পুনৰ ইতিহাস ৰচিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই; উৎক্ষেপণৰ বাবে সাজু আটাইতকৈ গধুৰ উপগ্ৰহ

ইতিহাস ৰচিবলৈ সাজু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা পুনৰ ইতিহাস সৃষ্টিৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো । সংস্থাটোৱে ঘোষণা কৰিছে যে আগন্তুক সময়ত ভাৰতৰ এতিয়ালৈকে গধুৰ যোগাযোগ উপগ্ৰহ চি এম এছ ০৩ উৎক্ষেপণ কৰা হ’ব । এই উৎক্ষেপণ অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাত অৱস্থিত

ইতিহাস ৰচিবলৈ সাজু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা

পুনৰ ইতিহাস সৃষ্টিৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো । সংস্থাটোৱে ঘোষণা কৰিছে যে আগন্তুক সময়ত ভাৰতৰ এতিয়ালৈকে গধুৰ যোগাযোগ উপগ্ৰহ চি এম এছ ০৩ উৎক্ষেপণ কৰা হ’ব । এই উৎক্ষেপণ অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাত অৱস্থিত সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা হ’ব ।

চি এম এছ-০৩ উপগ্ৰহটোক এল ভি এম৩ ৰকেটৰ দ্বাৰা কক্ষপথত স্থাপন কৰা হ’ব । এয়া হ’ব এল ভি এম৩ৰ পঞ্চমটো কাৰ্যকৰী উৰণ । এই অভিযান মহাকাশৰ পৰা ভাৰতৰ ডিজিটেল সংযোগ শক্তিশালী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হৈছে ।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি চি এম এছ-০৩ৰ ওজন প্ৰায় ৪৪০০ কিলোগ্ৰাম, যাৰ ফলত ই ভাৰতত এতিয়ালৈকে উৎক্ষেপণ কৰা আটাইতকৈ গধুৰ যোগাযোগ উপগ্ৰহ বুলি বিবেচিত হৈছে । এই মাল্টি-বেণ্ড যোগাযোগ উপগ্ৰহটোৱে ভাৰতৰ মূল ভূখণ্ড আৰু ইয়াৰ আশে-পাশে থকা সাগৰীয় অঞ্চলসমূহলৈ সেৱা আগবঢ়াব । এই উপগ্ৰহৰ লক্ষ্য হৈছে উন্নত নেটৱৰ্ক কভাৰেজ, দ্ৰুত ইণ্টাৰনেট সংযোগ আৰু ডিজিটেল আন্তঃগাঁথনি শক্তিশালী কৰা ।

চি এম এছ-০৩ উপগ্ৰহ কাৰ্যক্ষম হ’লে দেশৰ অসামৰিক, কৌশলগত আৰু সামুদ্ৰিক ব্যৱহাৰকাৰী সকলোৱে উন্নত যোগাযোগ সেৱাৰ দ্বাৰা উপকৃত হ’ব । দুৰ্গম অঞ্চললৈ ভাৰতৰ ডিজিটেল প্ৰসাৰ সম্প্ৰসাৰণত এই অভিযানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । ইয়াৰ উপৰিও এল ভি এম৩ ৰকেটে পুনৰবাৰ মহাকাশলৈ গধুৰ উপগ্ৰহ সফলতাৰে নিক্ষেপ কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰিব ।

লগতে পঢ়ক : ৪ মিনিটৰ ভিতৰতে শত্ৰুক কৰিব ধ্বংস; শীঘ্ৰেই আৰম্ভ হ’ব ব্ৰহ্মছ-২ মিছাইলৰ কাম

শেহতীয়া প্ৰৱন্ধসমূহ