ২০ মেচত ভাৰতে অষ্ট্ৰেলিয়াক ৮ উইকেটত পৰাস্ত কৰি শৃংখলাত সমতা স্থাপন কৰে ।
ইয়াৰ পাছত ২০১৬ চনত ধোনীৰ অধিনায়কত্বত ভাৰতে অষ্ট্ৰেলিয়াক ৩-০ ব্যৱধানত পৰাস্ত কৰে । ইয়াৰ পাছত ২০১৮ চনত কোহলীৰ নেতৃত্বত ভাৰতীয় দলটোৱে টি-২০ শৃংখলাত ১-১ ব্যৱধানত সমতা স্থাপন কৰে । ২০২০ চনত বিৰাট কোহলীৰ অধিনায়কত্বত পুনৰবাৰ ভাৰতে অষ্ট্ৰেলিয়াত টি-২০ শৃংখলা ২-১ ব্যৱধানত জয়লাভ কৰে ।
অৰ্থাৎ ধোনী আৰু কোহলীৰ অধিনায়ক হিচাপে থকা সময়ছোৱাত টি-২০ শৃংখলাত যি পৰম্পৰা প্ৰচলিত হৈ আহিছে, সেই পৰম্পৰাক সূৰ্য্যই আগুৱাই নিব বিচাৰিব । গোল্ড কোষ্ট টি ২০ মেচত জয়লাভ কৰিলে ভাৰত শৃংখলাত আগবাঢ়িব । ৮ নৱেম্বৰত ব্রিজবেনৰ গাব্বাত জয়লাভ কৰিলে শৃংখলাটো ৩-১ ব্যৱধানত জয়ী হ’ব আৰু সেই মেচখনত পৰাস্ত হ’লেও শৃংখলাটো ২-২ ব্যৱধানত সমাপ্ত হ’ব ৷
গোল্ড কোষ্ট টি-২০ৰ বাবে ভাৰতৰ সাম্ভাব্য মূল একাদশ :
শুভমন গীল, অভিষেক শৰ্মা, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), তিলক বাৰ্মা, জিতেশ শৰ্মা (উইকেটকীপাৰ), শিৱম ডুবে, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, অৰ্শদীপ সিং, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ ।
লগতে পঢ়ক : এই নৱেম্বৰতে দুবাৰকৈ মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান! ডোহাত হ’ব এই সংঘৰ্ষ









