২০৪০ চনৰ ভিতৰত চন্দ্ৰলৈ মানুহ প্ৰেৰণ কৰিব ভাৰতে

২০৪০ চনৰ ভিতৰত চন্দ্ৰলৈ মানুহ প্ৰেৰণ কৰিব ভাৰতে; ISRO ৰ ডাঙৰ সিদ্ধান্ত

২০৪০ চনৰ ভিতৰত চন্দ্ৰলৈ মানুহ প্ৰেৰণ কৰিব ভাৰতে শেহতীয়াকৈ ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে ভাৰতৰ বৃহৎ মহাকাশ অভিযানে এটা আপডেট দিছে। জানিব পৰা মতে,ভি নাৰায়ণনে কৈছিল যে, ভাৰতৰ প্ৰথমটো মানৱবাহী মহাকাশ বিমান অভিযান,গগনযান ২০২৭ চনত মুকলিৰ বাবে সাজু হৈছে। ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে কয় যে দেশখনে

২০৪০ চনৰ ভিতৰত চন্দ্ৰলৈ মানুহ প্ৰেৰণ কৰিব ভাৰতে

শেহতীয়াকৈ ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে ভাৰতৰ বৃহৎ মহাকাশ অভিযানে এটা আপডেট দিছে। জানিব পৰা মতে,ভি নাৰায়ণনে কৈছিল যে, ভাৰতৰ প্ৰথমটো মানৱবাহী মহাকাশ বিমান অভিযান,গগনযান ২০২৭ চনত মুকলিৰ বাবে সাজু হৈছে।

ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে কয় যে দেশখনে ৯টা মহাকাশ শিতানত বিশ্বজুৰি প্ৰথম স্থান লাভ কৰিছে। ইছৰোৰ সাফল্যত চন্দ্ৰযান-১ অভিযানৰ জৰিয়তে চন্দ্ৰত পানী আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি চন্দ্ৰযান-৩ অভিযানৰ জৰিয়তে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত প্ৰথম কোমল লেণ্ডিংকে ধৰি অন্তৰ্ভূক্ত আছে।

ইছৰোৰ মুৰব্বীগৰাকীয়ে কয় যে এই সফলতাৰ ভিত্তিত প্ৰধানমন্ত্ৰী গৰাকীয়ে ২০৪০ চনৰ ভিতৰত ভাৰতৰ প্ৰথমটো মানৱবাহী চন্দ্ৰ অভিযানৰ অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে।

ইয়াৰ পিছত ইছৰ’ই আশা কৰিছে যে নাগৰিকক চন্দ্ৰলৈ লৈ গৈ তেওঁলোকক ঘূৰাই অনাৰ সামৰ্থ্য থাকিব।

ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে ইছৰোৰ অন্যান্য অভিযানৰ তথ্যও প্ৰদান কৰে। ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে কয় যে,ভাৰতৰ বৈজ্ঞানিক আৰু কৌশলগত অগ্ৰাধিকাৰৰ ভিত্তিত মহাকাশত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে সাজু হৈছে।

ইতিমধ্যে আদিত্য এল ১ মিছনে ১৫ টেৰাবাইটতকৈ অধিক সৌৰ তথ্য আহৰণ কৰিছে, যাৰ বাবে ক’ৰ’নেল মাছ ইজেকচন আৰু মহাকাশৰ বতৰৰ বিষয়ে গভীৰ তথ্য লাভ কৰা হৈছে।

মুখ্যগৰাকীয়ে কয় যে ইছৰোৱে ৮০ হাজাৰ কিলোগ্ৰাম পেলোডক পৃথিৱীৰ নিম্ন কক্ষপথলৈ তুলি লোৱাৰ ভৱিষ্যতৰ উচ্চাকাংক্ষা পূৰণ কৰিব লাগিব।

ইফালে ইছৰোৱে শেহতীয়াকৈ ভাৰতৰ অভিলাষী গগনয়ান মানৱ মহাকাশ উৰণ অভিযানৰ বাবে এক গুৰুত্বপূৰ্ণ পেৰাচুট পৰীক্ষাৰ ভিডিঅ’ মুকলি কৰিছে।

লগতে পঢ়ক: ইলন মাস্কৰ বৃহৎ সফলতা; স্পেচএক্স ষ্টাৰশ্বিপৰ সফল উৎক্ষেপণ