ঈশ্বৰ পুত্ৰ ইচ্ছা পুৰণ; লুইতৰ বুকুত বিলীন জুবিন গাৰ্গৰ চিতাভষ্ম

লুইতৰ বুকুত বিলীন জুবিন গাৰ্গৰ চিতাভষ্ম ‘মই মৰিলে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবা…‘। সততে এই ইচ্ছা প্ৰকাশ কৰিছিল প্ৰিয় শিল্পী জুবিনে । অৱশেষত তেওঁৰ ইচ্ছা পূৰণ কৰিয়েই আজি মহাবাহুৰ বুকুত বিসৰ্জন দিয়া হয় প্ৰিয় শিল্পী জুবিন গাৰ্গৰ চিতাভষ্ম । বুধবাৰে পুৱাৰ ভাগত নীতি-নিয়ম অনুসৰি গুৱাহাটীৰ কাছমাৰী

লুইতৰ বুকুত বিলীন জুবিন গাৰ্গৰ চিতাভষ্ম

‘মই মৰিলে মোক  ব্ৰহ্মপুত্ৰত উটুৱাই দিবা…‘। সততে এই ইচ্ছা প্ৰকাশ কৰিছিল প্ৰিয় শিল্পী জুবিনে । অৱশেষত তেওঁৰ ইচ্ছা পূৰণ কৰিয়েই আজি মহাবাহুৰ বুকুত বিসৰ্জন দিয়া হয় প্ৰিয় শিল্পী জুবিন গাৰ্গৰ চিতাভষ্ম ।

বুধবাৰে পুৱাৰ ভাগত নীতি-নিয়ম অনুসৰি গুৱাহাটীৰ কাছমাৰী ঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়া হয় প্ৰাণৰ শিল্পীগৰাকীৰ চিতাভষ্ম । শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালবৰ্গই গুণমুগ্ধৰ উপস্থিতিত লুইতৰ বুকুত অশ্ৰুসিক্ত নয়েনেৰে বিসৰ্জন দিয়ে শিল্পীগৰাকীৰ চিতাভষ্ম ।

ইফালে যোৰহাটতো শিল্পীগৰাকীৰ চিতাভষ্ম বিসৰ্জন দিয়া হয় । প্ৰাণৰ শিল্পীগৰাকীৰ মুখাগ্নি কৰা অৰুণ গাৰ্গে যোৰহাটত ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়ে শিল্পীগৰাকীৰ চিতাভষ্ম ।

লগতে পঢ়ক : পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ শ্যামকানু-সিদ্ধাৰ্থসহ পাঁচ অভিযুক্ত