বিজেপিয়ে চলাব ‘ময়ো জুবিন, আমিও জুবিন’ অভিযান
জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ন্যায়ৰ ক্ষেত্ৰত আপোচ কৰা নহ’ব। তাৰ বাবে পানী নসৰকাকৈ দিয়া হ’ব চাৰ্জশ্বীট।
ইয়াৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ২৩ অক্টোবৰৰ পৰা বিজেপিয়ে এক অভিযান চলাব।যাৰ নাম হ’ব ‘ময়ো জুবিন, আমিও জুবিন’। এই কেম্পেইনটো সম্পূৰ্ণ ইতিবাচক হ’ব।
প্ৰতিটো বিজেপিৰ বিধায়ক থকা সমষ্টিত নিৰ্মাণ হ’ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি।প্ৰতিটো সমষ্টিত জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ নামত এখনকৈ সংগীত বিদ্যালয় খোলা হ’ব।জুবিনৰ বাবে বিজেপিৰ সকলো সদস্যই ঘৰত এজোপিকৈ নাহৰ গছ ৰূপণ কৰিব লাগিব।
তেওঁ লগতে কয় যে, এই সকলোবোৰ বিজেপিৰ নেতৃত্বত হ’ব চৰকাৰৰ উদ্যোগত নহয়। জুবিনৰ আদৰ্শক আগত ৰাখি ১০টা প্ৰয়োজনীয় কাম কৰিব বিজেপিয়ে।
লগতে পঢ়ক: সেউজ সংকেতঃ ২০ অক্টোবৰত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল









