ইতিহাস ৰচি জাপানৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত ছানাই তাকাইচি; শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

জাপানৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ মঙলবাৰে জাপানৰ সংসদে অতি ৰক্ষণশীল ছানাই তাকাইচিক দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে । লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ হৈ ৬৪ বছৰীয়া তাকাইচিয়ে সংসদৰ নিম্ন সদনত ২৩৭টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী যোছিহিকো নোডাই ১৪৯টা ভোট লাভ কৰে

জাপানৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

মঙলবাৰে জাপানৰ সংসদে অতি ৰক্ষণশীল ছানাই তাকাইচিক দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে । লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ হৈ ৬৪ বছৰীয়া তাকাইচিয়ে সংসদৰ নিম্ন সদনত ২৩৭টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী যোছিহিকো নোডাই ১৪৯টা ভোট লাভ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই জয়ৰ বাবে তেওঁক অভিনন্দন জনোৱাৰ লগতে ভাৰত-জাপানৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ কথা উল্লেখ কৰে ।

ভাৰত-জাপান সম্পৰ্কৰ কথা ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে-

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছানাই তাকাইচিক প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনায় । ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰি তেওঁ কয়, “জাপানৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ বাবে আপোনাক আন্তৰিক অভিনন্দন । ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ বাবে আপোনালোকৰ সৈতে কাম কৰিবলৈ আগ্ৰহী । ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু স্থিতিশীলতাৰ বাবে আমাৰ শক্তিশালী সম্পৰ্ক অতি প্ৰয়োজনীয় ।”

কি ক’লে তাকাইচিয়ে ?

প্ৰধানমন্ত্ৰী হোৱাৰ পিছত প্ৰথম ভাষণত তাকাইচিয়ে কয় যে সকলো প্ৰজন্মই একেলগে কাম কৰিলেহে আমি জাপানক পুনৰ নিৰ্মাণ কৰিব পাৰিম । তেওঁ ব্যক্তিগতভাৱে কৰ্ম-জীৱনৰ ভাৰসাম্যৰ ওপৰত গুৰুত্ব নিদিয়ে বুলি জোৰ দিয়ে । তেওঁ জোৰ দিয়ে যে তেওঁ কেৱল কাম কৰিব । তেওঁ সকলোকে কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনাই কয় যে এই সময় দেশখন পুনৰ নিৰ্মাণৰ সময় ।

লগতে পঢ়ক : আই এন এছ বিক্ৰান্তত নৌসেনাৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰী মোদীৰ