পাৰমাণৱিক ক্ষেপণাস্ত্ৰ ‘মিনিটমেন’ পৰীক্ষা আমেৰিকাৰ
বিশ্বৰ তিনিখন প্ৰধান শক্তি আমেৰিকা, ৰাছিয়া আৰু চীন,এতিয়া আকৌ এক ‘পাৰমাণৱিক শক্তিৰ শ্ব’ডাউন’ৰ দিশে আগবাঢ়ি থকা দেখিবলৈ পোৱা গৈছে।
বুধবাৰে আমেৰিকাই নিজৰ পাৰমাণৱিক ক্ষমতাসম্পন্ন মিনিটমেন তৃতীয় আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল (আইচিবিএম)ক পৰীক্ষণ কৰে,যিয়ে ৪২০০ মাইল দূৰত্ব অতিক্ৰম কৰি প্ৰশান্ত মহাসাগৰৰ কোৱাজালেইন এটলত সফলতাৰে লক্ষ্যত উপনীত হয়।
কেলিফৰ্ণিয়াৰ ভাণ্ডেনবাৰ্গ মহাকাশ বাহিনী ঘাটিৰ পৰা উৎক্ষেপণ কৰা এই মিনিটমেন ক্ষেপণাস্ত্ৰত কোনো ধৰণৰ ৱাৰহেড নাছিল,কিন্তু ইয়াত পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিয়াৰ ক্ষমতা আছে।
আমেৰিকাৰ বায়ুসেনাৰ তথ্য অনুসৰি,এই পৰীক্ষাটো নিৰ্ভৰযোগ্যতা মূল্যায়নৰ বাবে,প্ৰস্তুতি আৰু সঠিকতা পৰীক্ষা কৰিবলৈ কৰা হৈছে।
অৱশ্যে দাবী কৰা হৈছে যে এই পৰীক্ষণ কোনো বিশেষ দেশৰ বিৰুদ্ধে নহয়,কিন্তু আন্তঃৰাষ্ট্ৰীয় বিশ্লেষকসকলে বিশ্বাস কৰে যে, এইটো পোনপটীয়াকৈ ৰাছিয়া আৰু চীনক কৌশলগত বাৰ্তা দিয়াৰ প্ৰয়াস হয়।
উল্লেখ্য যে, বিগত কেইমাহমানত ৰাছিয়া আৰু চীন দুয়োখন দেশে নিজৰ ক্ষেপণাস্ত্ৰৰ ক্ষমতা বৃদ্ধি কৰিছে,যাৰ বাবে ৱাশ্বিংটনৰ উদ্বেগ বৃদ্ধি পাইছে।
শেহতীয়াকৈ ৰাছিয়াই নিজৰ পাৰমাণৱিক ক্ষমতাসম্পন্ন ক্ৰুজ মিছাইল ‘বুৰেভেষ্টনিক’ (৯এম৭৩০) পৰীক্ষা কৰিছিল।
ই এটা পাৰমাণৱিক চালিত ক্ষেপণাস্ত্ৰ হয়,যি হাজাৰ হাজাৰ কিলোমিটাৰলৈ উৰিব পাৰে আৰু গতানুগতিক ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থাক এৰাই চলিবলৈ সক্ষম বুলি গণ্য কৰা হয়।ইয়াৰ লগতে ৰাছিয়াই মেক ৯ বেগত উৰিব পৰা হাইপাৰছনিক ‘জিৰ্কন’ মিছাইলৰো পৰীক্ষা কৰিছিল।
এই পৰীক্ষাসমূহৰ পিছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে তেওঁৰ বিবৃতিত কয় -‘ৰাছিয়াত এতিয়া এনে ক্ষেপণাস্ত্ৰ আছে যিবোৰ কোনেও বন্ধ কৰিব নোৱাৰে।’
তেওঁৰ বক্তব্য আৰু পৰীক্ষাসমূহে ৰাছিয়াৰ কৌশল প্ৰতিফলিত কৰিছিল,যাৰ জৰিয়তে তেওঁ নাটো আৰু আমেৰিকাক জনাই দিব বিচাৰে যে তেওঁ যিকোনো প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ সাজু।
লগতে পঢ়ক: বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ আৰ ডি আই পুঁজি আঁচনিৰ শুভাৰম্ভ…









