ভাৰতীয় সেনাৰ লেফটেনেণ্ট কৰ্ণেল হ’ল নীৰজ চোপ্ৰা

ভাৰতীয় সেনাৰ লেফটেনেণ্ট কৰ্ণেল হ’ল নীৰজ চোপ্ৰা দুবাৰৰ অলিম্পিক পদক বিজয়ী তথা ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাক ভাৰতীয় সেনাবাহিনীত লেফটেনেণ্ট কৰ্ণেল পদবী প্ৰদান কৰা হৈছে । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীয়ে নীৰজক এই উপাধি প্ৰদান কৰে । প্ৰতিৰক্ষা মন্ত্ৰী আৰু

ভাৰতীয় সেনাৰ লেফটেনেণ্ট কৰ্ণেল হ’ল নীৰজ চোপ্ৰা

দুবাৰৰ অলিম্পিক পদক বিজয়ী তথা ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাক ভাৰতীয় সেনাবাহিনীত লেফটেনেণ্ট কৰ্ণেল পদবী প্ৰদান কৰা হৈছে । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীয়ে নীৰজক এই উপাধি প্ৰদান কৰে । প্ৰতিৰক্ষা মন্ত্ৰী আৰু সেনা প্ৰধানৰ উপস্থিতিত নীৰজক লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় পদবী প্ৰদান কৰা হয় । এই অনুষ্ঠানত নীৰজক সেনাবাহিনীৰ পোছাক পৰিধান কৰা দেখা যায় ।

হাৰিয়ানাৰ পানীপাটৰ খণ্ডৰা গাঁৱৰ ২৭ বছৰীয়া জেভেলিন থ্ৰ’ৱাৰগৰাকীয়ে ২০২০ চনৰ টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰে । আনহাতে ২০২৪ চনৰ পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰে তেওঁ ।

নীৰজ চোপ্ৰাক এইবাৰ টেৰিটৰিয়েল আৰ্মীত লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় পদবী আগবঢ়োৱা হৈছিল । বুধবাৰে এক অনুষ্ঠানত নীৰজ চোপ্ৰাক এই উপাধি প্ৰদান কৰা হয় । ইয়াৰ পূৰ্বে নীৰজ ভাৰতীয় সেনাবাহিনীত চুবেদাৰ মেজৰ আছিল । নীৰজৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীকো ২০১১ চনত টেৰিটৰিয়েল আৰ্মীত লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় পদবী প্ৰদান কৰা হৈছিল ।

চলিত বৰ্ষৰ মে’ মাহত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈন্য পৰিক্ৰমা বিভাগে নীৰজক লেফটেনেণ্ট কৰ্ণেল পদবী প্ৰদান নিশ্চিত কৰি এক অধিসূচনা জাৰি কৰিছিল ।

লগতে পঢ়ক : প্ৰত্যাৱৰ্তন মেচত নচলিল ৰোহিত-কোহলীৰ যাদু; শুভমনেও কৰিলে হতাশ

শেহতীয়া প্ৰৱন্ধসমূহ