অঘটনৰ পৰা ৰক্ষাঃ হেলিপেডত সোমাই ধৰিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ হেলিকপ্টাৰৰ চকা

অঘটনৰ পৰা ৰক্ষা পৰিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ হেলিকপ্টাৰ বুধবাৰে অঘটনৰ পৰা ৰক্ষা পৰিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ । বৰ্তমান কেৰালা ভ্ৰমণত থকা ৰাষ্ট্ৰপতিগৰাকীৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ হেলিকপ্টাৰ অৱতৰণ কৰা পট্টনামত্থিট্টা প্ৰমদম ষ্টেডিয়ামৰ হেলিপেডত সোমাই পৰে । অৱশ্যে কোনো ডাঙৰ

অঘটনৰ পৰা ৰক্ষা পৰিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ হেলিকপ্টাৰ

বুধবাৰে অঘটনৰ পৰা ৰক্ষা পৰিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ । বৰ্তমান কেৰালা ভ্ৰমণত থকা ৰাষ্ট্ৰপতিগৰাকীৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ হেলিকপ্টাৰ অৱতৰণ কৰা পট্টনামত্থিট্টা প্ৰমদম ষ্টেডিয়ামৰ হেলিপেডত সোমাই পৰে । অৱশ্যে কোনো ডাঙৰ ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে । ঘটনাস্থলীত নিয়োজিত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে হেলিকপ্টাৰখন সোমাই যোৱা অংশটোৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় ।

দুৰ্ঘটনা সংঘটিত হোৱা হেলিপেডটো নতুনকৈ নিৰ্মাণ কৰা হৈছিল । হেলিকপ্টাৰখন অৱতৰণ কৰাৰ পিছতে এটা সৰু গাঁতৰ সৃষ্টি হয় । হেলিকপ্টাখনৰ অৱতৰণৰ বাবে শেষ মুহূৰ্তত ষ্টেডিয়ামখন বাছি লোৱা হৈছিল আৰু সেয়েহে, মঙলবাৰে গভীৰ নিশা তাত হেলিপেড নিৰ্মাণ কৰা হৈছিল । প্ৰথমে বিমানখন পাম্বাৰ ওচৰৰ নিলাক্কালত অৱতৰণ কৰাৰ পৰিকল্পনা আছিল যদিও বেয়া বতৰৰ বাবে এই ষ্টেডিয়ামখনত অৱতৰণ কৰাৰ সিদ্ধান্ত লোৱা হয় ।

নতুনকৈ নিৰ্মাণ কৰা হেলিপেডৰ কংক্ৰিট সম্পূৰ্ণৰূপে শুকোৱা নাছিল, গতিকে হেলিকপ্টাৰখন অৱতৰণ কৰাৰ সময়ত হেলিপেডে ওজন সহ্য কৰিব নোৱাৰে আৰু হেলিক্পটাৰখনৰ এটা চকা সোমাই যাই ।

উল্লেখ্য যে, ২১ অক্টোবৰত কেৰালাৰ তিৰুৱনন্তপুৰমত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ ।

লগতে পঢ়ক : মাজ আকাশতে এয়াৰ ইণ্ডিয়াৰ ডিব্ৰুগড় অভিমুখী যাত্ৰীবাহী বিমানত অঘটন