কাউণ্টডাউন আৰম্ভ: ২ নৱেম্বৰত উৎক্ষেপণৰ বাবে সাজু CMS-03 উপগ্ৰহ

উৎক্ষেপণৰ বাবে সাজু CMS-03 উপগ্ৰহ উৎক্ষেপণৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে CMS-03 উপগ্ৰহ। এই উৎক্ষেপণে দেশৰ মহাকাশ ভিত্তিক সামৰিক আৰু যোগাযোগ বাহিনীত এক বৃহৎ অগ্ৰগতিৰ সূচনা কৰিছে। CMS-03 উপগ্ৰহক GSAT-7R বুলিও কোৱা হয় আৰু ইয়াৰ ওজন প্ৰায় ৪,৪১০ কিলোগ্ৰাম। ইয়াৰ দ্বাৰা ভাৰতৰ উপগ্ৰহ অভিযান্ত্ৰিকীকৰণৰ উৎকৃষ্ট সামৰ্থ্য

উৎক্ষেপণৰ বাবে সাজু CMS-03 উপগ্ৰহ

উৎক্ষেপণৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে CMS-03 উপগ্ৰহ। এই উৎক্ষেপণে দেশৰ মহাকাশ ভিত্তিক সামৰিক আৰু যোগাযোগ বাহিনীত এক বৃহৎ অগ্ৰগতিৰ সূচনা কৰিছে।

CMS-03 উপগ্ৰহক GSAT-7R বুলিও কোৱা হয় আৰু ইয়াৰ ওজন প্ৰায় ৪,৪১০ কিলোগ্ৰাম। ইয়াৰ দ্বাৰা ভাৰতৰ উপগ্ৰহ অভিযান্ত্ৰিকীকৰণৰ উৎকৃষ্ট সামৰ্থ্য প্ৰকাশ পোৱা যায়,বিশেষকৈ সেইবোৰ মিছনৰ বাবে যিবোৰ জিঅ’ষ্টেচনেৰী ট্ৰেন্সফাৰ অৰ্বিট লৈ যায়।

এই উপগ্ৰহৰ মূল কাম হৈছে বিভিন্ন ধৰণৰ যোগাযোগ সেৱা প্ৰদান কৰা, যিয়ে ভাৰতীয় ভূমিৰ লগতে বহল সাগৰীয় অঞ্চলতো ইয়াৰ প্ৰসাৰতা বৃদ্ধি পাব।

ইয়াক ভাৰতীয় নৌসেনাৰ বাবে বিশেষভাৱে ডিজাইন কৰা হৈছে।ইয়াৰ দ্বাৰা ভইচ, ডাটা আৰু ভিডিঅ’ যোগাযোগৰ বাবে অধিক বেণ্ডউইডথ আৰু উন্নত সুৰক্ষিত লিংক প্ৰদান কৰা হ’ব।

এই উপগ্ৰহ উৎক্ষেপণে এই সুবিধাসমূহ প্ৰদান কৰিব। যেনে- সংযোগৰ উন্নতি, সামুদ্ৰিক চোৱাচিতা বৃদ্ধি,নৌসেনাৰ কমাণ্ড এণ্ড কণ্ট্ৰল শক্তিশালী কৰা হ’ব আৰু দুৰ্গম অঞ্চলৰ অসামৰিক সংস্থাসমূহেও সহায় লাভ কৰিব।

ইয়াত পৰৱৰ্তী প্ৰজন্মৰ সঁজুলিৰে সজ্জিত যিয়ে চি, এক্সটেণ্ডেড চি আৰু কু বেণ্ডত কাম কৰে।ইয়াৰ দ্বাৰা ভাৰতৰ ডিজিটেল নেটৱৰ্ক আৰু সামুদ্ৰিক যোগাযোগৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাব।

২ নৱেম্বৰত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ’ব LVM3 ৰকেট।

লগতে পঢ়ক: পুনৰ ইতিহাস ৰচিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই; উৎক্ষেপণৰ বাবে সাজু আটাইতকৈ গধুৰ উপগ্ৰহ

শেহতীয়া প্ৰৱন্ধসমূহ