“মই মোৰ পত্নী উষাই ‘হিন্দু ধৰ্ম’ এৰি ‘খ্ৰীষ্টান’ হোৱাটো বিচাৰো”; আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেৰ বিস্ফোৰক মন্তব্য

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেৰ বিস্ফোৰক মন্তব্য ভাৰতীয় মূলৰ পত্নী উষা সন্দৰ্ভত এটা ডাঙৰ বক্তব্য দিছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে।তেওঁ কয় যে, “মই সঁচাকৈয়ে বিচাৰো যে মোৰ পত্নীয়ে এতিয়া হিন্দু ধৰ্ম ত্যাগ কৰি খ্ৰীষ্টান হোৱা উচিত। তেওঁ আৰু কয় যে,মোৰ সম্পূৰ্ণ বিশ্বাস যে, এদিন

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেৰ বিস্ফোৰক মন্তব্য

ভাৰতীয় মূলৰ পত্নী উষা সন্দৰ্ভত এটা ডাঙৰ বক্তব্য দিছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে।তেওঁ কয় যে, “মই সঁচাকৈয়ে বিচাৰো যে মোৰ পত্নীয়ে এতিয়া হিন্দু ধৰ্ম ত্যাগ কৰি খ্ৰীষ্টান হোৱা উচিত।

তেওঁ আৰু কয় যে,মোৰ সম্পূৰ্ণ বিশ্বাস যে, এদিন তেওঁ কেথলিক গীৰ্জাৰ দ্বাৰা প্ৰভাৱিত হৈ আৰু খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিব।

২০১৯ চনত জে ডি ভেন্সে কেথলিক ধৰ্ম গ্ৰহণ কৰি কয় যেতিয়া তেওঁৰ পত্নী উষা ভ্যান্সক লগ পাইছিল সেই সময়ত তেওঁ নিজকে অজ্ঞানী বা নাস্তিক বুলি গণ্য কৰিছিল।

ভেন্সে কয় যে, মোৰ ল’ৰা-ছোৱালীবোৰ খ্ৰীষ্টান ধৰ্মতে লালন-পালন হৈছে আৰু তেওঁলোকে খ্ৰীষ্টান স্কুলত পঢ়ে।মিচিচিপিত টাৰ্নিং পইণ্ট ইউ এছ এৰ এক অনুষ্ঠানত জে ডি ভেন্সে ভাষণ দি কয় যে তেওঁ আশা কৰিছে যে হিন্দু পটভূমিৰ পত্নী উষা ভেন্সে এদিন কেথলিক গীৰ্জাৰ দ্বাৰা “প্ৰভাৱিত” হৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিব।

এতিয়া, উষাই দেওবাৰে মোৰ লগত বেছিভাগ গীৰ্জালৈ যায়।মই ৰাজহুৱাভাৱে তেওঁলোকক কৈছো আৰু এতিয়া মোৰ ঘনিষ্ঠ বন্ধুৰ ১০,০০০ জনৰ সন্মুখত কৈছো…মই আশা কৰোঁ যে অন্তত:  তেওঁ মই গীৰ্জাত সেইটো অনুভৱৰ কৰক যিটো মই অনুভৱ কৰিছো?

“হয়, মই সঁচাকৈয়ে বিচাৰো… কাৰণ মই খ্ৰীষ্টান ধৰ্মত বিশ্বাস কৰোঁ আৰু মই আশা কৰোঁ মোৰ পত্নীয়ে অৱশেষত ইয়াক তেনেকৈয়ে চাব।”

লগতে পঢ়ক: সমাধান নোলাল! পৰস্পৰক দোষাৰোপ কৰি আফগানিস্তান-পাকিস্তানে সামৰিলে শান্তি আলোচনা